আইজল,13 মাৰ্চ: আইজলৰ মৌবাউক অঞ্চলত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত ৷ 15 টাকৈ পৰিয়ালে বাস কৰা প্ৰায় 8 টা বাসগৃহ জুইত জাহ যায় ৷ শনিবাৰে পুৱতি নিশাৰ ভাগত সংঘটিত হয় এই অগ্নিকাণ্ড ৷ এটা চিলিণ্ডাৰৰ বিস্ফোৰণ হোৱাৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷

ঘটনাৰ ফলত আটাইকেইটা পৰিয়ালৰে সকলোবোৰ সম্পত্তি জুইত জাহ যায় ৷ পুৱতি নিশা সংঘটিত এই ঘটনাৰ ফলত বাসগৃহ কেইটাৰ বাসিন্দাসকল কোনোমতে পলাই সাৰিবলৈ সক্ষম হয় ৷ ওচৰৰ অন্য 20 টা বাসগৃহতো জুয়ে কিছু পৰিমাণে ক্ষতিসাধন কৰে ৷
আনহাতে, পুৱা 6 বজাত অগ্নি নিৰ্বাপক বাহিনীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হয় ৷ ঘটনাৰ ফলত কোনো লোক হতাহত হোৱা নাই যদিও 21 টাকৈ পশুধনৰ মৃত্যু ঘটে ৷ ৰাজ্যখনৰ দুৰ্যোগ প্ৰশমন বিভাগৰ মন্ত্ৰী লালচামলিয়ানাই ঘটনাস্থলী পৰিদৰ্শন কৰে আৰু ভুক্তভোগীৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ৷
লগতে পঢ়ক: ক'ভিড-১৯ ৰ প্ৰতিষেধক সকলোৱে পোৱাটো কাম্য