ETV Bharat / bharat

Summer Diet Tips: গ্ৰীষ্মকালত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ পৰিহাৰ কৰক এইসমূহ খাদ্য

author img

By

Published : Mar 17, 2023, 7:44 PM IST

গৰমত খাদ্য শীঘ্ৰে হজম নহয় । বাহিৰত খাদ্য খোৱা, তেলীয়া-মচলাযুক্ত খাদ্য খোৱাটো ক্ষতিকাৰক হ’ব পাৰে । জানি লওক, গৰমৰ দিনত কোনবোৰ খাদ্য পৰিহাৰ কৰা উচিত ।

If you want to stay healthy in summer do not eat these foods even by mistake
গ্ৰীষ্মকালত বিভিন্ন ৰোগৰ পৰা বাচি থাকিবলৈ পৰিহাৰ কৰক এইসমূহ খাদ্য

গৰমৰ দিনত সূৰ্যৰ পোহৰ আৰু ঘাম ওলোৱাৰ বাবে শৰীৰত পানীৰ অভাৱ হ’বলৈ ধৰে । ইয়াৰ ফলত আপুনি ক্লান্তি, দুৰ্বলতা আৰু অস্থিৰতা আদি লক্ষণ অনুভৱ কৰিব পাৰে ।গ্ৰীষ্মকালত টোপনি নোহোৱা, ভোক নলগা আদি সমস্যাও সাধাৰণতে দেখা যায় । বিশেষজ্ঞসকলৰ মতে, এই বতৰত সঠিকভাৱে খাদ্য গ্ৰহণ কৰিলে এই লক্ষণসমূহৰ পৰা আঁতৰি থাকিব পাৰি । কিন্তু কিছুমান এনে খাদ্য আছে যিসমূহ গ্ৰহণ কৰিলে গ্ৰীষ্মকালত শৰীৰত পানীৰ অভাৱ হ'ব পাৰে ৷ জানো আহক এই গ্ৰীষ্মকালত আমি কোনো খাদ্য পৰিহাৰ কৰা উচিত ৷

গ্ৰীষ্মকালত চাহ কফি পৰিহাৰ কৰক

বহু লোকে গৰমৰ দিনতো অফিচত বহি অবিৰতভাৱে চাৰি-পাঁচ কাপ চাহ-কফি খোৱা দেখা যায় । এনে কৰিলে শৰীৰত তাপ উৎপন্ন হয় । ইয়াত থকা কেফেইন আৰু চেনিৰ ফলত শৰীৰত পানীৰ অভাৱ হয়(Summer Diet Tips)। যদি আপুনি গ্ৰীষ্মকালত সুস্থ হৈ থাকিব বিচাৰে তেন্তে চাহ-কফিৰ পৰা দূৰত্ব বজাই ৰাখক(What should not eat in summer?) ।

শুকান-ফল গ্রীষ্মকালত খোৱাৰ পৰা বিৰত থাকক

শুকান ফল স্বাস্থ্যৰ পক্ষে অতি উপকাৰী তথা পুষ্টিকৰ, কিন্তু গৰমৰ দিনত শুকান ফল কমকৈ খোৱা উচিত । বিশেষকৈ খেজুৰ আদি ই শৰীৰক আৰু অধিক গৰম কৰি তোলে যাৰ ফলত শৰীৰত তাপৰ সৃষ্টি হয় । এইসমূহ সেৱন কৰিলে আপুনি বহু সমস্যাৰ সন্মুখীন হ’ব পাৰে(What should be the diet in summer)।

জাংক ফুড গ্রীষ্মকালত খোৱাৰ পৰা বিৰত থাকক

জাংক ফুড আমাৰ স্বাস্থ্যৰ বাবে অবিশ্বাস্যভাৱে ক্ষতিকাৰক । এই খাদ্যসমূহে গ্ৰীষ্মকালত আপোনাৰ শৰীৰক আৰু অধিক গৰম কৰি তোলে যাৰ ফলত শৰীৰত পানীৰ অভাৱ হয় ৷

আমিষ খাদ্য গ্রীষ্মকালত খোৱাৰ পৰা বিৰত থাকক

মাংস অতিমাত্ৰা সেৱন কৰাটোও গ্রীষ্মকালত স্বাস্থ্যৰ পক্ষে উপকাৰী নহয় । যদি আপুনি মাছ, ৰঙা মাংস, তন্দুৰী চিকেন বা সাগৰীয় খাদ্য খাবলৈ ভাল পায়, তেন্তে গ্রীষ্মকালৰ সময়ত মাহত এবাৰ বা দুবাৰহে খালে ভাল হ’ব । ইয়াৰ ফলত পাচন শক্তিৰ কোনো ক্ষতি নহয় । ডায়েৰিয়াৰ পৰা হাত সাৰিব পাৰি । আমিষ খাদ্যই শৰীৰত তাপ উৎপন্ন কৰে, যিটো গ্ৰীষ্মকালত খোৱাটো উচিত নহয় ।

নিমখ

প্ৰয়োজনতকৈ অধিক নিমখে শৰীৰত Water Retention, ব্ল'টিং আৰু ডিহাইড্ৰেচনৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে(Foods to avoid in summer in Assamese) ৷

লগতে পঢ়ক: H3N2 surge in India: নিজকে সুৰক্ষিত তথা সক্ৰিয় কৰি ৰাখিবলৈ কেইটিমান স্বাস্থ্য টিপছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.