নিউজ ডেস্ক, 4 নৱেম্বৰ : শেহতীয়াকৈ দেশৰ ভিতৰতে সৰ্বাধিক প্ৰশাসনিক সংস্কাৰযুক্ত ৰাজ্যৰ মৰ্যদা লাভ কৰিছিল কেৰালা চৰকাৰে ৷ ইয়াৰ পিচতেই ৰাজ্যখনত উপস্থিত হয় জাৰ্মানৰ কনছুল জেনেৰেল আছিম বুৰকাৰ্টে ৷ বুৰকাৰ্টে কেৰালাত উপস্থিত হৈ প্ৰদেশখনৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজনয়কো সাক্ষাৎ কৰে ৷ জাৰ্মানৰ কনছুল জেনেৰেলগৰাকীয়ে কেৰালা চৰকাৰে জাৰ্মান বেংক কেএফডব্লিউৰ সহায়ত হাতত লোৱা প্ৰদূষণবিহীন শক্তি প্ৰকল্প আৰু সৌৰ-শক্তি প্ৰকল্পৰ বিষয়ে প্ৰশংসা কৰে ৷
জাৰ্মান চৰকাৰৰ অংশীদাৰিত্ব থকা কেএফডব্লিউ বেংকৰ সহায়ক কেৰালাত কেবাটাও প্ৰকল্পৰ কাম চলি আছে ৷ ইয়াৰ ভিতৰত অন্য়তম হৈছে কোচি স্মাৰ্ট চিটী, কোচি ৱাটাৰ মেট্ৰ' আৰু কেৰালা ৰিকনষ্ট্ৰাকশ্বন প্ৰকল্প ৷ জাৰ্মান বেংকটোৱে কোচি বিমানবন্দৰক সম্পূৰ্ণৰূপে সৌৰশক্তিৰে চালিত বিশ্বৰ ভিতৰতে প্ৰথমটো বিমানবন্দৰ হিচাপে গঢ়ি তোলে ৷ ইয়াৰ উপৰিও জাৰ্মানৰ টুবিনগেন বিশ্ববিদ্যালয়ত সংযোজন কৰা Gundert Chair আসনৰ দ্বাৰা মালায়লম ভাষাক আন্তৰাষ্ট্ৰীয় মৰ্যদা প্ৰদানৰ বাবে দেশখনক ধন্যবাদ জ্ঞাপন কৰে কেৰালাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ৷
উল্লেখ্য যে, কেৰালা পৰিদৰ্শন কৰা অধিকসংখ্যক পৰ্যটনকাৰীয়ে জাৰ্মানৰ ৷ যাৰ ফলত কেৰালাৰ চৰকাৰী ভাষা আৰু জাৰ্মান ভাষাৰ প্ৰয়োজন দুয়োপক্ষৰ বাবে সমানেই গুৰুত্বপূৰ্ণ হিচাপে পৰিগণিত হয় ৷ কেৰালাৰ বিভিন্ন কেন্দ্ৰত জাৰ্মান ভাষাৰ প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তোলাৰ বিষয়েই জানিবলৈ দিয়ে জাৰ্মান কনছুল জেনেৰেলগৰাকীয়ে ৷ কেৰালাৰ মুখ্যমন্ত্ৰীয়ে স্বাস্থ্যখণ্ডৰ সৈতে জড়িত কৰ্মচাৰীসকলক জাৰ্মানীৰ সহায়ত কৌশল বিকাশৰ প্ৰশিক্ষণ দিয়াটো অধিক গুৰুত্বপূৰ্ণ হ'ব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : 64 তম প্ৰতিষ্ঠা দিৱস উপলক্ষে কেৰালাবাসীক শুভেচ্ছা ৰাহুল গান্ধীৰ