ETV Bharat / bharat

উগ্ৰপন্থীৰ আক্ৰমণ বৃদ্ধিয়ে শংকিত কৰিছে কাশ্মীৰৰ বিজেপি নেতা-কৰ্মীক - কাশ্মীৰ

জম্মু আৰু কাশ্মীৰত বৃদ্ধি পাইছে ভাৰতীয় জনতা পাৰ্টী(BJP)ৰ নেতা আৰু কৰ্মীৰ ওপৰত আক্ৰমণৰ ঘটনা ৷ বিজেপি কৰ্মীৰ ওপৰত আক্ৰমণ বৃদ্ধি পোৱাৰ লগে লগে ভয় আৰু শংকাত প্ৰতি মূহুৰ্ত পাৰ কৰিছে জম্মু আৰু কাশ্মীৰৰ বিজেপি দলৰ অনুগত তথা নেতাসকলে ৷

Fear grips BJP in Kashmir following rise in militant attacks
উগ্ৰপন্থীৰ আক্ৰমণ বৃদ্ধিয়ে শংকিত কৰিছে কাশ্মীৰৰ বিজেপি নেতা-কৰ্মীক
author img

By

Published : Aug 14, 2021, 12:11 PM IST

নেশ্যনেল ডেস্ক, 14 আগষ্ট: চলিত বৰ্ষত জম্মু-কাশ্মীৰৰ কেইবাজনো বিজেপিৰ নেতা আৰু কৰ্মী উগ্ৰপন্থী আক্ৰমণৰ সন্মুখীন হৈছে ৷ উগ্ৰপন্থীৰ আক্ৰমণৰ ফলত এতিয়া দলৰ অনুগত তথা নেতাসকলৰ মাজত ভয় আৰু শংকাই বিৰাজ কৰা পৰিলক্ষিত হৈছে ৷ অৱশ্যে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰায়বিলাক বিজেপি কাৰ্যালয়তে নিৰাপত্তা ব্যৱস্থা বৃদ্ধি কৰা হৈছে ৷

এই সন্দৰ্ভত দলৰ মুখপাত্ৰ আলটাফ ঠাকুৰে কয় যে, উপত্যকাটোত হোৱা উন্নয়ন উগ্ৰপন্থীসকলৰ সহ্য হোৱা নাই আৰু সেয়ে তেওঁলোকে এনেদৰে বিজেপি নেতা কৰ্মীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ তেওঁ কয় যে, বিগত দুটা বছৰত দলটোৱে প্ৰায় 20 গৰাকী নেতাক উগ্ৰপন্থীৰ হাতত হেৰুৱালে যদিও তেওঁলোক এতিয়াও উন্নয়নমূলক কাম-কাজৰ বাবে পূৰ্ণোদ্যমেৰে সাজু আছে ৷

সকলোকে নিৰাপত্তা প্ৰদান কৰাটো সম্ভৱপৰ নহয় বুলি জানিবলৈ দি তেওঁ কয় যে, স্পৰ্শকাতৰ অঞ্চলসমূহৰ নেতাসকলক হোটেল বা অন্যান্য সুৰক্ষিত স্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছে ৷ দলৰ নেতা-কৰ্মীসকলৰ নিৰাপত্তা পৰ্যালোচনা কৰাৰ বাবে প্ৰশাসনকো দলৰ ফালৰ পৰা অনুৰোধ জনোৱা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে ৷ উপত্যকাটোত হৈ থকা উন্নয়নমূলক কামসমূহক লৈ যুৱকসকল বহু সুখী বুলি মন্তব্য কৰি ঠাকুৰে দলৰ কৰ্মীসকলৰ মনোবল হিমালয়তকৈও অধিক শক্তিশালী বুলি উল্লেখ কৰে ৷

উল্লেখ্য যে, বিগত বৰ্ষত উত্তৰ-কাশ্মীৰ(​​North Kashmir)ৰ বান্দিপোৰা অঞ্চল(Bandipora area)ত ৱাছিম বাৰী(Wasim Bari) নামৰ দলৰ এজন যুৱ নেতাক হত্যা কৰা হৈছিল ৷ ইয়াৰ পাচতে কেন্দ্ৰীয় শাসিত অঞ্চলটোত ধাৰাবাহিক আক্ৰমণ অব্যাহত আছিল ৷ শেহতীয়াকৈ দক্ষিণ কাশ্মীৰ(South Kashmir)ৰ অনন্তনাগ(Anantnag) জিলাত দলৰ দুজন নেতাক হত্যা কৰা হৈছিল ৷ বৃহস্পতিবাৰে নিশাও ৰাজৌৰী(Rajouri) জিলাত এজন দলীয় নেতাক আক্ৰমণ কৰা হয় ৷

এই সন্দৰ্ভত বক্তব্য ৰাখি বিজেপি নেতা মহম্মদ ইউছুফ দাৰে কয়, "কাশ্মীৰক লুণ্ঠন কৰি থকা সংগঠনসমূহ হতাশ হৈ পৰিছে ৷ এই আক্ৰমণবোৰে আমাৰ সংকল্প দুৰ্বল নকৰে ৷ এজন নিহত হ'লে 10 জনে যোগদান কৰিব" ৷ ইফালে, কাশ্মীৰৰ বিভিন্ন জিলাত কৰ্মৰত দলীয় নেতাসকলে দলীয় কৰ্মীসকলৰ মাজত ভয় আৰু উদ্বেগে বিৰাজ কৰিছে বুলি স্বীকাৰ কৰিছে ৷

উত্তৰ কাশ্মীৰৰ বাৰামুলা(Baramulla) জিলাৰ গান্দবাৰ্থ (Gandbarth) গাঁৱৰ বিজেপিৰ চৰপঞ্চ( sarpanch) গুলাম নবী ৱাৰে কয়, "এই আক্ৰমণে ভয় আৰু উদ্বেগৰ সৃষ্টি কৰিছে ৷ আমি আমাৰ মানুহৰ বাবে কাম কৰিব পৰা নাই ৷ মই ইয়াত শ্ৰীনগৰৰ এখন হোটেলত আছো ৷ মই সুৰক্ষিত কিন্তু মোৰ পৰিয়ালৰ লোকসকলক লৈ মই চিন্তিত হৈ পৰিছো" ৷ তেওঁ লগতে কয় যে, "মই একো ভুল কৰা নাই ৷ মই মানুহৰ বাবে কাম কৰিব বিচাৰো ৷ মোক দিনত কিছু সময়ৰ বাবে গাঁৱলৈ যাবলৈ অনুমতি দিয়া হয় কিন্তু সেয়া পৰ্যাপ্ত নহয় ৷ দলৰ প্ৰতি মোৰ কোনো অভিযোগ নাই কিন্তু আমি কেনেদৰে জীয়াই আছো চাওক" ৷

উল্লেখ্য যে, বিগত বৰ্ষৰ 13 আগষ্টত বুদগামত আব্দুল হামিদ নাজ্জাৰ নামৰ এজন ব্যক্তিৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হোৱাৰ পাচতে বিজেপিৰ 13 জনকৈ কৰ্মীয়ে পদত্যাগ কৰিছিল ৷

লগতে পঢ়ক: জম্মু-কাশ্মীৰত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলি: দুজন জোৱান আহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.