ETV Bharat / bharat

Communal harmony: দুৰ্দশাগ্ৰস্ত মুছলমান পৰিয়ালক আশ্ৰয় হিন্দু দম্পতীৰ - Communal harmony

সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন ৷ মুছলমান পৰিয়ালক নিজ ঘৰত আশ্ৰয় প্ৰদান কৰি চৰ্চাত হিন্দু দম্পতী(Hindu couple providing shelter to four distressed Muslim families )

Etv Bharatসাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন
Etv BharatCommunal harmony
author img

By

Published : Aug 7, 2022, 7:55 AM IST

নেশ্যনেল ডেস্ক,7 আগষ্ট: মাণ্ডিয়া চহৰৰ চাৰিটা দুৰ্দশাগ্ৰস্ত মুছলমান পৰিয়ালক স্বগৃহত আশ্ৰয় প্ৰদান কৰি সাম্প্ৰদায়িক সম্প্ৰীতিৰ নিদৰ্শন তুলি ধৰিছে এক হিন্দু দম্পতীয়ে(Communal harmony ) ৷

জিলাখনত ধাৰাসাৰ বৰষুণ দি থকাৰ ফলত দুৰ্বিষহ হৈ পৰিছে সৰ্বসাধাৰণৰ জীৱন ৷ ধাৰাষাৰ বৰষুণে সৃষ্টি কৰা বানৰ ফলত সা-সম্পত্তি পৰ্যন্ত হেৰুৱাবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে জিলাবাসীৰ । নেৰানেপেৰাকৈ দি থকা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত গৃহহীন হৈ পৰা মহানগৰীখনৰ বিড়ি শ্ৰমিক কলনীৰ চাৰিটাকৈ ইছলাম ধৰ্মাৱলম্বী পৰিয়ালক আশ্ৰয় দিছে মহানুভৱী দম্পতী আশা আৰু সিদ্দাৰামুৱে । গৃহহীন হৈ পৰা জিলাখনৰ মুছলমান পৰিয়ালবোৰক তেওঁলোকৰ স্বগৃহত আশ্ৰয় দিয়াৰ সমান্তৰালকৈ পাৰ্যমানে যত্ন লৈছে(Hindu couple providing shelter to four distressed Muslim families ) ।

উক্ত ক'লনীটোত এহেজাৰৰো অধিক পৰিয়াল আছে, ইয়াৰে অধিকাংশই মুছলমান সম্প্ৰদায়ৰ । বৰষুণৰ পানীৰ সমান্তৰালকৈ ভিচি খালৰ পানীও সোমোৱাৰ ফলত সমগ্ৰ এলেকাটো কৃত্ৰিম বানত বুৰ যোৱা পৰিলক্ষিত হৈছে । আশ্ৰয় প্ৰকল্পৰ অধীনত কৃষক দম্পতী আশা-সিদ্দাৰামুৱে নিৰ্মাণ কৰা নতুন ঘৰটো ওখ এলেকাত অৱস্থিত বাবেই পানী সোমাব পৰা নাই ।

কৃষক দম্পতীৰ সমান্তৰালকৈ তেওঁলোকৰ পুত্ৰ চেতন গৌড়াই দৈনিক মুছলমান শিশুসকলৰ বাবে কেনৰ পৰা গাখীৰ, ঔষধ আৰু বিশুদ্ধ খোৱাপানী লৈ আহিছে ৷

কিন্তু চাৰিওফালৰ ঘৰবোৰত পানী সোমোৱাৰ সময়তে এই দম্পতীয়ে খাদ্য, শস্য আৰু কাপোৰৰ অভাৱত কষ্টত ভুগি থকা চাৰিটা পৰিয়ালৰ মহিলা আৰু সন্তানক নিজৰ ঘৰত ৰাখি মানৱতাৰ দাঙি ধৰিছে ৷

লগতে পঢ়ক: সম্প্ৰীতিৰ সুন্দৰ নিদৰ্শন : শিৱসাগৰৰ দেৱী দৌল আৰু দৌল্লা পৰিয়ালৰ পৰম্পৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.