ETV Bharat / bharat

Militants killed in Kupwara : কুপৱাৰাৰ মাচাল চেক্টৰত ৪ সন্ত্ৰাসবাদী নিহত - Encounter in Kashmir

উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচাল চেক্টৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ অভিযান । অভিযানত নিহত ৪ টা সন্ত্ৰাসবাদী । অঞ্চলটোত নিৰাপত্তা বৃদ্ধি ।

Militants killed in Kupwara
কুপৱাৰাৰ মাচাল চেক্টৰত ৪ সন্ত্ৰাসবাদী নিহত
author img

By

Published : Jun 23, 2023, 12:58 PM IST

নেশ্যনেল ডেস্ক,২৩ জুন : পুনৰ কাশ্মীৰত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে সেনা আৰু আৰক্ষীৰ অভিযান । উত্তৰ কাশ্মীৰৰ সীমান্ত জিলা কুপৱাৰাৰ মাচাল চেক্টৰত নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অনুপ্ৰৱেশৰ চেষ্টাৰ সময়তে সন্ত্ৰাসবাদীক লক্ষ্য কৰি নিৰাপত্তা বাহিনীৰ গুলীচালনা । নিৰাপত্তা বাহিনীৰ গুলীত নিহত ৪ অচিনাক্ত সন্ত্ৰাসবাদী । এক যুটীয়া অভিযানত সেনা আৰু আৰক্ষীয়ে কুপৱাৰাৰ মাচাল চেক্টৰৰ কালা জংঘলত সন্ত্ৰাসবাদীকেইটাক গুলীয়াই হত্যা কৰে । আৰক্ষীৰ তথ্য অনুসৰি সন্ত্ৰাসবাদী কেইটাই পাকিস্তান অধ্যুষিত জম্মু-কাশ্মীৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা কৰিছিল । অঞ্চলটোত সেনা আৰু আৰক্ষীয়ে তালাচী অব্যাহত ৰাখিছে ।

এসপ্তাহ পূৰ্বেও অনুৰূপ অভিযানত দুই অচিনাক্ত সন্ত্ৰাসবাদী নিহত হৈছিল । আৰক্ষীৰ এগৰাকী বিষয়াই সেই সময়ত জনাইছিল যে কুপৱাৰা জিলাৰ দোবানাৰ মাচাল অঞ্চলত সেনা আৰু কুপৱাৰা আৰক্ষীৰ যুটীয়া অভিযানত ২ সন্ত্ৰাসবাদী নিহত হয় । সীমান্ত সুৰক্ষা বাহিনীয়ে কুপৱাৰাৰ হান্দৱাৰা চহৰত এক বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰা বুলি দাবী কৰাৰ এদিন পাছতে এই অভিযানটো চলিছিল । হান্দৱাৰা-নাওগাঁও ৰাজ্যিক ঘাইপথৰ কাষৰ এটা কালভাৰ্টৰ ওচৰৰ ভাটপুৰা গাঁৱত এটা মটৰ শ্বেল বুলি কোৱা বিস্ফোৰক সামগ্ৰী আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ।

ইয়াৰ পূৰ্বে, ৩ মে'ত উত্তৰ কাশ্মীৰৰ কুপৱাৰা জিলাৰ মাচাল চেক্টৰৰ পিঞ্চাদ অঞ্চলত সন্ত্ৰাসবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা গুলীচালনাত দুই সন্দেহযুক্ত সন্ত্ৰাসবাদী নিহত হৈছিল । অঞ্চলটোত তালাচী চলি থকাৰ সময়তে এনকাউণ্টাৰত সন্ত্ৰাসবাদীকেইটা নিহত হৈছিল । আৰক্ষী আৰু সেনাৰ এটা যুটীয়া দলে অঞ্চলটোত তালাচী চলাইছিল । ইফালে কুপৱাৰাৰ এলঅ'চিৰ সমীপৰ জুমাগুণ্ড অঞ্চলতো যোৱা ১৬ জুনত ৫ বিদেশী সন্ত্ৰাসবাদী নিহত হৈছিল ।

উল্লেখ্য যে যোৱা কেইবামাহ ধৰি কুপৱাৰা অঞ্চলত অনুপ্ৰৱেশৰ ঘটনা বৃদ্ধি পাইছে । পাকিস্তান ভিত্তিক সন্ত্ৰাসবাদীয়ে প্ৰায়ে ভাৰতত অনুপ্ৰৱেশৰ চেষ্টা চলাই । লগতে সীমান্ত অঞ্চলত অস্ত্ৰ-শস্ত্ৰ, নিচাজাতীয় দ্ৰব্য আদিৰ সৰবৰাহো অব্যাহত ৰাখিছে । যাৰ বাবে সীমান্ত অঞ্চলত নিৰাপত্তা বাহিনীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে ।

লগতে পঢ়ক :Violence hit Manipur : মণিপুৰৰ সমস্যাৰ তাৎক্ষণিক সমাধানক লৈ সন্দিহান বিশেষজ্ঞ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.