নেচনেল ডেস্ক,28 ফেব্ৰুৱাৰী: গুজৰাট চৰকাৰে শুকুৰবাৰে 'গুজৰাট বাজেট' নামৰ এটি ম’বাইল এপ্লিকেচন আৰম্ভ কৰে ৷ উপ মুখ্যমন্ত্ৰী নীতিন পেটেলে এই ম'বাইল এপ্লিকেচনটো মুকলি কৰে ৷ মূলতঃ চৰকাৰী বিষয়া, বিধায়ক তথা অন্যান্য নাগৰিকসকলে যাতে ম'বাইলৰ জৰিয়তে বাজেটৰ ব্যৱস্থাৰ বিষয়ে অৱগত হ'ব পাৰে সেই উদ্দেশ্যে এই ম'বাইল এপ্লিকেচনটো আৰম্ভ কৰা হৈছে ৷
এই ম’বাইল এপ্লিকেচনটোত পাঁচটা পৃথক শাখা থাকিব ৷ এই শাখাসমূহত বাজেট আৱণ্টন, বাজেটৰ হাই লাইট, বিত্ত মন্ত্ৰীৰ ভাষণ, বাজেটৰ গুৰুত্বপূৰ্ণ দিশ আৰু বাজেট সন্দৰ্ভত সংবাদ মাধ্যমে সামৰি লোৱা বাতৰিসমূহ থাকিব বুলি পেটেলে জানিবলৈ দিয়ে ৷
গুজৰাট বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন 1 মাৰ্চৰ পৰা আৰম্ভ হ'ব আৰু 2021-22 বিত্তীয় বৰ্ষৰ বাজেট 3 মাৰ্চত উত্থাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ মাৰ্চৰ 1 তাৰিখে ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে সদনক সম্বোধন কৰাৰ পাছতে বাজেট অধিৱেশন আৰম্ভ হ'ব ৷ 3 মাৰ্চত উপ মুখ্যমন্ত্ৰী নীতিন পেটেলে বাজেট উত্থাপন কৰিব ৷ বিভাগীয় বিবৃতি অনুসৰি বাজেট অধিৱেশন 1 এপ্ৰিললৈকে চলিব ৷
পেটেলে জানিবলৈ দিয়ে যে, যিহেতু অনলাইনযোগে বাজেটৰ তথ্য প্ৰকাশ হ'ব সেয়েহে চৰকাৰে 20 শতাংশ তথ্যহে প্ৰিণ্ট কৰিব ৷ এণ্ড্ৰ’ইড ব্যৱহাৰকাৰীসকলৰ বাবে গুগল প্লে ষ্ট'ৰত এই বাজেট এপ্লিকেচন উপলব্ধ হ'ব ৷ ইয়াৰ লগতে গুজৰাট চৰকাৰৰ বিত্তীয় বিভাগৰ ৱেবচাইটতো বাজেট উপলব্ধ হ'ব ৷
লগতে পঢ়ক: বাৰাণসীত পূজা আগবঢ়ালে প্ৰিয়ংকা গান্ধীয়ে