ETV Bharat / bharat

কাটাৰত দ্বি-পাক্ষিক বৈঠকত মিলিত হ’ব বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

দেওবাৰৰ পৰা আৰম্ভ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ দুদিনীয়া কাটাৰ ভ্ৰমণ কাৰ্যসূচী ৷ কাটাৰৰ বৈদেশিক মন্ত্ৰী শ্বেইখ মহম্মদ বিন আৰু উপ প্ৰধানমন্ত্ৰী গৰাকীৰ সৈতে বৈঠকত বহিব জয়শংকৰ ৷ পাৰস্পৰিক হিতৰ বাবে দ্বিপাক্ষিক বিষয়ৰ লগতে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিভিন্ন বিষয় সন্দৰ্ভত কাটাৰৰ মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত হ'ব জয়শংকৰ ৷

author img

By

Published : Dec 27, 2020, 8:29 AM IST

Jaishankar on Qatar visit
দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত উপস্থিত বৈদেশিক মন্ত্ৰী এছ জয়শংকৰ

নেচনেল ডেস্ক, 27 ডিচেম্বৰ : দুদিনীয়া ভ্ৰমণসূচী লৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰৰ কাটাৰ ভ্ৰমণৰ কাৰ্যসূচী ৷ ভ্ৰমণৰ সময়ছোৱাত কাটাৰৰ উপ প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰী শ্বেইখ মহম্মদ বিন আব্দুল ৰহমান আৰু অন্য বিশেষ ব্যক্তি সকলৰ সৈতে জয়শংকৰ বৈঠকত মিলিত হ'ব ৷

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জয়শংকৰৰ এই দুদিনীয়া কাটাৰ ভ্ৰমণ কাৰ্যসূচী সম্পৰ্কে ঘোষণা কৰিছে ৷ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কয় যে , "কাটাৰলৈ কৰা এই ভ্ৰমণ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে এছ জয়শংকৰৰ প্ৰথম ভ্ৰমণ হ'ব ৷ এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ কাটাৰৰ বৈদেশিক মন্ত্ৰী গৰাকীৰ সৈতে দ্বিপাক্ষিক বিষয়ৰ লগতে কিছুমান উমৈহতীয়া ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়বস্তুক লৈও আলোচনাত মিলিত হ'ব ৷

জানিব পৰা মতে, ক'ভিড-19 অতিমাৰীৰ সময়ছোৱাত ভাৰতীয় লোক সকলক ভালদৰে চোৱা-চিতা কৰাৰ বাবে মন্ত্ৰী গৰাকীয়ে কাটাৰক বিশেষভাৱে ধন্যবাদ জনাব ৷ অতিমাৰীৰ সময়ছোৱাত কাটাৰ আৰু ভাৰতৰ মাজত উচ্চ পৰ্যায়ত এক ঘনিষ্ঠ সম্পৰ্ক বৰ্তাই ৰখা পৰিলক্ষিত হৈছিল ৷

উল্লেখ্য যে, 7 লাখতকৈও অধিক ভাৰতীয় লোক কাটাৰত বাস কৰে ৷ বৈদেশিক মন্ত্ৰালয়ে কয় যে ক'ভিড-19 অতিমাৰীৰ বিৰুদ্ধে যুঁজখনত ভাৰত আৰু কাটাৰে একেলগে কাম কৰিছিল আৰু দুয়োখন দেশেই বিভিন্ন ক্ষেত্ৰৰ দ্বিপাক্ষিক বিষয়সমূহ সহযোগিতাৰে আগবঢ়াই নিয়াৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ ৷

লগতে পঢ়ক:সকলো দিশৰ পৰা আগুৰি ধৰিছে চীনেঃ ড্ৰেগনৰ দেশৰ কূটিল ৰাজনীতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.