ETV Bharat / bharat

Chandrayaan 3 mission : চন্দ্ৰযান ৩ অভিযানৰ সফলতাত মই আত্মবিশ্বাসী; ইছৰোৰ প্ৰাক্তন সঞ্চালক ড৹ সুৰেন্দ্ৰ পাল

author img

By ETV Bharat Assamese Team

Published : Aug 23, 2023, 2:17 PM IST

চন্দ্ৰযান-৩ অভিযানৰ চন্দ্ৰত মসৃণ অৱতৰণ বুধবাৰে সন্ধিয়া নিৰ্ধাৰণ কৰা হৈছে । ইছৰোৰ প্ৰাক্তন সঞ্চালক ড৹ সুৰেন্দ্ৰ পালে কৈছে যে চন্দ্ৰযান-২ অভিযানৰ তুলনাত চন্দ্ৰযান-৩ অভিযানত যথেষ্ট পৰিৱৰ্তন কৰা হৈছে ।

Chandrayaan 3 mission
Chandrayaan 3 mission

নিউজ ডেস্ক, ২৩ আগষ্ট : ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰো) প্ৰাক্তন সঞ্চালক ডঃ সুৰেন্দ্ৰ পাল এই কথাত নিশ্চিত যে চন্দ্ৰযান-৩ অভিযানে যথেষ্ট ভাল কৰিব । কিয়নো চন্দ্ৰযান-২-ৰ তুলনাত এই অভিযানত কেইবাটাও পৰিৱৰ্তন কৰা হৈছে ।

উল্লেখ্য যে, চন্দ্ৰযান-৩ অভিযানৰ চন্দ্ৰত মসৃণ অৱতৰণৰ সূচী বুধবাৰে সন্ধিয়া নিৰ্ধাৰণ কৰা হৈছে । ইছৰোৰ এগৰাকী প্ৰাক্তন সঞ্চালক ড৹ সুৰেন্দ্ৰ পালে এই সন্দৰ্ভত কয়, "মই ইছৰোৰ বিজ্ঞানীসকলৰ দৰেই আত্মবিশ্বাসী যে আমি বহুত ভাল কৰিম । কিয়নো চন্দ্ৰযান-২-ৰ তুলনাত ইয়াত যথেষ্ট পৰিৱৰ্তন কৰা হৈছে ।"

বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব ছায়েন্সৰ প্ৰাক্তন ছাত্ৰ ড৹ সুৰেন্দ্ৰ পালৰ মতে, বহুতো এলগৰিথম সলনি কৰা হৈছে । "পৰম কেলিব্ৰেচন কৰা হৈছে । লেণ্ডাৰৰ ঘূৰি থকাৰ ক্ষমতা আছে । অৱতৰণ ক্ষেত্ৰটো ২.৫ কিলোমিটাৰৰ পৰা ৪ কিলোমিটাৰলৈ বৃদ্ধি কৰা হৈছে ।" ১৯৭০-৭১ চনত কৰ্মজীৱন আৰম্ভ কৰা ইছৰোৰ প্ৰাক্তন সঞ্চালকগৰাকীক সংবাদ সংস্থা এএনআয়ে এইদৰে কয় ।

উল্লেখ্য যে, যদি সফল হয়, চন্দ্ৰযান-৩-ৰ অৱতৰণে ভাৰতৰ বাবে এক স্মাৰক মাইলৰ খুঁটি স্থাপন কৰিব । কিয়নো ইয়াৰ দ্বাৰা চন্দ্ৰপৃষ্ঠত মসৃণ অৱতৰণৰ জটিল প্ৰযুক্তি আয়ত্ত কৰা ভাৰত চতুৰ্থখন ৰাষ্ট্ৰ হ'ব । আমেৰিকা যুক্তৰাষ্ট্ৰ, চীন আৰু পূৰ্বৰ ছোভিয়েট ইউনিয়নৰ একে শাৰীত যোগদান কৰিব ভাৰতে । ভাৰতৰ এই সফলতাই মহাকাশ অন্বেষণৰ সীমা অতিক্ৰম কৰাৰ প্ৰতি দেশৰ অটল প্ৰতিশ্ৰুতিৰ প্ৰমাণ হিচাপে থিয় হ'ব ।

আনহাতে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা চন্দ্ৰযান-৩ অভিযানৰ এই ঐতিহাসিক অৱতৰণ প্ৰত্যক্ষ কৰিব । প্ৰধানমন্ত্ৰী মোদীয়ে ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ বৰ্তমান দক্ষিণ আফ্ৰিকাত আছে ।

লগতে পঢ়ক :Chandrayaan 3 mission : চন্দ্ৰযান ৩ এক সামগ্ৰিকভাৱে সফল অভিযান; নাছাৰ প্ৰাক্তন বিষয়া মাইক গ'ল্ড

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.