ETV Bharat / bharat

PMLA আদালতত হাজিৰ অনিল দেশমুখ - অনিল দেশমুখ শেহতীয়া বাতৰি

মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক শনিবাৰে PMLA ৰ বিশেষ আদালতত হাজিৰ কৰোৱা হয় ৷ 2 নৱেম্বৰত মুম্বাইৰ আদালতে দেশমুখক 6 নৱেম্বৰলৈ ED ৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ৷

Former Maharashtra Home Minister Anil Deshmukh to be produced before PMLA court today
শনিবাৰে PMLA আদালতত হাজিৰ কৰোৱা হয় অনিল দেশমুখক
author img

By

Published : Nov 6, 2021, 2:15 PM IST

নেশ্যনেল ডেস্ক, 6 নৱেম্বৰ : মানি লণ্ডাৰিং গোচৰত গ্ৰেপ্তাৰ মহাৰাষ্ট্ৰৰ প্ৰাক্তন গৃহমন্ত্ৰী অনিল দেশমুখক শনিবাৰে PMLA ৰ বিশেষ আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে স্বাস্থ্য পৰীক্ষা কৰোৱা হয় ৷ ED ৰ কাৰ্যালয়ৰ পৰা পোনে পোনে স্বাস্থ্য পৰীক্ষাৰ বাবে হাস্পতাললৈ নিয়া হয় দেশমুখক ৷

2 নৱেম্বৰত মুম্বাইৰ আদালতে দেশমুখক 6 নৱেম্বৰলৈ ED ৰ জিম্মালৈ প্ৰেৰণ কৰিছিল ৷ বৃহস্পতিবাৰে ED এ মানি লণ্ডাৰিং ঘটনাৰ সৈতে জড়িত থকাৰ সন্দেহত অনিল দেশমুখৰ পুত্ৰ হৃষিকেশ দেশমুখক সোধ-পোছৰ বাবে চমন জাৰি কৰিছিল ৷ শুকুৰবাৰে সোধ-পোছ চলোৱা হয় হৃষিকেশ দেশমুখক ৷

উল্লেখ্য যে, মুম্বাইৰ প্ৰাক্তন আৰক্ষী আয়ুক্ত পৰমবীৰ সিঙে তেওঁৰ বিৰুদ্ধে উত্থাপিত ধন দাবী আৰু ধন ৰপ্তানিৰ অভিযোগৰ সন্দৰ্ভত সোমবাৰে দেশমুখক সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল । সিঙে অভিযোগ কৰিছিল যে, অনিল দেশমুখ কেইবাটাও অন্যায়ত জড়িত আছিল, যাৰ ভিতৰত আছে শচীন ৱাজেক মুম্বাইৰ বাৰ আৰু ৰেষ্টুৰেণ্টৰ পৰা 100 কোটি টকা সংগ্ৰহ কৰিবলৈ কোৱা ।

লগতে পঢ়ক : দিল্লীৰ প্ৰদূষণ সন্দৰ্ভত উদ্বেগ প্ৰকাশ মীৰা ৰাজপুতৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.