নেশ্যনেল ডেস্ক,5 এপ্ৰিল : পশ্চিমবংগৰ পূব বৰ্ধমান জিলাত দেওবাৰে তৃণমূল কংগ্ৰেছ (টিএমচি)ৰ কাৰ্যালয় ভাঙি টিএমচিৰ সদস্যক আক্ৰমণ কৰে 5 বিজেপি কৰ্মীয়ে ৷
আৰক্ষীয়ে সদৰি কৰা মতে, দেওবাৰে বিয়লি ভাগত বিজেপি সমৰ্থকসকলে তেওঁলোকৰ প্ৰাৰ্থী ভিষ্মদেৱ ভট্টাচাৰ্যৰ হৈ মেমাৰী আৰক্ষী থানাৰ সমীপৰ নৌহাটি গাঁৱত প্ৰচাৰ চলাই থকাৰ সময়তে সংঘটিত হয় এই ঘটনা ৷
প্ৰচাৰৰ সময়ত তৃণমূল কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত তুমূল বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ ইয়াৰ পাচতে বিজেপি কৰ্মীসকলে কেইবাটাও ঘৰ ভাঙি লণ্ড-ভণ্ড কৰে আৰু সোণসহ 2 লাখ টকা লুটি নিয়ে ৷ এই ঘটনাৰ ফলত দুখন বাহন আৰু চাৰিখন বাইক ক্ষতিগ্ৰস্ত হয় ৷
উক্ত ঘটনাৰ সময়ত অঞ্চলটোৰ এটি তৃণমূল কংগ্ৰেছৰ কাৰ্যালয়ো বিজেপি কৰ্মীসকলে প্ৰত্যক্ষ কৰি লোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
লগতে পঢ়ক : চট্টিচগড়ত নক্সাল সংঘৰ্ষত নিহত জোৱান সকলৰ মৃতদেহ জগদলপুৰলৈ প্ৰেৰণ