ETV Bharat / bharat

ভুৱা তথ্য প্ৰচাৰ কৰাৰ অভিযোগত ৰাজদ্বীপ আৰু শশী থাৰুড়ৰ বিৰুদ্ধে গোচৰ ৰুজু - সাংসদ শশী থাৰোৰ

গণৰাজ্য দিৱসত ট্ৰেক্টৰ ৰেলীৰ সৰ্ন্দভত ভুৱা বাতৰি পৰিবেশন কৰা আৰু অপপ্ৰচাৰ চলোৱা লোকৰ বিৰুদ্ধে সৰৱ হৈছে দিল্লী আৰক্ষী ৷ ইতিমধ্যে দিল্লী আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ চাৰদেশাই আৰু সাংসদ শশী থাৰুড় সহ প্ৰায় ছয় গৰাকী ব্যক্তিৰ বিৰুদ্ধে গোচৰ দাখিল কৰিছে ৷

প্ৰসংগ কৃষক বিদ্ৰোহঃ ৰাজদ্বীপ চৰদেশাই, সাংসদ শশী থাৰোৰ সহিতে কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু

author img

By

Published : Jan 31, 2021, 9:04 AM IST

নিউজ ডেস্ক, 31জানুৱাৰীঃ গণৰাজ্য দিৱসত কৃষকে বাহিৰ কৰা ট্ৰেক্টৰ ৰেলীক লৈ ভুৱা বাতৰি আৰু উত্তজেনা বিয়পোৱাৰ অভিযোগত কেবাগৰাকীও ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে ৷ এনডিটিভিৰ জ্যেষ্ঠ সাংবাদিক ৰাজদ্বীপ চাৰদেশাই আৰু কংগ্ৰেছ সাংসদ শশী থাৰুড়সহ ছজন ব্যক্তিৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ ৷ উল্লেখযোগ্য যে, তেওঁলোকৰ বিৰুদ্ধে অভিযোগ আছ যে দিল্লীত ট্ৰেক্টৰ ৰেলীৰ সময়ত আৰক্ষীয়ে গুলিচালনা কৰাৰ উৰাবাতৰি প্ৰচাৰ কৰিছিল ৷ যাৰ ফলত কৃষকৰ প্ৰতিবাদে ভয়ংকৰ ৰূপ ধাৰণ কৰিছিল ৷ সম্প্ৰতি আৰক্ষীয়ে সমগ্ৰ ঘটনা সৰ্ন্দভত তদন্ত অব্যাহত ৰাখিছে ৷

প্ৰসংগ কৃষক বিদ্ৰোহঃ ৰাজদ্বীপ চৰদেশাই, সাংসদ শশী থাৰোৰ সহিতে কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু
প্ৰসংগ কৃষক বিদ্ৰোহঃ ৰাজদ্বীপ চৰদেশাই, সাংসদ শশী থাৰোৰ সহিতে কেইবাজনৰ বিৰুদ্ধে গোচৰ ৰুজু

জানিব পৰা মতে, আইপি ষ্টেট থানাত চিৰঞ্জীব কুমাৰে অভিযোগ দাখিল কৰি কয় যে, 26 জানুৱাৰীত ট্ৰেক্টৰ ৰেলীত কৃষকৰ মৃত্যুৰ সৰ্ন্দভত সাংসদ শশী থাৰুড় ,সাংবাদিক ৰাজদ্বীপ চাৰদেশাই, মৃণাল পাণ্ডে, পাৰসনাথ, অনন্তনাথ আৰু বিনোদ নামৰ ব্যক্তি গৰাকীয়ে নিজৰ টুইটাৰ একাউন্টৰ জৰিয়তে প’ষ্ট কৰিছিল ৷ তাত কোৱা হৈছিল যে, আৰক্ষীৰ গুলিত কৃষকৰ মৃত্যু হৈছে ৷ যাৰ বাবে কৃষক সকল উত্তেজিত হৈ পৰিছিল আৰু হিংসাত্মক ঘটনাৰ সৃষ্টি হৈছিল ৷ সম্প্ৰতি এই কেইগৰাকী ব্যক্তিৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে IPCৰ 153,504,505(1)B আৰু 12OB ৰ অধীনত গোচৰ ৰুজু কৰিছে তদন্ত অব্যাহত ৰাখিছে ৷

লগতে পঢ়কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ আক্ৰমণত নিহত বনকৰ্মী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.