ETV Bharat / bharat

CM Himanta: ৰাজস্থানৰ পৰিৱৰ্তে অসমত শিৰচ্ছেদ হোৱা হ’লে ৫ মিনিটত আন এটা ব্ৰেকিং নিউজ আহিলহেঁতেন; হিমন্ত বিশ্ব শৰ্মা - ৰাজস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

পৰিৱৰ্তন সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ বৃহস্পতিবাৰে ৰাজস্থানত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ তেওঁ ৰাহুল গান্ধী আৰু অশোক গেহলটৰ দৰে লোকৰ বাবে ৰাজ্যখনত শিৰচ্ছেদৰ দৰে ঘটনা সংঘটিত হৈছে বুলি মন্তব্য কৰে । তেওঁ লগতে ৰাজস্থানৰ নিৰ্বাচনী খৰচ পূৰণ আৰু পকেট ভৰোৱাৰ বাবে বিনামূলীয়াকৈ অন্নপূৰ্ণা পেকেট আৰু মোবাইল ফোন বিতৰণ কৰা হৈছে বুলি উল্লেখ কৰে ।

BJP Leader Himanta Biswa Sarma
ৰাজস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 10:25 PM IST

ৰাজস্থানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ: "ৰাজস্থানত শিৰচ্ছেদৰ ঘটনা সংঘটিত হৈছে ৷ কানহাইয়া লালক হত্যা কৰা হৈছে । যদি অসমত এনেকুৱা হ’লহেঁতেন তেন্তে ৫ মিনিটৰ ভিতৰতে আন এটা ব্ৰেকিং নিউজ আহিলহেঁতেন, য’ত বাবৰৰ আত্মীয়ৰ মাজত শিৰ শৰীৰ পৰা পৃথক হ’লহেঁতেন । তাতেই হিচাপ নিষ্পত্তি কৰিম ৷" পৰিৱৰ্তন সংকল্প যাত্ৰাত অংশগ্ৰহণ কৰিবলৈ ৰাজস্থানত উপস্থিত হোৱা পাচত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যখনৰ সাংবাদিকৰ আগত এই মন্তব্য কৰে ৷ মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, ৰাজস্থান বীৰৰ দেশ ৷ মুখ্যমন্ত্ৰী অশোক গেহলটে বীৰৰ দৰে উত্তৰ দিব লাগিছিল ৷ কিন্তু ৰাহুল গান্ধী আৰু অশোক গেহলটৰ দৰে লোকৰ বাবে ইয়াত শিৰচ্ছেদৰ দৰে ঘটনা সংঘটিত হৈছে ।

মুখ্যমন্ত্ৰী শৰ্মাই ৰাজ্যখনত নিৰ্বাচনৰ খৰচ পূৰণৰ বাবে বিনামূলীয়া মোবাইল আৰু ৰেচন বিতৰণ কৰা হৈছে বুলি মন্তব্য কৰে ৷ তেওঁ ২২ বছৰ কংগ্ৰেছত থকাৰ কথা ব্যক্ত কৰি কংগ্ৰেছৰ প্ৰতিটো কৰ্ম-কাণ্ডৰ প্ৰতি সচেতন বুলি মন্তব্য কৰে ৷ তেওঁ কয় যে, কংগ্ৰেছে কেৱল ৰাজস্থানৰ নিৰ্বাচনী খৰচ পূৰণৰ বাবে আৰু পকেট ভৰোৱাৰ বাবে বিনামূলীয়াকৈ অন্নপূৰ্ণা পেকেট আৰু মোবাইল ফোন বিতৰণ কৰিছে । বিতৰণ কৰিবলগীয়া হ’লে চৰকাৰ গঠন হোৱাৰ পিচতহে বিতৰণ কৰিব লাগিছিল । বিগত ৩ মাহৰ পৰা কিয় বিতৰণ কৰা হৈছে ?

