ETV Bharat / bharat

তিনি বছৰত 15000 বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত

author img

By

Published : Apr 26, 2022, 10:30 PM IST

প্ৰায় 15,000 বাল্য বিবাহৰ ঘটনা যোৱা তিনি বছৰত সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ জনজাতীয় অঞ্চল সমূহত ৷ ইয়াৰ পিছতে বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ নীতি প্ৰৱৰ্তনৰ নিৰ্দেশ আদালতৰ (Strong rule against child marriage) ৷

In  last three years 15000 child marriages registered in Maharashtra
তিনি বছৰত 15000 বাল্যবিবাহৰ ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰত

নেচনেল ডেস্ক, 26 এপ্ৰিল : যোৱা তিনি বছৰত, মহাৰাষ্ট্ৰত 15,000 বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে ৷ ৰাজ্যখনৰ জনজাতীয় অঞ্চলত এইদৰে প্ৰায় 15,000 বাল্য বিবাহৰ ঘটনা সংঘটিত হৈছে (child marriages registered in Maharashtra) ৷ এই সন্দৰ্ভত ৰাজ্যখনৰ চৰকাৰে আদালতক তথ্য দাখিল কৰিছে । চৰকাৰে পুষ্টিহীনতা আৰু শিশুৰ মৃত্যুৰ ঘটনাৰ বাবে বাল্য বিবাহেই মুখ্য কাৰণ হিচাপে অভিহিত কৰিছে । আদালতে এই পৰিসংখ্যাবোৰক আচৰিত আখ্যা দি বাল্য বিবাহৰ বিৰুদ্ধে কঠোৰ নীতি প্ৰৱৰ্তনৰ (Strong rule against child marriage) নিৰ্দেশ দিছে ।

ৰাজ্যখনৰ মেলঘাট আৰু অন্যান্য প্ৰান্তীয় জনজাতীয় অঞ্চল সমূহত শিশুসকলৰ মাজত পুষ্টিহীনতাৰ ফলত দৈনিক হোৱা মৃত্যুৰ সংখ্যা যথেষ্ট উদ্বেগজনক । এই সন্দৰ্ভত ৰাজেন্দ্ৰ বাৰ্মা, বান্দু ছানি আদি সমাজকৰ্মীসকলে ইতিমধ্যে বিভিন্ন পিআইএল দাখিল কৰিছে । এই সকলো আবেদন সোমবাৰে মুখ্য ন্যায়াধীশ দীপংকৰ দত্ত আৰু ন্যায়াধীশ বীৰেন্দ্ৰ সিং বিষ্ট'ৰ সন্মুখত শুনানি হৈছিল । আদালতে গঠন কৰা তিনিজনীয়া সমিতিয়ে বাল্য বিবাহৰ উচ্চ হাৰৰ সৈতে 16 খন জনজাতীয় জিলাত জৰীপ কৰিছিল ।

যোৱা তিনি বছৰত, 15,000 ৰো অধিক বাল্য বিবাহ সম্পন্ন হৈছে । বিচাৰপীঠৰ সন্মুখত স্বীকাৰ কৰা হৈছিল যে ৰাজ্য চৰকাৰে ১০ শতাংশ বা ১,৫৪১ বাল্য বিবাহ প্ৰতিৰোধ (prevention of child marriage) কৰাত সফল হৈছে।

এই বিষয়ে উদ্বেগ প্ৰকাশ কৰি আদালতে এই সকলো জনজাতীয় লোকৰ সামাজিক উত্তৰণ সম্ভাৱনীয়তাৰ উপৰত প্ৰশ্ন কৰে ৷ তেওঁলোকক পৰামৰ্শ দিবলৈও নিৰ্দেশ দিছিল। এডভোকেট জেনেৰেল কুম্বাকনীয়ে আজিলৈকে ৰাজ্য চৰকাৰৰ সমিতিয়ে কৰা কামৰ বিষয়ে অৱগত কৰিছিল। ইফালে, শিশু অধিকাৰ আয়োগৰ অধ্যক্ষপদ দুবছৰৰ বাবে খালী ৰখাৰ বাবে আদালতে ৰাজ্য চৰকাৰক সমালোচনা কৰে ।

লগতে পঢ়ক : কইনাৰ পক্ষই বৰযাত্ৰীক লাড়ুৰ যোগান ধৰিব নোৱাৰাৰ বাবেই মণ্ডপ ত্যাগ দৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.