ETV Bharat / bharat

Weight Loss: খোজকাঢ়ি ওজন কমাব বিচাৰে নেকি ? জানক এদিনত কিমান খোজ কাঢ়িব লাগে

খোজ কঢ়াটো এটা ডাঙৰ ব্যায়াম বুলি গণ্য কৰা হয়, বেছিভাগ স্বাস্থ্য বিশেষজ্ঞই তেনে কৰাৰ পৰামৰ্শ দিয়ে, কিন্তু দিনটোত কিমান কিলোমিটাৰ খোজ কাঢ়িব লাগে সেয়াও জনাটো খুবেই প্ৰয়োজনীয় ।

How many steps you should do a day if weight loss or better body composition is your goal
খোজ কাঢ়ি ওজন কমাব বিচাৰে নেকি ? জানক এদিনত কিমান খোজ কাঢ়িব লাগে
author img

By

Published : May 5, 2023, 2:03 PM IST

আমি আমাৰ বৰ্ধিত ওজন কমোৱাৰ বাবে বহু পদ্ধতি অৱলম্বন কৰো, খোজ কঢ়াটো তাৰ ভিতৰত অন্যতম । সুস্থ আৰু ফিট হৈ থাকিবলৈ এইয়া এক উত্তম উপায় । দৈনিক খোজ কঢ়াই আমাৰ শৰীৰক বহু দিশত উপকাৰ কৰে । বিশেষকৈ পেট আৰু কঁকালৰ চৰ্বি কমোৱাত ই বহুত সহায় কৰে (Walking)। পুৱা সাৰ পোৱাৰ পিছত আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত সঘনাই খোজ কঢ়াটো ভাল । কিন্তু আমাৰ মনত এই প্ৰশ্নটো প্ৰায়ে উত্থাপন হয় যে পেটটো সমতল পাবলৈ দিনটোত কিমান খোজ কাঢ়িব লাগিব (Walking Benefits)। এই বিষয়ে বিতংভাৱে জানো আহক...

ওজন কমাবলৈ খোজ কঢ়াটো উপকাৰী

দৈনিক খোজ কাঢ়িলে ওজন কমাবলৈ সহজ হৈ পৰে আৰু লগতে পেটৰ চৰ্বি কমোৱাতো সহায় কৰে । যদি আপুনি ভাল ফলাফল বিচাৰে তেন্তে স্বাভাৱিক খোজ কঢ়াৰ পৰিৱৰ্তে দ্ৰুতগতিত খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক । যিসকল লোকে অফিচত ৮ৰ পৰা ১০ ঘণ্টা বহি কাম কৰে, সেইসকল লোকৰ ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ আৰু হাৰ্ট এটেকৰ আশংকা বেছি । শাৰীৰিক ক্ৰিয়া-কলাপ কম হোৱাৰ বাবে উচ্চ কলেষ্টেৰল আৰু মেদবহুলতা বৃদ্ধি হোৱাটো নিশ্চিত । সেইবাবেই শৰীৰৰ গতি বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগিব ।

অধ্যয়নত প্ৰকাশ পাইছে

কানাডাত কৰা এক গৱেষণাৰ মতে, যিসকল মহিলাই সাড়ে ৩ মাহ ধৰি দৈনিক প্ৰায় এঘণ্টা খোজ কাঢ়িলে আৰু খাদ্যৰ পৰিৱৰ্তন নকৰাকৈয়ে পেটৰ চৰ্বি ২০ শতাংশ হ্ৰাস কৰিব পাৰে । সেইবাবেই আপুনি যিমান পাৰে খোজ কাঢ়িবলৈ চেষ্টা কৰে, কাৰণ বহু সময় বহি থাকিলে শৰীৰৰ বহু ক্ষতি হয় ।

দিনটোত কিমান খোজ কাঢ়িব লাগে ?

খোজ কঢ়াটো অন্যতম উত্তম ব্যায়াম, যদি আপুনি বিচাৰে যে মেদবহুলতা বৃদ্ধি নহয় আৰু আপোনাৰ হৃদযন্ত্ৰজনিত ৰোগৰ আশংকাও নাথাকে, তেন্তে ইয়াৰ বাবে আপুনি কমেও ১০,০০০ খোজ খোজ কাঢ়িব লাগে, যদি আপুনি দৈনিক ইমান কষ্ট কৰে, তেন্তে আপোনাৰ স্বাস্থ্যই হ’ব ইয়াৰ বহুতো আচৰিত উপকাৰ হ'ব, ইয়াৰ প্ৰভাৱ কেইসপ্তাহমানৰ পিছত দেখা যাব ।

খোজ কঢ়াৰ অন্যান্য উপকাৰিতা

খোজ কঢ়াই আপোনাৰ হজম শক্তি আৰু বিপাকীয় ক্ৰিয়া সুস্থ কৰি ৰাখে, ই আপোনাৰ শৰীৰ সক্ৰিয় কৰি ৰাখে যাৰ বাবে জঠৰতাৰ কোনো সমস্যা নাই, ইয়াৰ উপৰিও ই আমাৰ মানসিক স্বাস্থ্যও উন্নত কৰে, গতিকে দৈনিক খোজ কঢ়াৰ অভ্যাস গঢ়ি তোলক ।

লগতে পঢ়ক: Warning Sign Of Kidney Problem: এই পাঁচটা লক্ষণ হ’ব পাৰে বৃক্ক বিকল হোৱাৰ আগজাননী !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.