ETV Bharat / bharat

Union Budget 2023 : ১৯৫০ চনত দেশত আয়কৰ কিমান আছিল ? কেন্দ্ৰীয় বাজেটৰ ইটো সিটো

author img

By

Published : Jan 4, 2023, 2:08 PM IST

২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট ১ ফেব্ৰুৱাৰীত উপস্থাপন কৰা হ'ব । ভাৰতৰ প্ৰথম বাজেট উত্থাপন কৰিছিল বিত্ত মন্ত্ৰী আৰ কে সন্মুখম চেট্টিয়ে (first FM of India RK Shanmukham Chetty) । আৰম্ভণিতে 1,500 টকালৈকে উপাৰ্জন কৰমুক্ত আছিল ।

budget
budget

নিউজ ডেস্ক, ৪ জানুৱাৰী : দেশৰ সাধাৰণ বাজেট উত্থাপনৰ বাবে বৰ্তমান এমাহৰো কম সময় বাকী আছে । কেন্দ্ৰীয় চৰকাৰৰ বাজেট অধিবেশন ৩১ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব । আনহাতে, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে (Finance Minister Nirmala Sitharaman) অহা ১ ফেব্ৰুৱাৰীত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাবে কেন্দ্ৰীয় বাজেট সংসদত উপস্থাপন কৰিব (Union Budget 2023) । এইবাৰ আশা কৰা হৈছে যে চৰকাৰে আগন্তুক বাজেটত আয়কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰিব পাৰে (Income tax Exemption limit) ।

যদি চৰকাৰে এনে কৰে, তেনেহ'লে ই মধ্যবিত্ত শ্ৰেণীৰ বাবে এক ডাঙৰ সকাহ হ'ব । উল্লেখ্য, স্বাধীন ভাৰতৰ প্ৰথম বাজেটৰ পৰায়ে আয়কৰ শ্লেব (Income Tax Slab) নিৰ্ধাৰণ কৰাৰ পৰম্পৰা চলি আহিছে । আপুনি জানি আচৰিত হ'ব যে ভাৰতৰ প্ৰথম সাধাৰণ বাজেটত 1,500 টকালৈকে উপাৰ্জন কৰমুক্ত আছিল ।

বৰ্তমান 2.50 লাখ টকালৈকে উপাৰ্জন কৰমুক্ত । যদি বাৰ্ষিক উপাৰ্জন এই সীমাৰ ওপৰত হয় তেন্তে আয়কৰ পৰিশোধ কৰিব লাগিব । আয়কৰ সীমা অন্তিমবাৰৰ বাবে ২০১৪ চনত সলনি কৰা হৈছিল । সেই সময়ত ২ লাখৰ সীমাৰ পৰা আয়কৰৰ সীমা ২.৫০ লাখ টকালৈ বৃদ্ধি কৰা হৈছিল (Income Tax Exemption) । বিগত 9 বছৰত অৱশ্যে আয়কৰ ৰেহাইৰ পৰিসৰ বৃদ্ধি কৰা হোৱা নাই ।

কিমান কৰ পৰিশোধ কৰিবলগা হৈছিল

স্বাধীনতাৰ সময়ত আৰোপ কৰা আয়কৰ সম্পৰ্কে আপোনাৰ ধাৰণা আছেনে ? যদি আপুনি সেই সময়ৰ আয়কৰৰ বিষয়ে নাজানে তেন্তে এই প্ৰতিবেদন নিশ্চিতভাৱে পঢ়ক । স্বাধীন ভাৰতৰ প্ৰথম বাজেট ভাৰতৰ প্ৰথম বিত্ত মন্ত্ৰী আৰ কে সন্মমুখম চেট্টিয়ে 1947 চনৰ 26 নৱেম্বৰত উপস্থাপন কৰিছিল (first FM of India RK Shanmukham Chetty) ।

১৯৪৯-৫০ চনৰ ভাৰতৰ বাজেটত প্ৰথমবাৰৰ বাবে আয়কৰ হাৰ নিৰ্ধাৰণ কৰা হৈছিল । তাৰ পিছত 1,500 টকালৈকে বাৰ্ষিক উপাৰ্জন আয়কৰ বন্ধনীৰ পৰা বাদ দিয়া হৈছিল । বাজেটত 1,501 টকাৰ পৰা 5,000 টকাৰ ভিতৰত বাৰ্ষিক উপাৰ্জনৰ ওপৰত 4.69 শতাংশ আয়কৰ আৰোপ কৰা হৈছিল । ৫,০০১ টকাৰ পৰা ১০,০০০ টকাৰ ভিতৰত উপাৰ্জনৰ ওপৰত ১০.৯৪ শতাংশ কৰ আৰোপ কৰা হৈছিল ।

31.25 শতাংশলৈকে আছিল আয়কৰ

যদি এজন ব্যক্তিৰ উপাৰ্জন 10,001 টকাৰ পৰা 15,000 টকা হয়, তেন্তে তেওঁ 21.88 শতাংশ হাৰত আয়কৰ পৰিশোধ কৰিবলগা হৈছিল । 15,001 টকাৰ অধিক উপাৰ্জন কৰাসকলৰ বাবে আয়কৰ শ্লেব আছিল 31.25 শতাংশ । ইয়াৰ পিছত কৰ শ্লেবৰ হাৰ বছৰে বছৰে সলনি হৈ থাকে । বৰ্তমান আয়কৰ ৰেহাইৰ সীমা ২.৫ লাখ টকালৈ বৃদ্ধি কৰা হৈছে ।

লগতে পঢ়ক :New anti cancer agent: ভাৰতীয় বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিলে কৰ্কট ৰোগৰ বৈকল্পিক ঔষধৰ অণু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.