ETV Bharat / bharat

সোণৰ অবৈধ সৰবৰাহৰ ঘটনাত জড়িত মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব ! - স্বপ্ন সুৰেশৰ

সোণৰ অবৈধ সৰবৰাহৰ ঘটনাত জড়িত থকাৰ অভিযোগ কেৰালাৰ মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰৰ বিৰুদ্ধে । সীমা শুল্ক বিভাগে জনোৱা মতে সোণৰ অবৈধ সৰবৰাহকাৰী স্বপ্ন সুৰেশৰ সৈতে ৭ বাৰকৈ আৰৱলৈ ভ্ৰমণ কৰিছে মুখ্য় সচিব গৰাকীয়ে ।

সোণৰ অবৈধ সৰবৰাহৰ ঘটনাত জড়িত মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব !

author img

By

Published : Dec 30, 2020, 12:19 PM IST

নেশ্য়নেল ডেস্ক , ৩০ ডিচেম্বৰ : কেৰালাৰ মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰৰ বিৰুদ্ধে সীমা শুল্ক বিভাগৰ এক গুৰুতৰ অভিযোগ । ৰাজ্য়খনৰ এগৰাকী সোণৰ অবৈধ সৰবৰাহকাৰী স্বপ্ন সুৰেশৰ সৈতে ৭ বাৰকৈ আৰৱলৈ ভ্ৰমণ কৰিছে মুখ্য় সচিব গৰাকীয়ে । সীমা শুল্ক বিভাগে মঙলবাৰে অতিৰিক্ত মুখ্য় ন্য়ায়িক দণ্ডাধীশৰ আদালতত জনোৱা মতে মুখ্য় সচিবৰ নিজা খৰছত ভ্ৰমণ কৰাৰ উপৰিও একেলগে আৰৱৰ পঞ্চতাৰকা হোটেলটো আছিল দুয়োগৰাকী ।

এই ভ্ৰমণৰ কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও ইতিমধ্য়ে ইয়াৰ কাৰণ জানিবলৈ তদন্ত অব্য়াহত ৰাখিছে সংস্থাটোৱে । এগৰাকী শীৰ্ষ প্ৰশাসনিক বিষয়াই এনেদৰে বহুবাৰ একেখন দেশলৈ ভ্ৰমণ কৰাটো স্বাভাৱিক কথা নহয় বুলি উল্লেখ কৰিলে সীমা শুল্ক বিভাগে । এই ধৰণৰ অবৈধ সোণ সৰবৰাহৰ অপৰাধত মুখ্য়মন্ত্ৰীৰ প্ৰাক্তন মুখ্য় সচিব এম শিৱশংকৰৰ দৰে এগৰাকী ব্য়ক্তিৰ নাম সাঙোৰ খোৱাত বৃহৎ সংখ্য়ক ভাৰতীয়ক সংস্থাপন দিয়া আৰৱৰ সৈতে ভাৰতৰ সম্পৰ্কত বাধা আহিব পাৰে বুলিও সন্দেহ কৰে সীমা শুল্ক বিভাগে ।

লগতে পঢ়ক : কম্বডিয়াৰ বানপানীত আক্ৰান্ত লোকলৈ মিছন সাগৰ-3 অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.