ETV Bharat / bharat

কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক

author img

By

Published : Dec 14, 2020, 9:49 AM IST

নতুন কৃষি আইনৰ বিৰুদ্ধে অপ্ৰতিৰোধ্য কৃষকৰ বিদ্ৰোহ ৷ নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে সোমবাৰে এদিনীয়া অনশন পালন কৃষক নেতাৰ ৷ কৃষকৰ এই বিদ্ৰোহৰ প্ৰতি সমৰ্থন দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ৷ কৃষকৰ বিদ্ৰোহক মাওবাদী, বাওঁপন্থী আৰু ৰাষ্ট্ৰদ্ৰোহী শক্তিয়ে হাইজেক কৰাৰ অভিযোগ বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ ৷

hunger strike by farmer leaders on monday
কৃষক বিদ্ৰোহৰ 19 দিন , এইবাৰ অনশনত কৃষক

নেচনেল ডেস্ক, 14 ডিচেম্বৰ: নতুন কৃষি আইন প্ৰত্যাহাৰৰ দাবীৰে কৃষকসকলে আৰম্ভ কৰা কৃষক বিদ্ৰোহৰ অংশ হিচাপে কৃষি ইউনিয়ানৰ নেতাসকলে এদিনীয়া অনশন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কৃষি ইউনিয়নৰ নেতাসকলে জনাইছে যে সোমবাৰে তেওঁলোকে এদিনীয়া অনশন পালন কৰিব আৰু প্ৰত্যেক জিলাৰে মুখ্য কাৰ্যালয়সমূহত নতুন কৃষি আইন বাতিলৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰিব ৷ দিল্লী-জয়পুৰৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰাৰ উদ্দেশ্যে বিদ্ৰোহী কৃষকৰ এটা বৃহৎ দল দিল্লীৰ দিশে আগুৱাই গৈ থকাৰ পথতে হাৰিয়ানা-ৰাজস্থান সীমাত আৰক্ষীয়ে তেওঁলোকক বাধা প্ৰদান কৰিছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: কৃষক সকলৰ পক্ষত বটবৃক্ষ হৈ থিয় দিয়া কোন এই চৌধুৰী মহেন্দ্ৰ সিং টিকেইত ?

কেন্দ্ৰীয় চৰকাৰক অহংকাৰ ত্যাগ কৰি আইন খন প্ৰত্যাহাৰ কৰাৰ বাবে আহ্বান জনাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে কৃষকসকলৰ এই বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই তেওঁ নিজেও এদিনীয়া অনশন পালন কৰিব ৷ বিগত 18 দিনৰ পৰা চলি থকা অৱৰোধ কাৰ্যসূচীত অংশ লোৱাৰ বাবে পঞ্জাৱ আৰু অন্য ৰাজ্যৰ পৰা কৃষকসকল আহি সিংঘু আৰু টিকৰি সীমাত আহি উপস্থিত হোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় মন্ত্ৰী কৈলাীশ চৌধুৰীয়ে কয় যে চৰকাৰে সোনকালেই পৰৱৰ্তী বৈঠকৰ বাবে এটা দিন নিৰ্ধাৰণ কৰিব ৷ এইবাৰৰ বৈঠকত সমস্যা সমূহ সমাধান হ'ব বুলিও কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে আশা প্ৰকাশ কৰে ৷

সিংঘু সীমাত এক সংবাদমেল সম্বোধন কৰি কৃষক নেতা গুৰনাম সিঙে কয় যে নেতা সকলে সোমবাৰে পুৱা 8 বজাৰ পৰা আবেলি পাঁচ বজালৈ তেওঁলোকৰ নিজ নিজ ঠাইত অনশন পালন কৰিব ৷ প্ৰতিবাদ পূৰ্বৰ দৰেই বাহাল থাকিব বুলি সাংবাদিকক জানিবলৈ দি তেওঁ লগতে কয় যে দেশৰ প্ৰত্যেক জিলা মুখ্য কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শন কৰা হ'ব ৷

লগতে পঢ়ক:কৃষি মন্ত্ৰীৰ নেতৃত্বত গৃহমন্ত্ৰীক সাক্ষাৎ মন্ত্ৰীমণ্ডলৰ

জানিব পৰা মতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙ আৰু নৰেন্দ্ৰ টোমৰৰ সৈতে নিশা এক বৈঠকত মিলিত হোৱাৰ পাছতেই প্ৰতিবাদকাৰী কৃষকৰ এটা দলে নইদা-দিল্লী সংযোগী পথৰ পাৰ কৃষকৰ বাহন এৰি গুচি গৈছে ৷ অৱশ্যে কৃষকৰ বাহন এৰি গুচি যোৱা এইসকল কৃষকৰ বিৰুদ্ধে চৰকাৰৰ সৈতে বুজাবুজি কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ এইসকল কৃষকৰ বিৰুদ্ধে চৰকাৰৰ সৈতে মিলিত হৈ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰি গুৰনাম সিঙে কয় যে , "এনে বহুকেইটা দল আছে যিসকলে এই নতুন কৃষি আইনৰ প্ৰতি সমৰ্থন জনাই আমাৰ প্ৰতিবাদ ধ্বংস কৰাৰ চেষ্টা কৰিছে ৷ আমি এই কথা স্পষ্ট কৰি দিব খুজিছো যে শেইসকল কৃষক আমাৰ সৈতে জড়িত নহয় ৷ তেওঁলোকক চৰকাৰৰ সৈতে মিলিত হৈ এই প্ৰতিবাদ নিঃশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে ৷ চৰকাৰে কৃষকৰ এই বিদ্ৰোহ উফৰাই পথোৱাৰ বাবে ষড়যন্ত্ৰত লিপ্ত হৈছে ৷"

