ETV Bharat / bharat

Karnataka Political updates: ডি কে শিৱকুমাৰৰ জন্মদিনৰ উপহাৰ হ’ব নেকি মুখ্যমন্ত্ৰীৰ পদ ? - Karnataka Political updates

আজি কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ মুৰব্বী ডি কে শিৱকুমাৰৰ জন্মদিন ৷ সমৰ্থকসকলে তেওঁৰ বাসগৃহৰ বাহিৰত সমবেত হৈ তেওঁক শুভেচ্ছা জনায় (Karnataka New CM)। শিৱকুমাৰক দিল্লী ভ্ৰমণৰ বিষয়ে সোধাত উত্তৰত তেওঁ কি ক’লে জানিবলৈ পঢ়ক সম্পূৰ্ণ খবৰ...

Karnataka Political updates
Karnataka Politics
author img

By

Published : May 15, 2023, 11:39 AM IST

নিউজ ডেস্ক, 15 মে’: সোমবাৰে কৰ্ণাটক প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডি কে শিৱকুমাৰৰ 61 সংখ্যক জন্মদিন । নেতাগৰাকীক ওপজা দিনত শুভেচ্ছা জনোৱাৰ উদ্দেশ্যে ইতিমধ্যে তেওঁৰ বাসগৃহৰ বাহিৰত যথেষ্ট সংখ্যক সমৰ্থকৰ সমাগম ঘটা দেখা গৈছে ৷ কৰ্ণাটকৰ মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ ডি কে শিৱকুমাৰক অভিনন্দন জনাবলৈ কেইবাজনো কংগ্ৰেছ সমৰ্থকে হাতত কেক লৈ ঘণ্টাৰ পিচত ঘণ্টা অপেক্ষা কৰা দেখা যায় (D K Shivakumar birthday) ।

শিৱকুমাৰে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠকৰ বাবে বেংগালুৰুৰ শ্বাগ্ৰী-লা হোটেললৈ যাবলৈ ওলোৱাৰ লগে লগে সমৰ্থকে ঘেৰি ধৰি ফুলৰ মালা পিন্ধাই জন্মদিনৰ শুভেচ্ছা জনায় । সেই মুহূৰ্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰক দিল্লী ভ্ৰমণৰ বিষয়ে সোধা হয় ৷ তেওঁ কয় যে, “দিল্লীলৈ যাম নে নাযাওঁ সেই বিষয়ে এতিয়াও সিদ্ধান্ত লোৱা নাই ।” (Karnataka New CM)

  • #WATCH | Bengaluru: Karnataka Congress president DK Shivakumar meets his supporters who have gathered at his residence to wish him on his birthday today pic.twitter.com/6DKdXo62qQ

    — ANI (@ANI) May 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

দক্ষিণৰ ৰাজ্যখনত কংগ্ৰেছৰ আকৰ্ষণীয় বিজয়ৰ পিছত এতিয়া জনসাধাৰণৰ দৃষ্টি ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পদৰ ওপৰত আবদ্ধ হৈ আছে ৷ মুখ্যমন্ত্ৰীৰ বাবে উচ্চাৰিত হৈ থকা দুটা নাম হৈছে কেপিচিচিৰ সভাপতি ডি কে শিৱকুমাৰ আৰু দলটোৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্দাৰমাইয়া । কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ কৰ্ণাটকৰ প্ৰভাৰী ৰণদীপ সিং সূৰজেৱালাই দেওবাৰে মাজ নিশা কয় যে, দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গেক নেতা বাচনিৰ বাবে বিশেষ সময় নালাগিব আৰু অতি সোনকালে তেওঁ কৰ্ণাটকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিব (KPCC Chief DK Shivakumar)।

কৰ্ণাটকৰ বেংগালুৰুত মাজ নিশা কংগ্ৰেছৰ নৱনিৰ্বাচিত বিধায়কৰ বৈঠকৰ অন্তত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সূৰজেৱালাই কয়, "দলীয় নেতৃত্বই সিদ্ধান্ত ল'ব । খাৰ্গে চাহাবৰ সিদ্ধান্তৰ বিপৰীতে মই মোৰ সিদ্ধান্ত সলনি কৰিব নোৱাৰো । তেওঁ আমাৰ জ্যেষ্ঠ নেতা আৰু মই নিশ্চিত যে মুখ্যমন্ত্ৰীৰ নাম ল’বলৈ তেওঁৰ বেছি সময় নালাগিব ।”(Karnataka Political updates)

সিদ্দাৰমাইয়া বা ডি কে শিৱকুমাৰৰ জন্মদিনত কিবা উপহাৰৰ পৰিকল্পনা কৰা হৈছে নেকি বুলি সোধা প্ৰশ্নত সূৰজেৱালাই কয় যে, "মই সাধাৰণ সম্পাদক হিচাপে সেই আলোচনাৰ পক্ষ নহয় ৷ মই এজন সাধাৰণ কংগ্ৰেছ কৰ্মী, যিয়ে বিধায়িনী দলৰ সৈতে থিয় দিছোঁ । আমি বিধায়িনী দলৰ সৈতে একেলগে বহি কৰ্ণাটকৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰিছিলো ৷ যিটো আমাৰ বাবে অধিক গুৰুত্বপূৰ্ণ । আমি ডি কে শিৱকুমাৰৰ জন্মদিনো উদযাপন কৰিলোঁ ।" (Karnataka political news)

লগতে পঢ়ক: Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.