ETV Bharat / bharat

Amit Shah Slams Congress: ৭০ বছৰ ধৰি কংগ্ৰেছে ৰাম মন্দিৰ প্ৰসংগ ওলোমাই ৰাখিছিল; অমিত শ্বাহ

author img

By

Published : Apr 30, 2023, 4:50 PM IST

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শনিবাৰে কয় যে, কংগ্ৰেছ দলটোৱে বিগত ৭০ বছৰ ধৰি ৰাম মন্দিৰৰ প্ৰশ্নতে আবদ্ধ হৈ আছিল । তেওঁ লগতে কয় যে, উচ্চতম ন্যায়ালয়ে এই বিষয়ত ৰায় দিয়াৰ লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাম মন্দিৰৰ ভেটি স্থাপন কৰে (Amit Shah Slams Congress on Ram Mandir issue) ।

Amit Shah Slams Congress
Amit Shah Slams Congress

নিউজ ডেস্ক, ৩০ এপ্ৰিল : কৰ্ণাটকৰ সমাগত বিধানসভা নিৰ্বাচনৰ (Karnataka election 2023) পৰিপ্ৰেক্ষিতত উদুপীত এক নিৰ্বাচনী ৰেলী সম্বোধন কৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয়, "৭০ বছৰ ধৰি কংগ্ৰেছ দলে ৰাম মন্দিৰৰ প্ৰশ্নত আবদ্ধ হৈ আছিল । এই প্ৰসংগটো ওলোমাই ৰাখিছিল । বিষয়টো বিপথে পৰিচালিত কৰিছিল (Amit Shah Slams Congress on Ram Mandir issue) । আদালতৰ ৰায়ৰ লগে লগে প্ৰধানমন্ত্ৰীয়ে ৰাম মন্দিৰৰ ভেটি স্থাপনৰ কাম কৰিছিল ।" কৰ্ণটাকৰ নিৰ্বাচনী প্ৰচাৰত পুনৰ ৰাম মন্দিৰৰ প্ৰসংগ টানি আনি কংগ্ৰেছক তীব্ৰ সমালোচনাৰে তেওঁ লগতে কয় যে, ৰাম মন্দিৰ মন্দিৰৰ নিৰ্মাণকাৰ্য ২০২৪ চনত সম্পূৰ্ণ হ'ব (Amit Shah on Karnataka election campaigns) ।

অমিত শ্বাহে কয়, "২০২৪ চনত অযোধ্যাত ৰামৰ জন্ম হোৱা একে ঠাইতে শ্ৰীৰামৰ এটা বিশাল মন্দিৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰা হ'ব (Ram Mandir on Ayodhya) ।" তেওঁ লগতে উল্লেখ কৰে যে, ভোট বেংকৰ ৰাজনীতিৰ লোভৰ বাবে কংগ্ৰেছে ৰাজ্যখনত পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (Popular Front of India, PFI) কেডাৰসকলক শক্তিশালী কৰিছে ।

"ৰাজ্যখনত কংগ্ৰেছ শাসনলৈ অহাৰ সময়ত তেওঁলোকে পিএফআই কেডাৰসকলক শক্তিশালী কৰিছিল । কিন্তু যেতিয়া আমাৰ চৰকাৰ আহে, আমি আমাৰ দেশক সুৰক্ষিত কৰিবলৈ পিএফআইক নিষিদ্ধ কৰোঁ (BJP blams congress on PFI issue) । কংগ্ৰেছ দলে ভোট বেংকৰ ৰাজনীতিৰ বাবে ৰাষ্ট্ৰৰ নিৰাপত্তাৰ সৈতেও আপোচ কৰিব পাৰে ।" তেওঁ কয় ।

উল্লেখ্য, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে কৈছিল যে, ভাৰতীয় জনতা পাৰ্টীক দিয়া প্ৰতিটো ভোটেই ৰাজ্যখনক নিষিদ্ধ সংগঠন পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়াৰ (PFI) পৰা সুৰক্ষিত কৰিব ।

শিৰাহাট্টিত এখন ৰাজহুৱা সভাত ভাষণ দি শ্বাহে কয়, "প্ৰতিটো ভোট গুৰুত্বপূৰ্ণ । সেয়েহে আপোনালোকে নিশ্চিত কৰক যে, এই ভোট যাতে সঠিক নেতৃত্বলৈ যায় । যেতিয়া কৰ্ণাটকৰ মানুহে 'পদুম'ৰ প্ৰতীকটোৰ বুটাম টিপিব তেতিয়া বুজিব যে আপুনি এজন বিধায়ক বা মন্ত্ৰী আৰু মুখ্যমন্ত্ৰী নিৰ্বাচিত কৰিবলৈ ভোট দিয়া নাই । আপোনাৰ এই ভোটেই 'মহান কৰ্ণাটক' সৃষ্টিত প্ৰধানমন্ত্ৰী মোডীৰ হাত অধিক শক্তিশালী কৰিব । আপোনাৰ ভোটেই কৰ্ণাটকক PFI-ৰ পৰা সুৰক্ষিত কৰিব ।" উল্লেখ্য, অহা ১০ মে'ত কৰ্ণাটক বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু ১৩ মে'ত ভোট গণনা কৰা হ'ব ।

লগতে পঢ়ক :Mann Ki Baat : ইতিবাচকৰ এক অনন্য উৎসৱ হৈ পৰিছে ‘মন কি বাত’ : প্ৰধানমন্ত্ৰী মোডী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.