যেতিয়াই আমি কিবা এটা লঘু আৰু স্বাস্থ্যকৰ খাদ্য খোৱাৰ কথা ভাবো, তেতিয়াই চালাডৰ বিকল্প বাছি লোৱাটোৱেই উত্তম । এইটোৱেই হৈছে নিখুঁত খাদ্য, যিটো আমি সৰ্বকালৰ খাদ্যৰ অংশ হিচাপে বজাই ৰাখিব পাৰো(Egg Salad Recipe) । চালাডৰ নামত প্ৰতিবাৰেই বিলাহী আৰু তিয়ঁহ খোৱাটো পুৰণি হৈ পৰিছে । যিকোনো ধৰণৰ চালাডত কিছুমান ভিন্ন বস্তু মিহলাই দিলে ইয়াক অধিক সোৱাদযুক্ত আৰু স্বাস্থ্যকৰ কৰি তুলিব পাৰি । ইয়াত আমি আপোনালোকক কিছুমান প্ৰটিন সমৃদ্ধ কণীৰ চালাডৰ ৰেচিপিৰ বিষয়ে ক’ম, যিয়ে বহুতো স্বাস্থ্য উপকাৰীতা প্ৰদান কৰে আৰু ইয়াৰ সোৱাদ বেলেগ ।
- কণী বিলাহী চালাড
ইয়াৰ বাবে ৪টা মিহিকৈ কটা বিলাহী, ২টা মিহিকৈ কটা পিঁয়াজ, ৩টা নহৰু, ৪টা সিজোৱা কণী, এচামুচ ক’লা নিমখ, এচামুচ ক’লা জলকীয়াৰ গুড়ি আৰু এচামুচ অলিভ অইল লওক । এই সকলোবোৰ সামগ্ৰী এটা বাটিত দি তাত নিমখ, জালুক আৰু তেল মিহলাই লওক । আপোনাৰ এগ টমেটো চালাড ৰেডি। এই চালাডৰ দ্বাৰা শৰীৰত আঁহৰ অভাৱ দূৰ হ’ব আৰু পেট সুস্থ হৈ থাকিব ।
- আলুৰ কণীৰ চালাড
১ কেজি আলু, ৩৫০ গ্ৰাম সিজোৱা কণী, ২৫০ গ্ৰাম মেয়নেজ, ২০ গ্ৰাম নিমখ, ১০ গ্ৰাম জালুক, ২০ গ্ৰাম সেউজীয়া ধনীয়া, ২০ গ্ৰাম সেউজীয়া পিয়াঁজ লওক । প্ৰথমে আলু উতলাই তাৰ বাকলি আঁতৰাই পেলাওক । এতিয়া সিজোৱা কণীখিনি মিহিকৈ কাটি তাত কটা ধনীয়া আৰু সেউজীয়া পিয়াঁজ মিহলাই লওক । বাটিটোত এই সকলোবোৰ উপাদান দি ভালদৰে মিহলাই লওক । আপোনাৰ আলুৰ কণীৰ চালাডৰ ৰেচিপি প্ৰস্তুত ।
- সেউজীয়া বীনৰ সৈতে কণীৰ চালাড
ইয়াৰ বাবে প্ৰায় ৬৫০ গ্ৰাম গ্ৰীণ বিন, ২ চামুচ অলিভ অইল, ২ চামুচ মাখন, একাপ বগা ব্ৰেডক্ৰাম, এটা কণী আৰু নিমখৰ প্ৰয়োজন হ’ব । বনাবলৈ ডাঙৰ কেৰাহীত নিমখ দি পানী সিজাই লওক । এতিয়া তাত বীন দি কিছু সময় ৰান্ধিব । এতিয়া বীনখিনি কাষলৈ উলিয়াই অলপ শুকান হ’লে বাটিটোত দিব । এতিয়া আকৌ কেৰাহীত তেল লৈ ব্ৰেডক্ৰাম খিনি ভাজিব । ইয়াৰ বাবে ধনীয়া, কণী আদি কেৰাহীত দিব । পোৰা হ’লে বীনৰ সৈতে বাটিটোত থৈ ভালদৰে মিহলাই লওক ।
লগতে পঢ়ক: Shower before sleeping: শোৱাৰ পূৰ্বে গা ধোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নে অপকাৰী ?