নিউজ ডেস্ক, ১১ অক্টোবৰ : শনিবাৰে ইজৰাইলৰ ওপৰত হামাছৰ অতৰ্কিত আক্ৰমণৰ পিছত যুদ্ধ পৰিস্থিতিৰ সৃষ্টি হয় । ইয়াৰ পিছত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইজৰাইলী প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক কয় যে ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক গৰিহণা দিয়ে । লগতে চৌদি আৰবে পেলেষ্টাইনী জনসাধাৰণক তেওঁলোকৰ বৈধ অধিকাৰৰ পৰা বঞ্চনাৰ কথা উল্লেখ কৰি সংযম ৰক্ষাৰ আহ্বান জনায় । কিন্তু বৰ্তমানৰ এই সংঘৰ্ষই নতুন দিল্লী আৰু আৰব বিশ্বৰ মাজৰ সম্পৰ্কত কোনো প্ৰভাৱ পেলাব নেকি তাক লৈ জল্পনা-কল্পনা চলি আছে ।
মঙলবাৰে এক টেলিফোনিক বাৰ্তালাপৰ সময়ত নেতান্যাহুৱে শনিবাৰে গাজাৰ পৰা হামাছে কৰা আকস্মিক আক্ৰমণৰ পিছত ইজৰাইলৰ পৰিস্থিতিৰ বিষয়ে মোদীক অৱগত কৰায় । উল্লেখ্য যে ইয়াৰ পৰৱৰ্তী সময়ত দুয়োপক্ষৰে ১,৬০০-ৰো অধিক লোক নিহত হয় ।
বাৰ্তালাপৰ পিছত মোদীয়ে এক্সত পোষ্ট কৰে, "মই প্ৰধানমন্ত্ৰী নেতান্যাহুক তেওঁৰ ফোন কলৰ বাবে আৰু বৰ্তমানৰ পৰিস্থিতিৰ বিষয়ে এক সবিশেষ জনোৱাৰ বাবে ধন্যবাদ জনাইছোঁ । এই কঠিন সময়ত ভাৰতৰ জনসাধাৰণ ইজৰাইলৰ সৈতে দৃঢ়তাৰে থিয় দিছে । ভাৰতে সকলো ধৰণৰ সন্ত্ৰাসবাদক তীব্ৰ আৰু দ্ব্যর্থহীনভাৱে গৰিহণা দিয়ে ।"
-
#SaudiArabia crown prince visit: Strengthening of India-Saudi Arabia ties on agenda; what's more in spotlighthttps://t.co/M4Y8i1KqN3
— ETV Bharat (@ETVBharatEng) September 11, 2023 " class="align-text-top noRightClick twitterSection" data="
">#SaudiArabia crown prince visit: Strengthening of India-Saudi Arabia ties on agenda; what's more in spotlighthttps://t.co/M4Y8i1KqN3
— ETV Bharat (@ETVBharatEng) September 11, 2023#SaudiArabia crown prince visit: Strengthening of India-Saudi Arabia ties on agenda; what's more in spotlighthttps://t.co/M4Y8i1KqN3
— ETV Bharat (@ETVBharatEng) September 11, 2023
ইফালে ভাৰতৰ সহযোগী চৌদি আৰবে দুয়োপক্ষৰ মাজত সংঘৰ্ষ বৃদ্ধি হোৱাটো তৎক্ষণাৎ বন্ধ কৰিবলৈ আহ্বান জনাই কয় যে পেলেষ্টাইনী জনসাধাৰণে তেওঁলোকৰ বৈধ অধিকাৰ ৰক্ষা কৰাৰ বাবে এই পৰিস্থিতিৰ সন্মুখীন হৈছে ।
চৌদি আৰবৰ বৈদেশিক মন্ত্ৰালয়ে এক বিবৃতিত কয়, "দেশখনে দুয়োপক্ষৰ মাজত উত্তেজনা বৃদ্ধি তৎক্ষণাৎ বন্ধ কৰিবলৈ আৰু অসামৰিক লোকৰ সুৰক্ষা আৰু সংযম ৰক্ষা কৰিবলৈ আহ্বান জনাইছে ।" "দখল অব্যাহত ৰখা, পেলেষ্টাইনী জনসাধাৰণক তেওঁলোকৰ বৈধ অধিকাৰৰ পৰা বঞ্চিত কৰা আৰু ইয়াৰ পৱিত্ৰতাৰ বিৰুদ্ধে প্ৰণালীবদ্ধ উচটনিৰ পুনৰাবৃত্তিৰ ফলস্বৰূপে পৰিস্থিতিৰ অধিক অৱনতিৰ বিপদ সম্পৰ্কে দেশখনে বাৰে বাৰে সতৰ্কবাণী দিয়াৰ কথা মনত পেলাইছে । দেশখনে আন্তৰ্জাতিক সম্প্ৰদায়ক ইয়াৰ দায়িত্ব গ্ৰহণ কৰিবলৈ আৰু এক বিশ্বাসযোগ্য শান্তি প্ৰক্ৰিয়া সক্ৰিয় কৰিবলৈ আহ্বান জনাইছে, যাৰ ফলত অঞ্চলটোত নিৰাপত্তা আৰু শান্তি অৰ্জন আৰু অসামৰিক লোকসকলক সুৰক্ষা দিয়াৰ বাবে দ্বিপাক্ষিক সমাধান হ'ব ।"
