ETV Bharat / bharat

60 টা ম’বাইল এপ প্ৰস্তুত কৰি চৰ্চিত হৈছে ছাত্ৰী ঈশাল - kerala 4th standard student developed mobile application

চতুৰ্থমানৰ কণমানি ঈশালে ৬০ টাকৈ ম'বাইল এপলিকেশ্যন প্ৰস্তুত (Developed) কৰিছে । লকডাউনৰ সময়ত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে ইউ টিউবৰ জৰিয়তে তেওঁক কোডিং(Coding) আৰু ম'বাইল এপ্লিকেশ্বনৰ (mobile applications) প্ৰশিক্ষণ দিছিল ।

Fourth standard student
কেৰালাৰ বিস্ময়কৰ ছাত্ৰী ঈশাল
author img

By

Published : Jun 30, 2021, 7:20 PM IST

নেশ্যনেল ডেস্ক, ৩০ জুন : বিভিন্ন সময়ত অদ্ভুত প্ৰতিভাৰ বাবে বিশ্বস্তৰত স্থান পাবলৈ সক্ষম হৈছে ভাৰতৰ শিশুৰ লগতে যুৱক-যুৱতীসকল । ঠিক তেনেদৰে এইবাৰ এইগৰাকী চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ প্ৰতিভাই আচৰিত কৰি তুলিছে সকলোকে । অলৌকিক যেন লাগিলেও চতুৰ্থমানৰ কণমানি শিক্ষাৰ্থী গৰাকীয়ে ৬০ টাকৈ ম'বাইল এপলিকেশ্যন প্ৰস্তুত (Developed) কৰিছে । পখিলা খেদা বয়সত এগৰাকী কণমানিৰ এনে প্ৰতিভা দেখি এতিয়া হতবাক দেশবাসী ।

উল্লেখ্য যে, লকডাউনৰ সময়ত বহুতে সামাজিক মাধ্যম ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ নতুন কথা শিকিবলৈ সক্ষম হৈছে । বহুতে আকৌ কোনো সামগ্ৰী নিৰ্মাণ কৰা বা হস্ত বিদ্যাৰ বহু কৌশল আয়ত্ব কৰিছে ইউ টিউবৰ জৰিয়তে । কিন্তু কেৰালাৰ কণমানি ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে তেওঁক বিশেষ প্ৰশিক্ষণ লোৱাৰ বাবে গুৰুত্ব আৰোপ কৰিছিল । ইউ টিউবৰ জৰিয়তে তেওঁক কোডিং(Coding) আৰু ম'বাইল এপ্লিকেশ্বনৰ (mobile applications) প্ৰশিক্ষণ দিয়া হৈছিল ।

মালাপ্পুৰম জিলাৰ ঈশালে ৱেৱছাইট বিকাশ কৰাৰ লগতে যেতিয়া তেওঁৰ ভাই-ভনীসকলে গেম খেলিবলৈ নতুন ম'বাইল এপ্লিকেশ্যন বিচাৰে তেতিয়া ঈশালে কোড কৰিবলৈ আগ্ৰহী হয় । ঈশালে এই সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয় যে ভাই-ভনীসকলে যেতিয়া নতুন এপ্লিকেশ্যন বনোৱাৰ বাবে কয় তেতিয়া নিজৰ ধাৰণাৰে তেওঁ কাম কৰিবলৈ আৰম্ভ কৰে । তেওঁ যেতিয়া এপ্লিকেশ্যনটো তৈয়াৰ কৰে তেতিয়া তেওঁলোক যথেষ্ট সুখী হয় । আনহাতে কলাৰ প্ৰতি তেওঁ যথেষ্ট আগ্ৰহী, যাৰ বাবে এপ্লিকেশ্যনৰ মাধ্যমেৰে ডিজিটেল ছবি অংকন কৰাৰ বাবেও তেওঁ কাম কৰিছে ।

কোডিঙৰ ক্ষেত্ৰত ঈশালৰ দক্ষতা এই ক্ষেত্ৰখনৰ পেছাদাৰীসকলৰ সমান বুলি ক'লেও ভুল নহয় । তেওঁৰ মাতৃ আইশা আৰু পিতৃ শ্বাহিদে শৈক্ষিক প্ৰযুক্তি খণ্ডত (educational tech sector) কাম কৰে । শ্বাহিদে নিজ কন্যাৰ প্ৰশংসা কৰি কয় যে শিশুসকল এতিয়া বিজ্ঞান প্ৰযুক্তিৰ ভৱিষ্যতৰ দিশে আগবাঢ়িছে, সেয়েহে ঈশালক ম'বাইল এপ্লিকেশ্যন কেনেদৰে বিকশিত কৰিব লাগে তেওঁ দেখুৱাইছিল । কেতিয়াবা তেওঁলোকৰ প্ৰতিষ্ঠানত ঈশালৰ দ্বাৰা প্ৰস্তুত কৰা এপ্লিকেশ্যনবোৰ ব্যৱহাৰ কৰে পিতৃ-মাতৃয়ে ।

পিতৃ শ্বাহিদে লগতে কয় যে প্ৰায়ে অভিভাৱকসকলে শিশুৱে ফোনটো ব্যৱহাৰ কৰি যথেষ্ট সময় অতিবাহিত কৰাৰ বিষয়ে চিন্তিত হয় । কিন্তু ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে সময় কেনেদৰে ব্যৱহাৰ কৰিব লাগে তাৰ ওপৰত গুৰুত্ব দিয়া উচিত বুলিও তেওঁ উল্লেখ কৰে । উল্লেখ্য যে ঈশাল হৈছে নীলাম্বুৰ পিভেছ মডেল স্কুলৰ (Nilambur Peeves model school) ছাত্ৰী আৰু এগৰাকী শিল্পী হোৱাটো তেওঁৰ সপোন ।

লগতে পঢ়ক :জম্মুত অব্যাহত আছে পাকিস্তানী সন্ত্ৰাসবাদীৰ ড্ৰোণ কাৰ্যকলাপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.