ETV Bharat / bharat

Fighting video goes viral: কেদাৰনাথৰ পথত তুমুল সংঘৰ্ষত লিপ্ত ঘোঁৰা-খচ্চৰৰ গৰাকী; ভক্তৰ আৰ্তনাদ

কেদাৰনাথৰ পথত ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ মাজত হোৱা কাজিয়াৰ ভিডিঅ’ ভাইৰেল হৈছে ৷ এই ভিডিঅ'টোত ঘোঁৰা আৰু খচ্চৰৰ গৰাকীয়ে পথৰ ওপৰতে কাজিয়াত লিপ্ত হোৱা দেখা গৈছে ৷ ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ এই যুদ্ধত ইজনে সিজনক প্ৰহাৰ কৰা দেখা গৈছে ৷

author img

By

Published : Jun 23, 2023, 9:53 PM IST

Fighting on the Kedarnath walkway
কেদাৰনাথত অঘটন
তুমুল সংঘৰ্ষত লিপ্ত ঘোঁৰা-খচ্চৰৰ গৰাকী

নিউজ ডেস্ক, 23 জুন: কেদাৰনাথত প্ৰতিদিনে চৰ্চালৈ আহিছে ঘোঁৰা-খচ্চৰ সম্পৰ্কীয় বিতৰ্ক ৷ কেতিয়াবা ঘোঁৰা-খচ্চৰৰ প্ৰতি নিষ্ঠুৰতা আৰু কেতিয়াবা যাত্ৰীৰ লগত কাজিয়া, কেদাৰনাথলৈ খোজকাঢ়ি যোৱা পথৰ পৰা প্ৰতিদিনে এনে খবৰ পোহৰলৈ আহিছে ৷ শেহতীয়া ঘটনাত ঘোঁৰা-খচ্চৰৰ গৰাকীয়ে নিজেই ইজনে সিজনৰ লগত সংঘৰ্ষত লিপ্ত হোৱাৰ কথা পোহৰলৈ আহিছে ৷ ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ এই যুঁজৰ ভিডিঅ’ এতিয়া চৰ্চালৈ আহিছে ৷

এইবাৰ কেদাৰনাথৰ পথত ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ মাজত হোৱা কাজিয়াৰ ভিডিঅ’ ভাইৰেল হৈছে ৷ এই ভিডিঅ'টোত ঘোঁৰা আৰু খচ্চৰৰ গৰাকীয়ে পথৰ ওপৰতে কাজিয়াত লিপ্ত হোৱা দেখা গৈছে ৷ ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ এই যুদ্ধত ইজনে সিজনক প্ৰহাৰ কৰা দেখা গৈছে ৷ জানিব পৰা মতে কেদাৰনাথ মন্দিৰলৈ যোৱা ঘোঁৰা আৰু খচ্চৰৰ গৰাকীয়ে কোনো বিষয়ক লৈ ইজনে সিজনৰ লগত সংঘৰ্ষত লিপ্ত হৈছিল ৷ যি সময়ত এই যুঁজ চলি আছিল, সেই সময়ত ঘোঁৰাত এগৰাকী মহিলা ভক্তও বহি আছিল ৷ অতি ঠেক এই পথত বহু জীৱ-জন্তুৱে ভক্তৰ সৈতে অকলে দৌৰি গৈ থকা দেখিবলৈ পোৱা গৈছিল; যিটো অতি বিপদজনক ৷

এই ঘোঁৰা-খচ্চৰ চালকসকলে ভক্তসকলৰ প্ৰতি কোনো গুৰুত্ব নিদিয়াকৈ ইজনে সিজনৰ লগত যুঁজি থকা পৰিলক্ষিত হয় ৷ ইয়াৰ মাজতে এই ঠাইত এক বিশৃংখল পৰিৱেশৰ সৃষ্টি হয় ৷ দলং আৰু সৰু ৰাস্তাটোত ঘোঁৰা আৰু খচ্চৰৰ গৰাকীৰ মাজৰ এই যুঁজৰ বাবে যিকোনো ডাঙৰ দুৰ্ঘটনা হোৱাৰো অৱকাশ আছিল ৷ কিন্ত এই সকলোবোৰ পাহৰি তেওঁলোকে বহুসময় যুঁজি থকা পৰিলক্ষিত হয় ৷ কেদাৰনাথৰ পথত এই ঘটনাৰ ভিডিঅ’ নিজৰ কেমেৰাত আবদ্ধ কৰিলে এজন ভ্ৰমণকাৰীয়ে ৷

কেদাৰনাথৰ পৰিৱেশ বিনষ্ট কৰিবলৈ চেষ্টা কৰা এনে লোকৰ বিৰুদ্ধে আৰক্ষীয়ে অহৰহ এফআইআৰ ৰুজু কৰি আছে ৷ বিগত সময়তো এনে বহু লোকে যাত্ৰীক আক্ৰমণ কৰাৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছিল ৷ এতিয়া ঘোঁৰা আৰু খচ্চৰ গৰাকীৰ এই নতুন ভিডিঅ'টো ভাইৰেল হৈ পৰিছে ৷ যি যথেষ্ঠ লজ্জিত কৰি তুলিছে কেদাৰনাথবাসীক ৷

লগতে পঢ়ক: Opposition Patna Meet: বিৰোধীৰ সৰ্বদলীয় বৈঠক; 2024ত বিজেপিৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াৰ সিদ্ধান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.