নেশ্যনেল ডেস্ক,১৪ এপ্ৰিল: কৰ'ণা ভাইৰাছৰ ঘটনা বৃদ্ধি হোৱাৰ লগে লগে সষ্টম হৈছে দেশৰ প্ৰতিখন ৰাজ্য । কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে একাংশ ৰাজ্যৰ স্বাস্থ্য বিভাগ তথা প্ৰশাসনে । ইফালে কোনো ঠাইত সান্ধ্য আইন জাৰি কৰা হৈছে । ইয়াৰ ফলত চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে একাংশ শ্ৰমিক । উত্তৰ প্ৰদেশৰ মিৰাটৰ ৰেচম উদ্যোগৰ একাংশ শ্ৰমিকে লক ডাউনৰ আশংকাত ইতিমধ্যে ঘৰমুৱা হৈছে ।
একাংশ উদ্যোগত কম সংখ্যক শ্ৰমিকেৰে কাম চলাই থকা হৈছে । কিন্তু ৰাজ্যখনত নৈশ সান্ধ্য আইনৰ বাবে একপ্ৰকাৰ উদ্যোগসমূহ অকাৰ্যক্ষম হোৱা আৰম্ভ হৈছে । এনে সময়ত পুনৰ বিগত বছৰৰ লক ডাউনৰ কথা স্মৰণ কৰিছে শ্ৰমিকসকলে ।
লক ডাউনৰ বাবে চৰম প্ৰত্যাহ্বানৰ সন্মুখীন হোৱা শ্ৰমিকসকলে ভয়ত কপিছে পুনৰ লক ডাউন সৃষ্ট পৰিৱেশৰ আশংকাত । মুঠতে কৰ'ণাৰ দ্বিতীয় ঢৌৱে বিভিন্ন ক্ষেত্ৰত প্ৰভাৱ পেলোৱাৰ লগতে বিশেষকৈ শ্ৰমিকসকলৰ জীৱনত যথেষ্ট প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে ।
লগতে পঢ়ক: ৱেজক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ মুম্বাই আৰক্ষীৰ