ETV Bharat / bharat

উত্তৰাখণ্ডত পৰাস্ত প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱট - লালকুয়ান বিধানসভা সমষ্টি

উত্তৰাখণ্ড লালকুয়ান সমষ্টিৰ পৰা পৰাস্ত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱট(Harish Rawat lost from Lalkuan assembly) । সমষ্টিটোৰ পৰা 14,000 তকৈও অধিক ভোটত পৰাজিত হয় কংগ্ৰেছ নেতাগৰাকী ৷

Harish Rawat lost from Lalkuan assembly seat in uttarakhand election 2022
উত্তৰাখণ্ডত পৰাস্ত প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱট
author img

By

Published : Mar 10, 2022, 1:33 PM IST

Updated : Mar 10, 2022, 2:27 PM IST

নিউজ ডেস্ক, 10 মাৰ্চ : উত্তৰাখণ্ডৰ প্ৰবীণ কংগ্ৰেছ নেতা তথা ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱটে উত্তৰাখণ্ড বিধানসভা নিৰ্বাচন 2022 (Uttarakhand Election Result 2022)ত নিজৰ সন্মান বচাবলৈ সক্ষম ন’হল । হৰিশ ৰাৱটে নৈনিতাল জিলাৰ লালকুয়ান বিধানসভা সমষ্টিৰ পৰা পৰাজিত হয়(Harish Rawat lost from Lalkuan assembly) । উল্লেখ্য যে, ১৪ ফেব্ৰুৱাৰীত ৰাজ্যখনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনৰ পাছত হৰিশ ৰাৱটে নিজকে মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল ।

কংগ্ৰেছ নেতাগৰাকী সমষ্টিটোৰ পৰা 14,000 তকৈও অধিক ভোটত পৰাজিত হয় ৷ সমষ্টিটোত হৰিশ ৰাৱটৰ মূল প্ৰতিদ্বন্দী আছিল বিজেপি প্ৰাৰ্থী ড৹ মোহন সিং বিষ্ট । ইয়াৰ পূৰ্বে 2017 চনৰ বিধানসভা নিৰ্বাচনত হৰিশ ৰাৱট মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত দুটা সমষ্টিৰ পৰা পৰাজিত হৈছিল । তেওঁ উৰ্দ্ধম সিং নগৰৰ কিচ্চা বিধানসভা আৰু হৰিদ্বাৰ জিলাৰ গ্ৰাম্য আসনৰ পৰা প্ৰতিদ্বন্দিতা কৰিছিল । কিন্তু দুয়োখন আসনতে মুখ ঠেকেচা খায় জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা সেইসময়ৰ মুখ্যমন্ত্ৰী হৰিশ ৰাৱট ।

মন কৰিবলগীয়া যে, এইবাৰো কংগ্ৰেছ হাইকমাণ্ডে তেওঁক নৈনিতাল জিলাৰ ৰামনগৰ বিধানসভা সমষ্টিৰ পৰা টিকট দিছিল । কিন্তু ৰামনগৰত ইয়াকে লৈ বিৰ্তকৰ সূত্ৰপাত হোৱাত হাইকমাণ্ডে তেওঁক ৰামনগৰৰ পৰিৱৰ্তে লালকুয়ানৰ(Lalkuan assembly seat) পৰা টিকট দিয়ে আৰু তাত তেওঁ পৰাজিত হয় । হৰিশ ৰাৱটে প্ৰায় আঢ়ৈ বছৰ উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হৈ আছিল । ইয়াৰ পূৰ্বে, তেওঁ কেন্দ্ৰৰ মনমোহন সিং চৰকাৰৰ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীও আছিল ।

তেওঁ হৰিদ্বাৰৰ এজন সাংসদো আছিল । ইয়াৰ স্বত্ত্বেও, হৰিশ ৰাৱটে 2017 আৰু 2022 চনৰ বিধানসভা নিৰ্বাচনত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ২০১৯ ৰ লোকসভা নিৰ্বাচনতো হৰিশ ৰাৱটে নৈনিতাল-উৰ্দ্ধম সিং নগৰ আসনত বিজেপিৰ অজয় ভাটৰ হাতত পৰাজিত হৈছিল ।

লগতে পঢ়ক : Uttarakhand Election Result 2022: ষ্ট্ৰং ৰূমৰ চিচিটিভি কেমেৰা বন্ধ কৰাৰ অভিযোগ

Last Updated : Mar 10, 2022, 2:27 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.