ETV Bharat / bharat

Pro Khalistani Protest : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক খালিস্তানিপন্থীৰ আক্ৰমণৰ ঘটনাক গৰিহণা ভাৰতৰ - PTI reporter phisically assulted by pro khalistani

ৱাশ্বিংটন ডিচিস্থিত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ । শনিবাৰে বিয়লি ললিত ঝা নামৰ সংবাদিকগৰাকীক ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানপন্থী প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰি থকা অৱস্থাতে খালিস্তানী সমৰ্থকসকলে শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে বিভিন্ন গালি-গালাজ পাৰে (Indian journalist attacked by pro Khalistanis) ।

Indian journalist attacked by pro Khalistanis
Pro Khalistani Protest
author img

By

Published : Mar 26, 2023, 1:47 PM IST

নেচনেল ডেস্ক, ২৬ মাৰ্চ : ৱাশ্বিংটন ডিচিস্থিত এজন ভাৰতীয় সাংবাদিকক শনিবাৰে বিয়লি খালিস্তানী সমৰ্থকে আক্ৰমণ কৰে । ইয়াৰ পিচতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় দূতাবাসে এক বিবৃতি প্ৰকাশ কৰি উক্ত ঘটনাৰ গৰিহণা দিয়ে (India condemns attack on Indian journalist in Washington) । "আমি এজন জ্যেষ্ঠ সাংবাদিকৰ ওপৰত এনে কঠোৰ আৰু অবাঞ্ছিত আক্ৰমণক গৰিহণা দিছোঁ । এনে ধৰণৰ কাৰ্যকলাপে কেৱল তথাকথিত 'খালিস্তানী প্ৰতিবাদকাৰী' আৰু তেওঁলোকৰ সমৰ্থকসকলৰ হিংসাত্মক আৰু অসামাজিক প্ৰৱণতাকহে সূচায়, যিসকলে নিয়মীয়াকৈ হিংসা আৰু তাণ্ডৱত লিপ্ত হয় (pro khalistani attacked indian journalist in Washington) ।" ভাৰতীয় দূতাবাসৰ বিবৃতিটোত এই কথা কোৱা হৈছে ।

উল্লেখ্য, ৱাশ্বিংটন ডিচিস্থিত ভাৰতীয় সাংবাদিক ললিত ঝাক শনিবাৰে বিয়লি ভাৰতীয় দূতাবাসৰ বাহিৰত খালিস্তানপন্থী প্ৰতিবাদৰ বাতৰি পৰিবেশন কৰি থকা অৱস্থাতে খালিস্তানী সমৰ্থকসকলে তেওঁক শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ লগতে মৌখিকভাৱে উৎপীড়ন চলায় । "আমি আজি ৱাশ্বিংটন ডিচিত তথাকথিত 'খালিস্তানী প্ৰতিবাদ'ৰ বাতৰি পৰিবেশনৰ সময়ত প্ৰেছ ট্ৰাষ্ট অব ইণ্ডিয়াৰ (PTI reporter phisically assulted by pro khalistani) এজন জ্যেষ্ঠ ভাৰতীয় সাংবাদিকক নিৰ্যাতন, ভাবুকি আৰু শাৰীৰিকভাৱে আক্ৰমণ কৰাৰ দৃশ্য দেখিছোঁ ।" আমেৰিকা যুক্তৰাষ্ট্ৰৰ ভাৰতীয় দূতাবাসে শনিবাৰে প্ৰকাশ কৰা এক প্ৰেছ বিজ্ঞপ্তিত এনেদৰে কয় ।

  • Thank you @SecretService 4 my protection 2day 4 helping do my job, otherwise I would have been writing this from hospital. The gentleman below hit my left ear with these 2 sticks & earlier I had to call 9/11 & rushed 2 police van 4 safety fearing physical assault👇. pic.twitter.com/IVcCeP5BPG

    — Lalit K Jha ललित के झा (@lalitkjha) March 25, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

বিবৃতিটোত লগতে কোৱা হৈছে, "আমি বুজি পাইছোঁ যে সাংবাদিকজনক প্ৰথমে মৌখিকভাৱে ভয় খুওৱা হৈছিল । তাৰ পিচত শাৰীৰিকভাৱে আক্ৰমণ কৰা হৈছিল আৰু তেওঁৰ ব্যক্তিগত সুৰক্ষা আৰু জীয়াই থকাৰ বাবে ভয় খাই সুৰক্ষা সংস্থাসমূহক মাতিবলগা হয় । তেওঁলোকেও ইয়াৰ তৎক্ষণাৎ সঁহাৰি দিয়ে ।" ভাৰতীয় দূতাবাসে তেওঁলোকৰ বিবৃতিত সুৰক্ষা সংস্থাসমূহকো বিষয়টোত তেওঁলোকৰ তৎক্ষণিক সঁহাৰিৰ বাবে ধন্যবাদ জনায় ।

উল্লেখ্য, ঝায়ে দেওবাৰে ইউএছ ছিক্ৰেট ছাৰ্ভিচক (US Secret Service) তেওঁক সুৰক্ষা দিয়া আৰু তেওঁৰ কাম কৰাত সহায় কৰাৰ বাবে ধন্যবাদ জনায় । তেওঁ কয় যে খালিস্তানী সমৰ্থকসকলে তেওঁক দুডাল লাঠিৰে তেওঁৰ বাওঁকাণত আঘাত কৰিছিল । তেওঁ নিজৰ টুইটাৰ হেণ্ডেলত খালিস্তানী সমৰ্থকৰ এটা ভিডিঅ' শ্বেয়াৰ কৰে । "আজি মোক মোৰ কৰ্তব্য সমাপনত সুৰক্ষা দিয়াৰ বাবে ধন্যবাদ @SecretService, অন্যথা মই চিকিৎসালয়ৰ পৰাহে এইখন লিখি থাকিবলগা হ'লহেঁতেন । তলৰ ভদ্ৰলোকজনে এই দুডাল লাঠিৰে মোৰ বাঁওকাণত আঘাত কৰিছিল । তাৰ আগতেই মই 9/11-ত ফোন কৰিবলগা হৈছিল আৰু দুখন আৰক্ষীৰ ভেন ততাতৈয়াকৈ আহি শাৰীৰিক আক্ৰমণৰ পৰা সুৰক্ষা দিছিল ।" ঝায়ে দেওবাৰে এনেদৰে টুইট কৰে ।

লগতে পঢ়ক: Pro Khalistani Supporters Attack Journalist : ৱাশ্বিংটনত ভাৰতীয় সাংবাদিকক আক্ৰমণ খালিস্তানী সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.