ETV Bharat / bharat

Gool blast case: জব্বৰ অৰণ্যৰ পৰা উদ্ধাৰ দুটাকৈ গ্ৰেনেড

author img

By

Published : Sep 3, 2022, 2:23 PM IST

ভাৰতৰ গুল অঞ্চলৰ জব্বৰ অৰণ্যৰ পৰা জম্মু-কাশ্মীৰৰ ৰামবান আৰক্ষীয়ে উদ্ধাৰ কৰিছে দুটাকৈ গ্ৰেনেড (Two grenades recovered from Jabbar forests of the Gool area) ৷ গুল বিস্ফোৰণ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী শোকেত আলী লাইৱালৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল অভিযান ৷

Two grenades recovered from Jabbar forests of the Gool area
Gool blast case: জব্বৰ অৰণ্যৰ পৰা উদ্ধাৰ দুটাকৈ গ্ৰেনেড

নেশ্যনেল ডেস্ক,3 ছেপ্টেম্বৰ: গুল বিস্ফোৰণ কাণ্ডৰ মূল ষড়যন্ত্ৰকাৰী শোকেত আলী লাইৱালৰ স্বীকাৰোক্তিৰ ভিত্তিত জম্মু-কাশ্মীৰৰ ৰামবান আৰক্ষীয়ে ভাৰতৰ গুল অঞ্চলৰ জব্বৰ অৰণ্যৰ পৰা উদ্ধাৰ কৰিছে দুটা গ্ৰেনেড(Two grenades recovered from Jabbar forests of the Gool area) ৷ অদূৰ ভৱিষ্যতে নিৰাপত্তা বাহিনীৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ উদ্দেশ্যেৰে গ্ৰেনেড দুটা জব্বৰ বনাঞ্চলত লুকুৱাই ৰখা হৈছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

শোকেত আলী লাইৱালক গোচৰটো সন্দৰ্ভত কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰা হৈছিল আৰু লাইৱালক জেৰাৰ অন্তত নিৰাপত্তা বাহিনীৰ ওপৰত বিস্ফোৰক নিক্ষেপৰ ভয়ংকৰ ব্লুপ্ৰিন্ট ৰচাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তৎপৰতা বৃদ্ধি পাইছিল গুল আৰক্ষীৰ ৷ নিৰাপত্তা বাহিনীৰ ওপৰত বিস্ফোৰক নিক্ষেপৰ উদ্দেশ্যৰে ভাৰতৰ গুল অঞ্চলৰ জাব্বৰ অৰণ্যত দুটা সজীৱ গ্ৰেনেড লুকুৱাই ৰখা হৈছে বুলি আৰক্ষীৰ জেৰাত প্ৰকাশ পাইছিল(Gool blast case) ৷

জেৰাত শোকেত আলী লাইৱালৰ পৰা বিস্ফোৰক তথ্য প্ৰকাশ হোৱাৰ পিছতে জ্যেষ্ঠ আৰক্ষী অধীক্ষক আই পি এছ ৰমবন মোহিতা শৰ্মা, মহকুমা আৰক্ষী বিষয়া গুল নিহাৰ ৰঞ্জন, নাইব তেহচিলদাৰ গুল নাজিৰৰ লগতে গুল আৰক্ষী থানাৰ এটি বিশেষ দল জাব্বৰ অৰণ্যত উপস্থিত হয় অৰু উদ্ধাৰ কৰে দুটাকৈ সজীৱ গ্ৰেণেড ৷

উল্লেখ্য যে, ২০২২ চনৰ ২ আগষ্টত গুল আৰক্ষী চকীৰ অধীনৰ এটি আৰক্ষী পোষ্টত একাংশ অচিনাক্ত ব্যক্তিয়ে বিস্ফোৰক নিক্ষেপ কৰে । ঘটনা সন্দৰ্ভত গুল থানাত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে(Investigation Has taken up) ।

লগতে পঢ়ক: জম্মু কাশ্মীৰত পুনৰ মাৰাণাস্ত্ৰসহ আটক এজন সন্ত্ৰাসবাদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.