নিউজ ডেস্ক, ১৯ জুন : তামিলনাডুত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা । দুখন বাছৰ মুখামুখী সংঘৰ্ষত ৫ জন যাত্ৰীৰ মৃত্যু হয় । আনহাতে, আন ৫০ জন লোক আঘাতপ্ৰাপ্ত হয় । আৰক্ষীয়ে জনোৱা অনুসৰি, সোমবাৰে কুড্ডালোৰ জিলাত দুখন ব্যক্তিগত বাছৰ মাজত এই মুখামুখী সংঘৰ্ষৰ সৃষ্টি হয় । যাৰ ফলত পাঁচজন লোকৰ মৃত্যু হোৱাৰ উপৰি কমেও ৫০ জন আহত হয় ।
দুৰ্ঘটনাত পতিত আটাইকেইজন আহতকে ততাতৈয়াকৈ কুড্ডালোৰ চৰকাৰী চিকিৎসালয়লৈ লৈ যোৱা হয় বুলি আৰক্ষীয়ে লগতে কয় । পাণুতিৰ মেলপট্টমপক্কামত সংঘটিত এই দুৰ্ঘটনাটোত দুয়োখন বাহনৰ সন্মুখৰ অংশ সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে । আনহাতে, দুৰ্ঘটনাটোৰ লগে লগে পথচাৰী আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু আহতসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱায় ।
লগতে আৰক্ষীয়ে জনাইছে যে দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ অনুসন্ধান আৰম্ভ কৰা হৈছে । প্ৰাৰম্ভিক প্ৰতিবেদনসমূহে ইংগিত দিছে যে এখন বাছৰ সন্মুখৰ টায়াৰ ফুটি যোৱাৰ ফলত চালকজনে বাহনখনৰ নিয়ন্ত্ৰণ হেৰুৱাই পোলায় । তাৰ ফলস্বৰূপে বিপৰীত দিশৰ অহা আন এখন বাছৰ সৈতে বাছখনৰ মুখামুখী সংঘৰ্ষ লাগে বুলি আৰক্ষীয়ে জনাইছে ।
আনহাতে, জ্যেষ্ঠ জিলা ৰাজহ বিষয়া আৰু আৰক্ষীয়ে আহতসকলক সহায় কৰিবলৈ মেলপট্টামপাক্কামলৈ ঢাপলি মেলে । কুড্ডালোৰ জিলা উপায়ুক্ত অৰুণ থাম্বুৰাজ আৰু জিলা আৰক্ষী অধীক্ষক ৰাজাৰমণে কুড্ডালোৰ চৰকাৰী চিকিৎসালয় পৰিদৰ্শন কৰিছে আৰু চিকিৎসাধীন লোকসকলৰ স্বাস্থ্যৰ অৱস্থাৰ বুজ লয় ।
আনহাতে, তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিন, বিৰোধী নেতা এডাপ্পাডি কে পালানিস্বামী আৰু বিজেপিৰ ৰাজ্যিক সভাপতি কে আন্নামালাই দুৰ্ঘটনাটোত শোক প্ৰকাশ কৰে । মুখ্যমন্ত্ৰীয়ে মৃতকৰ পৰিয়ালৰ বাবে ২ লাখ টকাকৈ আৰু চিকিৎসালয়ত চিকিৎসাধীন লোকসকলৰ বাবে ৫০ হাজাৰকৈ টকাৰ অনুদান ঘোষণা কৰিছে । ষ্টেলিনে লগতে কয়, "কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী এম আৰ কে পন্নীৰচেলভম আৰু শ্ৰম কল্যাণ আৰু দক্ষতা বিকাশ মন্ত্ৰী চিভি গণেশনে আহতসকলক বিশেষ চিকিৎসা প্ৰদান কৰাটো নিশ্চিত কৰিবলৈ চিকিৎসালয়খন পৰিদৰ্শন কৰিব ।"
লগতে পঢ়ক :Hardeep Singh Nijjar Shot Dead : খালিস্তানী সমৰ্থক হৰদীপ সিং নিজ্জাৰক কানাডাত গুলীয়াই হত্যা