ETV Bharat / bharat

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ চিঠি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ

author img

By

Published : Jan 15, 2022, 7:49 PM IST

ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে( Former Tripura CM Manik Sarkar) লিখিলে বৰ্তমানৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ পত্ৰ ( Manik Sarkar wrote letter to CM Biplab Deb) ৷ হকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাৰ বাবে দাবী জনাই প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে বৰ্তমানৰ মুখ্যমন্ত্ৰীক জনালে বিশেষ অনুৰোধ ৷

Former Tripura CM Manik Sarkar  wrote letter to CM Biplab Deb
ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰৰ চিঠি মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ

আগৰতলা, ১৫ জানুৱাৰী: ত্ৰিপুৰা বিধাসভাৰ বিৰোধী দল চিপিআইএমৰ নেতা প্ৰাক্তন মুখ্যমন্ত্ৰী মানিক সৰকাৰে (Former Tripura CM Manik Sarkar) আজি বৰ্তমানৰ মুখ্যমন্ত্ৰী বিপ্লব কুমাৰ দেৱলৈ এখন পত্ৰ লিখি (Manik Sarkar wrote letter to CM Biplab Deb) মানৱীয়তাৰ খাতিৰত আৰু আইনী দৃষ্টিকোণৰ পৰা হকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সমস্যা সমাধান কৰাৰ বাবে আহ্বান জনায় । আগৰতলা পৌৰ নিগমৰ নৱ নিৰ্বাচিত কমিটীখনে (Agartala Municipal Corporation ) অবৈধভাৱে দোকান খুলি ৰখা দোকানী আৰু হকাৰসকলৰ বিৰুদ্ধে আগৰতলা চহৰজুৰি উচ্ছেদ অভিযান আৰম্ভ কৰাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী চৰকাৰে এই পত্ৰখন প্ৰেৰণ কৰে ।

তেওঁ কয়, '' বহুতে অস্থায়ীভাৱে অতি ক্ষুদ্ৰ ব্যৱসায়ৰ আশ্ৰয় লৈছে, কিয়নো তেওঁলোকে জীৱিকা অৰ্জনৰ বিকল্প আৰু সুযোগ চৰকাৰৰ পৰা পোৱা নাই । কিন্তু দোকানবোৰ ভাঙি পেলোৱা আৰু তেওঁলোকৰ পৰিয়ালবোৰৰ বাবে সাৱধানতামূলক ব্যৱস্থা নোলোৱাকৈ তেওঁলোকক ৰাজপথলৈ লৈ যোৱাৰ কোনো যুক্তি-যুক্ততা নাই "।

তেওঁ মুখ্যমন্ত্ৰী দেৱক এইটোও জনায় যে, উচ্চতম ন্যায়ালয়ে হকাৰসকলৰ সমস্যা সমাধান আৰু স্থানান্তৰ কৰিব লাগে বুলি বহু আগতেই ৰায় দিছে ।" আমি আশা কৰোঁ যে হকাৰ আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ স্বাৰ্থ মানৱীয় দৃষ্টিকোণৰ পৰা আৰু আইনী দৃষ্টিকোণৰ পৰা সমাধান কৰা হ'ব ৷ "

লগতে পঢ়ক : উত্তৰ প্ৰদেশৰ বিধানসভাৰ নিৰ্বাচন : বিজেপিয়ে ঘোষণা কৰিলে প্ৰথমখন প্ৰাৰ্থী তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.