ইফালে, ৰাজ্যখনত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আহিলে এই আঁচনি বন্ধ কৰি দিয়া হ’ব নেকি বুলি সোধা প্ৰশ্নোত্তৰত তেওঁ কয়, "মই শুনিছো ইয়াত অনুন্নত মানৰ খাদ্য সামগ্ৰী দিয়া হৈছে ৷ ৰাজস্থানৰ বিজেপি চৰকাৰে ভাল মানদণ্ডৰ খাদ্য সামগ্ৰী বিতৰণ কৰিব । তেওঁ লগতে কয় যে ৰাজস্থানৰ জনসাধাৰণৰ পৰা পেট্ৰ’ল, ডিজেল আৰু বিদ্যুতৰ দামত অধিক ধন সংগ্ৰহ কৰিহে তেওঁলোকক পুনৰ বিতৰণ কৰা হৈছে । অশোক গেহলটে অনতিপলমে পেট্ৰ’ল, ডিজেল আৰু বিদ্যুতৰ মূল্য হ্ৰাস কৰিব লাগে ।

CM Himanta Biswa Sarma in Rajasthan

তেওঁ আৰু কয় যে ৰাজস্থানত মুদ্ৰাস্ফীতিৰ হাৰ সৰ্বাধিক । আৰ বি আইৰ আগষ্টৰ পৰিসংখ্যা চালে দেশৰ মুদ্ৰাস্ফীতিৰ হাৰ ৬.৫ আৰু অসমৰ মুদ্ৰাস্ফীতিৰ হাৰ ৪ । আনহাতে ৰাজস্থানত এই হাৰ ৮ শতাংশতকৈও অধিক । ইয়াত পেট্ৰ’ল, ডিজেল আৰু বিদ্যুতৰ দাম বেছি । কৃষকক বিনামূলীয়াকৈ বিদ্যুৎ বিতৰণৰ প্ৰতিশ্ৰুতি দিয়া হৈছিল কিন্তু বিদ্যুৎ পৰিবাহী তাঁৰত নাহে বিদ্যুৎ ।

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয় যে, কৰ’ণাৰ সময়ত বিনামূলীয়া খাদ্য সামগ্ৰীৰ অধিক প্ৰয়োজন আছিল কিন্তু সেই সময়ৰ পৰিৱৰ্তে এতিয়া বিনামূলীয়াকৈ বিতৰণ কৰা হৈছে । এইয়া আচলতে নিৰ্বাচনী অংকহে, দুখীয়াৰ কল্যাণৰ বাবে নহয় । মুখ্যমন্ত্ৰী অশোক গেহলট ১৫ বছৰ মুখ্যমন্ত্ৰী হৈ থকাৰ পিচতো ৰাজস্থানৰ ৰাইজৰ মাজত কিয় সামগ্ৰী বিতৰণ কৰিবলগীয়া হৈছে ? এই সময়তটো কোটি কোটি মানুহ দৰিদ্ৰ সীমাৰেখাৰ পৰা মধ্যবিত্ত হ’ব লাগিছিল । ৰাহুল গান্ধীয়ে ১০ বাৰ গণনা কৰি ১০ দিনত ৰাজস্থানৰ জনসাধাৰণক ঋণ ৰেহাই দিয়াৰ কথা কৈছিল যদিও সেয়া নহ’ল । এনে পৰিস্থিতিত ৰাজস্থানলৈ অহাৰ আগতে ৰাহুল গান্ধীয়ে গংগাত গা ধুব লাগিব, কাৰণ তেওঁ এনেকৈ মিছা কথা ক’লে মানুহে তেওঁক বিশ্বাস নকৰিব ।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোটাৰ মহাৰৌ উম্মেদ সিং ষ্টেডিয়ামত পৰিৱৰ্তন সংকল্প যাত্ৰাৰ সামৰণি সভাত ভাষণ দি হেলিকপ্টাৰেৰে যোধপুৰলৈ ৰাওনা হয় ।

লগতে পঢ়ক : Atmanirbharshil Asom Abhiyan: আপুনি কেনেকৈ লাভ কৰিব মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম অভিযান আঁচনিৰ সুবিধা ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.