ETV Bharat / bharat

পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি - পৰ্যটক

অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি ৷ কঠোৰভাৱে ক’ভিড নীতি সমূহ অৱলম্বন কৰি শুকুৰবাৰে পৰ্যটকসকলৰ প্ৰথম দলটোক বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি খনলৈ উষ্ম আদৰণি জনোৱা হয় ৷

grand-welcome-for-tourists-in-ramoji-film-city-dot-entertainment-starts
পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি
author img

By

Published : Oct 8, 2021, 10:42 PM IST

নিউজ ডেস্ক, 8 অক্টোবৰ : অৱশেষত পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি ৷ কঠোৰভাৱে ক’ভিড নীতি সমূহ অৱলম্বন কৰি শুকুৰবাৰে পৰ্যটকসকলৰ প্ৰথম দলটোক বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি খনলৈ উষ্ম আদৰণি জনোৱা হয় ৷ ক’ভিড সৃষ্ট পৰিৱেশত দীৰ্ঘদিনীয়া লকডাউন আৰু ভ্ৰমণ সীমাবদ্ধতা সমূহৰ বাবে কেইবা মাহ ধৰি বন্ধ হৈ আছিল দেশ-বিদেশৰ পৰ্যটকৰ সমাগম হোৱা ৰামোজী ফিল্ম চিটি ৷

পুনৰ পৰ্যটকৰ বাবে মুকলি কৰা হ’ল ৰামোজী ফিল্ম চিটি

এতিয়া যিহেতু মহামাৰীৰ তাণ্ডৱ লাহে লাহে ম্লান হৈ আহিছে, ফিল্ম চিটিয়ে ইয়াৰ সকলো মনোৰঞ্জন ক্ষেত্ৰত পৰ্যটকসকলৰ পৰিচ্ছন্নতা আৰু সুৰক্ষা নিশ্চিত কৰাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰিছে । কঠোৰভাৱে সামাজিক দূৰত্বৰ পালন কৰা হৈছে ৷ পৰ্যটকসকলক যিকোনো সহায়ৰ বাবে বিশেষভাৱে প্ৰশিক্ষিত সুৰক্ষা কৰ্মীও নিয়োজিত কৰা হৈছে ।

ক’ভিড মহামাৰীৰ বিস্তাৰ প্ৰতিহত কৰিবলৈ সুৰক্ষা সতৰ্কতা হিচাপে কেইবামাহ বন্ধ ৰখাৰ পিছত, পুনৰ শিল্পীসকলৰ আকৰ্ষণীয় প্ৰদৰ্শনে মুখৰিত কৰিছে ফিল্ম চিটিৰ পৰিৱেশ । লাইভ ডান্স, ৱাইল্ড ৱেষ্ট ষ্টাণ্ট শ্ব, আৰু মুখ্য আকৰ্ষণ ব্লেকলাইট শ্ব- এনিমেচন আৰু মঞ্চপ্ৰদৰ্শন সকলোবোৰ ধুমধামেৰে পুনৰ ওভটি আহিছে । আকৌ এবাৰ শিশুসকলৰ বাবে একচেটিয়া খেলৰ ক্ষেত্ৰবোৰ সম্পূৰ্ণ সুৰক্ষা ব্যৱস্থাৰ সৈতে প্ৰস্তুত কৰা হৈছে ।

পৰ্যটকসকলৰ বাবেই অক্ষত অৱস্থাত ৰখা কিংবদন্তি ছবি বাহুবলীৰ ছেট পৰিদৰ্শন কৰি আনন্দিত হৈ পৰিছে পৰ্যটক সকল । ডাঙৰ বোৰ্ডত থকা snake and ladder, বিদেশী এভিয়ান প্ৰজাতিৰ পক্ষী উদ্যান, পখিলা উদ্যান সকলোবোৰ দৰ্শনাৰ্থী সকলক স্বাগতম জনোৱাৰ বাবে পুনৰ মুকলি কৰা হৈছে ৷ ফিল্ম চিটিৰ আকৰ্ষণীয় স্থানবোৰৰ লগতে এক ঐতিহাসিক নগৰ সদৃশ পৰিৱেশৰ মাজলৈ ভিণ্টেজ বাছবোৰে পৰ্যটকসকলক পুনৰ এবাৰ লৈ যোৱাত ক’ভিডকালীন নিৰাশাৰ মাজতো পৰ্যটক সকলে যেন আনন্দ উল্লাসৰ ঠিকনা পুনৰ বিচাৰি পাইছে ৷

লগতে পঢ়ক : গহনা চাফা কৰিবলৈ আহি কৰিলে এই কাম; জানিলে আপুনিও সুঁৱৰিব ৰাম ৰাম !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.