সেয়ে এইটোৱে ইয়াকে দেখুৱায় নেকি যে ভাৰত আৰু চৌদি আৰবৰ এই সংঘৰ্ষৰ ওপৰত ভিন্ন দৃষ্টিভংগী আছে ? বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ পশ্চিম এছিয়া ডেস্কত সেৱা আগবঢ়োৱা ইৰাক আৰু জৰ্ডানৰ প্ৰাক্তন ভাৰতীয় ৰাষ্ট্ৰদূত আৰ দয়াকাৰে ইটিভি ভাৰতক কয়, "চাওক, চৌদি আৰবে পেলেষ্টাইন সমস্যাৰ বিৰুদ্ধে যাব নোৱাৰে । এইটো চৌদি বৈদেশিক নীতিৰ বাবে অতি মৌলিক ।"
দয়াকাৰে এই কথা আঙুলিয়াই দিয়ে যে চৌদি বিবৃতিত বিশেষভাৱে হামাছৰ কথা উল্লেখ কৰা হোৱা নাই । তাৰ বিপৰীতে কিন্তু কেৱল পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰৰ কথা কোৱা হৈছে । একেদৰে যদি কোনোবাই উল্লেখ কৰে যে মোদীৰ বিবৃতিয়ে সন্ত্ৰাসবাদকহে গৰিহণা দিয়ে, কিন্তু বিশেষভাৱে পেলেষ্টাইনীসকলৰ নাম নলয় । এই ক্ষেত্ৰত দয়াকাৰে কয়, "প্ৰধানমন্ত্ৰী মোদীৰ বক্তব্য আক্ৰমণৰ পিছত ইজৰাইলে ভোগ কৰা ধ্বংসৰ পৰিপ্ৰেক্ষিতৰ পৰা চোৱা উচিত । দুই ৰাষ্ট্ৰৰ সূত্ৰক সমৰ্থন কৰাৰ ভাৰতৰ মৌলিক নীতি সলনি নহ'ব ।"
উল্লেখ্য যে এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে প্ৰথমবাৰৰ বাবে ২০১৮ চনত পশ্চিম তীৰৰ ৰামাল্লা ভ্ৰমণৰ সময়ত মোদীয়ে এখন স্বাধীন পেলেষ্টাইন ৰাষ্ট্ৰৰ প্ৰতি সমৰ্থন জনাইছিল । পূৰ্বৰ বছৰত মোদীয়ে একেধৰণৰ ইজৰাইল ভ্ৰমণ কৰিছিল, যিটো আছিল এগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰীৰ দ্বাৰা দেশখনৰ প্ৰথম ভ্ৰমণ । দয়াকাৰে ব্যাখ্যা কৰে যে বৰ্তমানৰ সংঘৰ্ষৰ ওপৰত নতুন দিল্লী বা ৰিয়াধকে ধৰি আৰব ৰাষ্ট্ৰৰ ৰাজধানীসমূহে যিকোনো বিবৃতি জাৰি কৰিলেও দুয়োপক্ষৰ মাজৰ সম্পৰ্ক প্ৰভাৱিত নহ'ব ।
তেওঁ কয়, "ভাৰতৰ উল্লিখিত বৈদেশিক নীতি হৈছে যে এখন দেশৰ সৈতে ইয়াৰ দ্বিপাক্ষিক সম্পৰ্ক তৃতীয় দেশৰ সৈতে ইয়াৰ সম্পৰ্কৰ পৰা স্বতন্ত্ৰ ।" ইফালে চৌদি আৰবে বৰ্তমানৰ সংঘৰ্ষক লৈ ইছলামিক সহযোগিতা সংগঠনৰ (অ'আইচি) এখন বৈঠক আহ্বান কৰিছে । "চৌদিসকলে হামাছৰ হৈ নহয়, পেলেষ্টাইনীসকলৰ হৈ থিয় দিছে । চৌদি আৰবে বৈঠকখন হামাছৰ বাবে নহয়, পেলেষ্টাইনৰ প্ৰতি অ'আইচি সমৰ্থন সংগ্ৰহ কৰিবলৈ আহ্বান জনাইছে ।" দয়াকাৰে কয় ।
লগতে পঢ়ক :Biden condemns Hamas : হামাছৰ পৈশাচিক উল্লাসক তীব্ৰ গৰিহণা বাইডেনৰ; বন্দীসকলক লৈ উদ্বেগ প্ৰকাশ