নেশ্যনেল ডেস্ক, ২৪ এপ্ৰিল: ক'ভিড-১৯ৰ ভয়াৱহ সংক্ৰমণৰ বাবে মহাৰাষ্ট্ৰত ঘোষণা কৰা হৈছে লকডাউন । এই সময়ত সুৰাৰ বিপণী বন্ধ হৈ থকাতো স্বাভাৱিক । কিন্তু সুৰা অবিহনে দিন পাৰ কৰাতো যেন এচামৰ বাবে অতি কষ্টকৰ । যেনে তেনে হ'লেও যোগাৰ কৰিব সুৰাৰ । কিন্তু সুৰাৰ পৰিৱৰ্তে ছেনিটাইজাৰ পান কৰাতো কল্পনাতীত ।
আচৰিত যেন লাগিলেও এয়া সত্য । মহাৰাষ্ট্ৰত সুৰাৰ নাপাই ছেনিটাইজাৰ পান কৰি মৃত্যু হ'ল ৫ জন লোকৰ । সুৰাৰ প্ৰতি থকা অত্যাধিক আসক্তিয়ে মৃত্যুমুখলৈ ঠেলি দিলে লোককেইজনক । শুক্ৰবাৰে এই ঘটনা সংঘটিত হয় মহাৰাষ্ট্ৰৰ বাণী গাঁৱত । শনিবাৰে বাণী আৰক্ষী থানাৰ তদন্তকাৰী বিষয়া ডি.বি ভাড়িকাৰে জনোৱা মতে, লকডাউনৰ বাবে সুৰাৰ সকলো বিপণী বন্ধ হৈ আছে আৰু লোককেইজনে আগতীয়াকৈ মজুত কৰি ৰখা সুৰাও শেষ হৈছিল ।
তেওঁলোকে সুৰাৰ যোগাৰ কৰিব পৰা নাছিল । অৱশেষত তেওঁলোকে হেণ্ড ছেনিটাইজাৰৰ পান কৰাৰ সিদ্ধান্ত লয় । ছেনিটাইজাৰত যথেষ্ট পৰিমাণে সুৰা থাকে । ছেনিটাইজাৰ পান কৰাৰ পিছতে তেওঁলোক অসুস্থ হৈ পৰে । মুখ আৰু পেট জ্বলা, বমি, মূৰ ঘূৰোৱা আদি সমস্যাত ভোগে আটাইকেইজনে । শনিবাৰে পুৱাই সংকটজনক অৱস্থাত লোককেইজনক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আটাইকেইজনৰে মৃত্যু হয় ।
মৃত ব্যক্তিকেইজনৰ ভিতৰত দুজনক দাত্তা লাংগেৱাৰ আৰু সুনীল ডেংড়ে বুলি চিনাক্ত কৰা হৈছে আৰু বাকীকেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই । বাণী আৰক্ষীয়ে এই সন্দৰ্ভত এক গোচৰ ৰুজু কৰে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । সম্প্ৰতি ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে ।
লগতে পঢ়ক:অক্সিজেনৰ নাটনিৰ বাবে পঞ্জাৱত ৬ গৰাকী ৰোগীৰ মৃত্যু