লগতে পঢ়ক:কৃষক বিদ্ৰোহত বিচ্ছিন্নতাবাদী উপাদান থকা বুলি কৰা মন্তব্যক সমালোচনা পি চিদাম্বৰমৰ

কৃষকসকলে অনাগত দিনত এই বিদ্ৰোহ অধিক তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰাৰ লগে লগে বহুকেইগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়ে এই বিদ্ৰোহ মাওবাদী আৰু বাওঁপন্থীসকলৰ লগতে ৰাষ্ট্ৰ-বিৰোধী শক্তিৰ দ্বাৰা হাইজেক হৈছে বুলি অভিযোগ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে এই অভিযোগ বিদ্ৰোহক নেতৃত্ব দিয়া কেন্দ্ৰীয় নেতা সকলে পোনচাটেই নাকচ কৰিছে ৷ কেন্দ্ৰীয় মন্ত্ৰী সকলে উক্ত অভিযোগ কৰাৰ লগে লগে এক ৰাজনৈতিক সংঘৰ্ষৰো উৎপত্তি লৈছে ৷ চৰকাৰক আক্ৰমণ কৰি দেওবাৰে এনচিপিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক তেওঁৰ কেন্দ্ৰীয় মন্ত্ৰী সকলে কৰা অভিযোগৰ স্পষ্টীকৰণ দিয়াৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক:কৃষকৰ সুৰক্ষাৰ বাবে কৃষি আইন সংশোধন কৰা হৈছে : নৰেন্দ্ৰ সিং টোমৰ

বিদ্ৰোহী কৃষক সকলৰ সৈতে পিছৰলানি বৈঠক অনুষ্ঠিত কৰাৰ সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কৈছে যে অতি সোনকালেই পাছৰ লানি বৈঠক অনুষ্ঠিত হ'ব কিন্তু এই সন্দৰ্ভত এতিয়ালৈকে নিৰ্দিষ্ট তাৰিখ ঠিক কৰা হোৱা নাই ৷ তেওঁ কয় যে এই বিদ্ৰোহ শেষ কৰাৰ বাবে চৰকাৰে সোনকালেই সমাধান বিচাৰি উলিয়াব ৷ দেওবাৰে পঞ্জাৱৰ বিজেপি নেতাসকলৰ সৈতে কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিঙ টোমৰ আৰু কেন্দ্ৰীয় মন্ত্ৰী সোম প্ৰকাশে গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে ৷

এতিয়ালৈকে এই সমস্যা সমাধানৰ বাবে পাঁচ লানিকৈ বৈঠক অনুষ্ঠিত হৈছে যদিও বিফল হৈছে আৰু ষষ্ঠ খন বৈঠত 9 ডিচেম্বৰত বাতিল কৰা হয় ৷ নৰেন্দ্ৰ সিঙ টোমৰ আৰু সোম প্ৰকাশে পিয়ুষ গোৱেলৰ সৈতে চৰকাৰৰ হৈ বিদ্ৰোহী কৃষকৰ সৈতে আলোচনা আগবঢ়াই নিছে ৷ শেহতীয়াকৈ টোমৰে বিৰোধী দল সমূহৰ বিৰুদ্ধে এই নতুন কৃষি আইনৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ উত্থাপন কৰি কয় যে এই আইনে খুউব কম দিনৰ বাবে কিছু সমস্যৰ সৃষ্টি কৰিব পাৰে কিন্তু অনাগত দিনসমূহত কৃষকৰ বাবে এি আইন যথেষ্ট লাভজনক হিচাপে বিবেচিত হ'ব ৷ তেওঁ কয় যে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে এই আইনৰ বাবে বহুবাৰ চেষ্টা কৰিও বিফল হৈছিল ৷ কিন্তু এতিয়া যেতিয়া এই আইন বলবৎ হৈছে সকলোৱে অপপ্ৰচাৰ কৰিছে ৷

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে উচ্চতম ন্যায়ালয়ত আবেদন কৃষক ইউনিয়নৰ

মূলতঃ পঞ্জাৱ আৰু হাৰিয়ানাৰ লগতে দেশৰ হাজাৰ হাজাৰ কৃষকে দিল্লীৰ সীমাত অৱস্থাত কৰি চৰকাৰৰ তিনি নতুন কৃষি আইন ক্ৰমে Farmers' Produce Trade and Commerce (Promotion and Facilitation) Act, 2020, the Farmers (Empowerment and Protection) Agreement on Price Assurance and Farm Services Act, 2020 and the Essential Commodities (Amendment) Act, 2020 ৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ৷

এই আইনে নূন্যতম সহায়ক মূল্য ব্যৱস্থাক ভাঙি কৃষকসকলক পুঁজিপতিৰ দয়াৰ ওপৰত নিৰ্ভৰশীল কৰি তুলিব বুলি কৃষকসকলে নিৰন্তৰভাৱে এই আইন প্ৰত্যাহাৰৰ দাবী জনাই অহাৰ পৰিৱৰ্তে এই আইনে কৃষি-ক্ষেত্ৰত নতুন প্ৰযুক্তিৰ সংযোজন ঘটাই কৃষকসকলৰ বাবে অধিক ভাল সা-সুবিধা আনিব বুলি চৰকাৰেও নিজৰ মততে অটল হৈ আছে ৷

লগতে পঢ়ক: অমিত শ্বাহ-কৃষকৰ বৈঠকত অসফলতা : অব্যাহত থাকিব প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.