ETV Bharat / bharat

Khaderpet Banian Market fire : তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড, জ্বলি গ'ল ৫০ৰো অধিক কাপোৰৰ দোকান

author img

By

Published : Jun 24, 2023, 2:08 PM IST

তামিলনাডুৰ বিখ্যাত খাদৰপেট বজাৰত অগ্নিকাণ্ড । কাপোৰ বজাৰখনৰ প্ৰায় ৫০ খন দোকান জ্বলি নিঃশেষ । অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই ।

Khaderpet Banian Market fire
তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড

নেশ্যনেল ডেস্ক,২৪ জুন : তামিলনাডুত ভয়ংকৰ অগ্নিকাণ্ড । কাপোৰৰ বজাৰত সংঘটিত এই অগ্নিকাণ্ড ৫০ ৰো অধিক বিপণী জ্বলি ছাৰখাৰ । কোনো লোক হতাহতি হোৱাৰ খবৰ পোৱা হোৱা নাই । তামিলনাডুৰ তিৰুপুৰৰ কেন্দ্ৰ ৰায়পুৰমৰ খাদৰপেট অঞ্চলত আছিল এই কাপোৰৰ বজাৰখন । বজাৰখন খাদৰপেট বজাৰ বুলিও জনাজাত । এই বজাৰখনত ৫০ খনতকৈও অধিক দোকান আছিল । লগতে এই কাপোৰবোৰ বাহিৰৰ জিলা আৰু অন্যান্য ৰাজ্যৰ পাইকাৰী আৰু খুচুৰা বজাৰলৈ ৰপ্তানি কৰা হয় ।

উল্লেখ্য যে আন দিনৰ দৰে শুকুৰবাৰেও নিশা ৯ বজাৰ লগে লগে বজাৰখন বন্ধ হৈছিল । কিন্তু কিছু সময়ৰ ভিতৰতে কপোৰৰ বজাৰখনত জুইৰ সূত্ৰপাত হয় । লগে লগে স্থানীয় লোকসকলে অগ্নি নিৰ্বাপক বাহিনী আৰু আৰক্ষীক খবৰ দিয়ে । খবৰ পোৱাৰ পাছতে তিৰুপ্পুৰ উত্তৰ, দক্ষিণ, আভিনাচী, পল্লাদম আৰু অন্যান্য অঞ্চলৰ পৰা অগ্নি নিৰ্বাপক বাহিনীৰ বাহন সেই স্থানলৈ ৰাওনা হয় আৰু অগ্নিনিৰ্বাপণত জড়িত হৈ পৰে ।

জুই ইমানে ভয়াৱহ আছিল যে পানীৰ অভাৱৰ বাবে জুই তৎক্ষণাৎ নিৰ্বাপিত কৰিব পৰা যোৱা নাছিল । সেয়েহে, পৌৰ নিগমৰ পানীৰ ট্ৰাক, ব্যক্তিগত পানীৰ ট্ৰাকৰ সহায়ত অগ্নিনিৰ্বাপক বাহিনী আৰু স্থানীয় লোকে জুই নিৰ্বাপণৰ চেষ্টা চলায় । প্ৰায় ২ ঘণ্টা ধৰি চলা এই প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাপিত হয় । সৌভাগ্যক্ৰমে, সকলো দোকান বন্ধ হৈ থকাৰ বাবে কোনো লোক হতাহত হোৱা নাই । ইফালে ভয়ংকৰ অগ্নিকাণ্ডৰ পাছতে তিৰুপ্পুৰ দক্ষিণ সমষ্টিৰ বিধানয়ক চেলভাৰাজ, জিলা উপায়ুক্ত খ্ৰীষ্টৰাজ, উপ সংগ্ৰাহক শ্ৰীথন জয় নাৰায়ণন, নিগমৰ আয়ুক্ত পৱন কুমাৰে সেই স্থান পৰিদৰ্শন কৰে ।

উপায়ুক্তগৰাকীয়ে জনোৱা মতে অগ্নিকাণ্ডৰ ফলত হোৱা ক্ষতিৰ মূল্য পৰীক্ষা কৰাৰ পাছত ক্ষতিপূৰণৰ বিষয়ে আলোচনা কৰা হ'ব । ইফালে আৰক্ষীয়ে সন্দেহ কৰা মতে শ্বৰ্ট চাৰ্কিটৰ ফলতে এই অগ্নিকাণ্ড সংঘটিত হৈছে । অৱশ্যে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক :Fighting video goes viral: কেদাৰনাথৰ পথত তুমুল সংঘৰ্ষত লিপ্ত ঘোঁৰা-খচ্চৰৰ গৰাকী; ভক্তৰ আৰ্তনাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.