ETV Bharat / bharat

Girl was dragged for 4 km: স্কুটীৰে সৈতে ৪ কিলোমিটাৰ চোঁচৰাই নিলে যুৱতীক

author img

By

Published : Jan 1, 2023, 8:41 PM IST

দিল্লীৰ কাঞ্জাৱালাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উলংগ অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতীৰ মৃতদেহ । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি সুৰাপায়ী পাঁচ যুৱকৰ দলে স্কুটীৰে সৈতে প্ৰায় ৪ কিলোমিটাৰ যুৱতীগৰাকীক চোঁচৰাই নিয়াৰ ফলতে মৃত্যু হয় যুৱতীগৰাকীৰ(Girl was dragged for 4 km by five boys) ।

Girl was dragged for 4 km by five boys
দিল্লীৰ কাঞ্জাৱালাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা

নেশ্যনেল ডেস্ক,১ জানুৱাৰী: দিল্লীৰ কাঞ্জাৱালাত চাঞ্চল্যকৰ ঘটনা । সুৰাপায়ী উদণ্ড যুৱকৰ দলে ৪ কিলোমিটাৰ চোঁচৰাই নিলে স্কুটী আৰোহী এগৰাকী যুৱতীক(Girl was dragged for 4 km by five boys) । উলংগ অৱস্থাত উদ্ধাৰ হৈছে যুৱতীগৰাকীৰ মৃতদেহ । ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে ৫ গৰাকী অভিযুক্তক । ইতিমধ্যে আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত ।

জানিব পৰা মতে, ৩১ ডিচেম্বৰৰ নিশা পাঁচজন ল'ৰাই এগৰাকী যুৱতীক চাৰি কিলোমিটাৰ স্কুটীৰ সৈতে চোঁচৰাই নিছিল(Drunk youth stabbed girl) । আৰক্ষীয়ে জনোৱা তথ্য অনুসৰি ৩১ ডিচেম্বৰৰ নিশা আৰক্ষীয়ে এখন বেলেন' বাহনৰ পৰা এগৰাকী যুৱতীক টানি নিয়াৰ তথ্য লাভ কৰিছিল । ঠিক কিছুসময়ৰ পাছতে কাঞ্জাৱালাত এগৰাকী যুৱতীৰ উলংগ মৃতদেহ দেখা পোৱাৰ তথ্য লাভ কৰাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয়(girl riding a scooty was dragged for 4 km ) । দুয়োটা ঘটনাৰে জৰিত অপৰাধীৰ দলটোক ঘটনাস্থলীলৈ নি ফৰেনচিক পৰীক্ষাও কৰে আৰক্ষীয়ে ।

  • दिल्ली के कंझावला में एक लड़की की नग्न अवस्था में लाश मिली, बताया जा रहा है कि कुछ लड़कों ने नशे की हालत में गाड़ी से उसकी स्कूटी को टक्कर मारी और उसे कई किलोमीटर तक घसीटा।
    ये मामला बेहद भयानक है, मैं दिल्ली पुलिस को हाज़िरी समन जारी कर रही हूँ। पूरा सच सामने आना चाहिए।

    — Swati Maliwal (@SwatiJaiHind) January 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

ইফালে যুৱতীগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙ্গলপুৰীৰ এছজিএম চিকিৎসালয়লৈ(Mongolpuri SGM Hospital) প্ৰেৰণ কৰে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । লগতে আৰক্ষীয়ে জনাই যে স্কুটী চলাই থকা যুৱতীগৰাকী গাড়ীখনৰ চকাত আৱদ্ধ হৈ পৰিছিল আৰু আন এখন দ্ৰুতবেগী বাহনে তেওঁক খুন্দা মাৰিছিল(Girl killed in car accident in delhi body dragged) । আৰক্ষীয়ে বাহনখনত থকা পাঁচজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে বুলি জানিবলৈ দিয়ে । গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইজন ক্ৰমে দীপক খান্না, অমিত খান্না, কৃষ্ণ, মিথু আৰু মনোজ মিত্তাল বুলি চিনাক্ত কৰা হৈছে(Police have arrested 5 accused) ।

ইফালে ঘটনা সন্দৰ্ভত দিল্লী মহিলা আয়োগৰ(Delhi Commission for Women) মুৰব্বী স্বাতী মালিৱালে ঘটনাটোক লৈ দিল্লী আৰক্ষীলৈ জাননী জাৰি কৰিছে । তেওঁ টুইটযোগে কয় যে দিল্লীৰ কাঞ্জাৱালাত এগৰাকী যুৱতীৰ নগ্ন মৃতদেহ উদ্ধাৰ কৰা হৈছে । কিছুমান ল'ৰাই নিচাসক্ত অৱস্থাত গাড়ীখনৰ সৈতে তেওঁৰ স্কুটীত খুন্দা মাৰিছিল আৰু তেওঁক কেইবা কিলোমিটাৰলৈ চোঁচৰাই নিছিল । এই ঘটনা অতি ভয়ানক ।

লগতে পঢ়ক: Nuclear Installations List Exchange: ভাৰত-পাকিস্তানৰ মাজত পাৰমাণৱিক শক্তিৰ তালিকা আদান-প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.