ETV Bharat / bharat

পাকিস্তানত বন্দী হৈ থকা 539 জন ভাৰতীয়ক মুকলি কৰি দিয়াৰ আহ্বান ভাৰত চৰকাৰৰ

author img

By

Published : Jul 1, 2022, 7:59 PM IST

ভাৰতে শুকুৰবাৰে পাকিস্তানক দেশখনত বন্দী হৈ থকা ৫৩৬ জন ভাৰতীয় মাছমৰীয়া আৰু তিনিজন অসামৰিক বন্দীক মুকলি কৰি দিবলৈ আহ্বান জনায় (Indian nationals imprisoned in Pakistan)৷ ২০০৮ চনৰ এখন চুক্তিৰ অধীনত প্ৰতি কেলেণ্ডাৰ বৰ্ষত ১ জানুৱাৰী আৰু ১ জুলাইত দুয়োখন দেশে অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকা আদান-প্ৰদান কৰাৰ প্ৰেক্ষাপটত ভাৰতে এই অনুৰোধ জনাইছে ।

নিৰুদ্দেশ হোৱা ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী
নিৰুদ্দেশ হোৱা ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী

নিউজ ডেস্ক, 1 জুলাই : পাকিস্তানত বন্দী হৈ থকা ৫৩৬ জন ভাৰতীয় মাছমৰীয়া আৰু তিনিজন অসামৰিক বন্দীক মুকলি কৰি দিবলৈ ভাৰতে শুকুৰবাৰে দেশখনক আহ্বান জনাইছে ৷ ইয়াৰ উপৰিও পাকিস্তানৰ জিম্মাত থকা আৰু ভাৰতীয় বুলি ধাৰণা কৰা ১০৫ জন মাছমৰীয়া আৰু ২০ জন অসামৰিক বন্দীক তাৎক্ষণিকভাৱে সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰিবলৈ পাকিস্তানক আহ্বান জনোৱা বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰণনালয়ে প্ৰকাশ কৰিছে (India calls on Pakistan to repatriate 536 fishermen)।

২০০৮ চনৰ এখন চুক্তিৰ অধীনত প্ৰতি কেলেণ্ডাৰ বৰ্ষত ১ জানুৱাৰী আৰু ১ জুলাইত দুয়োখন দেশে অসামৰিক বন্দী আৰু মাছমৰীয়াৰ তালিকা আদান-প্ৰদান কৰাৰ প্ৰেক্ষাপটত ভাৰতে এই অনুৰোধ জনাইছে । বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে জনোৱা মতে, ভাৰতৰ জিম্মাত থকা ৩০৯ জন পাকিস্তানী অসামৰিক বন্দী আৰু ৯৫ জন মাছমৰীয়াৰ তালিকা ভাৰতে পাকিস্তানক অৰ্পণ কৰে । একেদৰে পাকিস্তানে নিজৰ জিম্মাত থকা ৪৯ জন অসামৰিক বন্দী আৰু ৬৩৩ জন মাছমৰীয়াৰ তালিকা প্ৰকাশ কৰিছে, যিসকল ভাৰতীয় বা ভাৰতীয় বুলি অনুমান কৰা হৈছে (Demands to release 539 Indian nationals imprisoned in Pakistan)।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ এক বিবৃতিত কোৱা হৈছে যে, চৰকাৰে পাকিস্তানৰ জিম্মাত থকা অসামৰিক বন্দী, নিৰুদ্দেশ হোৱা ভাৰতীয় প্ৰতিৰক্ষা কৰ্মী, তেওঁলোকৰ নাৱৰ সৈতে মাছমৰীয়াসকলক আগতীয়াকৈ মুকলি কৰি দেশলৈ ঘূৰাই পঠোৱাৰ আহ্বান জনাইছে । ইয়াত কোৱা হৈছে যে, এই প্ৰেক্ষাপটত পাকিস্তানক ৫৩৬ জন ভাৰতীয় মাছমৰীয়া আৰু তিনিজন ভাৰতীয় অসামৰিক বন্দীক ভাৰতলৈ মুকলি কৰি ক্ষীপ্ৰতাৰে প্ৰত্যাৱৰ্তন কৰিবলৈ কোৱা হৈছিল(Indian nationals imprisoned in Pakistan) ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ে কয় যে, ভাৰতে অগ্ৰাধিকাৰৰ ভিত্তিত ইখনে সিখনৰ দেশৰ বন্দী আৰু মাছমৰীয়াৰ সৈতে জড়িত সকলো মানৱীয় বিষয়ৰ সমাধানৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে । ভাৰতে পাকিস্তানক ইয়াৰ শেষত মাছমৰীয়াকে ধৰি ৫৭ জন পাকিস্তানী বন্দীৰ জাতীয় মৰ্যাদা নিশ্চিত কৰাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ক্ষীপ্ৰ কৰিবলৈও আহ্বান জনাইছে ৷ যাৰ জাতীয়তা নিশ্চিতকৰণৰ অভাৱত তেওঁলোকৰ প্ৰত্যাৱৰ্তন এতিয়াও হোৱা নাই । মন্ত্ৰণালয়ে কয় যে, ক’ভিড-১৯ মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তানক সকলো ভাৰতীয় তথা ভাৰতীয় বুলি বিশ্বাস কৰা অসামৰিক বন্দী আৰু মাছমৰীয়াৰ সুৰক্ষা, নিৰাপত্তা আৰু কল্যাণ সুনিশ্চিত কৰিবলৈ অনুৰোধ জনোৱা হৈছে ।

লগতে পঢ়ক : এইবাৰ হিমন্ত বিশ্ব শৰ্মায়ো মানহানি গোচৰ তৰিলে মনীষ ছিছ’দিয়াৰ বিৰুদ্ধে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.