ETV Bharat / bharat

বৈধ ভ্ৰমণ নথি অবিহনে বিদেশী নাগৰিক অবৈধ প্ৰব্ৰজনকাৰী - কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়

বৈধ ভ্ৰমণ নথি পত্ৰ অবিহনে ভাৰতত থকা সকলো বিদেশী নাগৰিককেই অবৈধ প্ৰব্ৰজনকাৰী হিচাপে গণ্য কৰা হ'ব ৷ এই মন্তব্য কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ ৷ সংসদৰ নিম্ন সদনত ৰোহিংগীয়া শৰণাৰ্থীৰ(Rohingya refugees) বিষয়ত ৰায়ে এই মন্তব্য আগবঢ়ায় ৷

MoS Home on Rohingya refugees
বৈধ ভ্ৰমণ নথি অবিহনে সকলো বিদেশী নাগৰিক অবৈধ প্ৰব্ৰজনকাৰী: কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী
author img

By

Published : Aug 11, 2021, 11:00 AM IST

নেশ্যনেল ডেস্ক, 11 আগষ্ট : বৈধ ভ্ৰমণ নথি অবিহনে গোপনে দেশত প্ৰৱেশ কৰা সকলো বিদেশী নাগৰিককে অবৈধ প্ৰব্ৰজনকাৰী হিচাপে ধৰা হয় বুলি মন্তব্য কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰী নিত্যানন্দ ৰায়ৰ(Union Minister of State for Home Affairs Nityanand Rai) ৷ মঙলবাৰে সংসদৰ নিম্ন সদনত(Lower House of the Parliament) বৈধ নথি অবিহনে ভাৰতত প্ৰৱেশ কৰা লোকৰ ওপৰত মন্তব্য প্ৰকাশ কৰি ৰায়ে এনেদৰে মন্তব্য কৰে ৷ তেওঁ কয় যে, দেশত বাস কৰা এনে প্ৰব্ৰজনকাৰীৰ সঠিক সংখ্যা সন্দৰ্ভত কেন্দ্ৰীয়ভাৱে চৰকাৰৰ ওচৰত কোনো তথ্য উপলব্ধ নাই ৷

লগতে পঢ়ক : দিল্লী আৰক্ষীৰ জালত 13 জন ৰোহিংগীয়া

ৰোহিংগীয়া শৰণাৰ্থীৰ(Rohingya refugees) বিষয়ত সংসদৰ নিম্ন সদনত এক লিখিত উত্তৰত ৰায়ে কয় যে, শৰণাৰ্থীৰ স্থিতি আৰু ইয়াৰ ওপৰত থকা ১৯৬৭ চনৰ প্ৰট'কল সম্পৰ্কীয় ১৯৫১ চনৰ ৰাষ্ট্ৰসংঘৰ সন্মিলনত ভাৰত স্বাক্ষৰকাৰী নহয় ৷ তেওঁ লগতে এই কথাও উল্লেখ কৰে যে, আশ্ৰয় প্ৰাৰ্থীসহ সকলো বিদেশী নাগৰিক বিদেশী আইন, 1946(Foreigners Act, 1946), বিদেশী পঞ্জীয়ন আইন, 1939(Registration of Foreigners Act, 1939), পাছপ'ৰ্ট (ভাৰতত প্ৰৱেশ) আইন, 1920(Passport (Entry into India) Act, 1920) আৰু নাগৰিকত্ব আইন, 1955(Citizenship Act, 1955)ৰ অধীনত থকা নিয়ম আৰু আদেশৰ দ্বাৰা নিয়ন্ত্ৰিত ৷

লগতে পঢ়ক : 100 দিনৰ অন্তত ইণ্ডোনেছিয়াত ৰোহিংগীয়া শৰণাৰ্থী কঢ়িওৱা নাও

একাংশ ৰোহিংগীয়া প্ৰব্ৰজনকাৰীয়ে অবৈধ কাৰ্যকলাপত লিপ্ত থকাৰো তথ্য আছে বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷

অবৈধ প্ৰব্ৰজনকাৰীসকলক তৎক্ষণাৎ চিনাক্তকৰণ, আইনৰ ব্যৱস্থা অনুসৰি নিৰ্দিষ্ট স্থানত তেওঁলোকক নিষেধাজ্ঞা আৰোপ, ভুৱা ভাৰতীয় নথিপত্ৰ বাতিল কৰা আৰু আইনৰ ব্যৱস্থা অনুসৰি নিৰ্বাসন প্ৰক্ৰিয়া আৰম্ভ কৰা আদি কামৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ তেওঁ কয় যে, এইসমূহ কামৰ বাবে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় শাসিত প্ৰশাসনসমূহলৈ পৰামৰ্শ জাৰি কৰিছে ৷

কেন্দ্ৰীয় গৃহ ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, বিদেশী নাগৰিকসকল অত্যাধিক সময় ৰখা আৰু অবৈধ প্ৰব্ৰজনৰ সমস্যাৰ মোকাবিলা কৰাৰ বাবে 2021 চনৰ 31 মাৰ্চত এক একত্ৰিত নিৰ্দেশনা জাৰি কৰা হৈছে ৷

লগতে পঢ়ক : অসমত সন্তান জন্ম দি চৰ্চাত এগৰাকী কাৰাবন্দী ৰহিঙীয়া মহিলা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.