ETV Bharat / bharat

Dr Farooq Abdullah : ভাৰত আৰু পাকিস্তানক আলোচনাৰ বাবে যুঁজ এৰাৰ আহ্বান ফাৰুক আব্দুল্লাৰ - সন্ত্ৰাসবাদ

ড৹ ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানক জম্মু আৰু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ দুৰ্যোগ দূৰ কৰাৰ প্ৰচেষ্টাত আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায় ৷ সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ড৹ আব্দুল্লাই অঞ্চলটোৰ পৰা উগ্ৰবাদ নিৰ্মূল কৰা হৈছে বুলি কৰা চৰকাৰী দাবীক উপহাস কৰে ৷

Farooq Abdullah Urges India and Pakistan
ভাৰত আৰু পাকিস্তানক আলোচনাৰ বাবে আহ্বান ফাৰুক আব্দুল্লাৰ
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:47 PM IST

নিউজ ডেস্ক, 14 ছেপ্টেম্বৰ : জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ড৹ ফাৰুক আব্দুল্লাই বৃহস্পতিবাৰে ভাৰত আৰু পাকিস্তানক জম্মু আৰু কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদৰ দুৰ্যোগ দূৰ কৰাৰ প্ৰচেষ্টাত আলোচনা আৰম্ভ কৰিবলৈ আহ্বান জনায় ৷ শ্ৰীনগৰৰ উপকণ্ঠৰ হুমহামাত নিহত উপ আৰক্ষী অধীক্ষক হিমায়ুন মুজাম্মিল ভাটৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি ড৹ আব্দুল্লাই অঞ্চলটোৰ পৰা উগ্ৰবাদ নিৰ্মূল কৰা হৈছে বুলি কৰা চৰকাৰী দাবীক উপহাস কৰে ৷ তেওঁ কয় "এই সংঘৰ্ষৰ পিছত য'ত এজন কৰ্ণেল, মেজৰ আৰু এজন ডিৱাইএছপি শ্বহীদ হৈছিল, যেতিয়া কেইবাজনো সৈন্যই চিকিৎসালয়ত তেওঁলোকৰ জীৱনৰ বাবে যুঁজি আছে, আপুনি ভাবেনে যে উগ্ৰবাদৰ সমাপ্তি ঘটিছে ৷"

শ্ৰীনগৰৰ সংসদ সদস্যগৰাকীয়ে কয়, "এইবোৰ ঘটনা নিশ্চয় সংঘটিত হ'ব ৷ উগ্ৰবাদৰ অন্ত পৰিব বুলি ভবাটো আমাৰ ফালৰ পৰা মূৰ্খামি হ'ব ৷ ভাৰত আৰু পাকিস্তানে যুদ্ধংদেহি ভাৱ ত্যাগ কৰি আলোচনাৰ মেজলৈ আহিব লাগে ৷" তেওঁ কয় যে প্ৰতিদিনে এনকাউণ্টাৰ হৈ আছে আৰু চৰকাৰে উগ্ৰবাদৰ অন্ত পৰিল বুলি কৈছে ৷ কোনো উপায় বিচাৰি নোপোৱালৈকে উগ্ৰবাদৰ অন্ত নপৰে ৷ যুদ্ধই শান্তি আনিব নোৱাৰে ৷ কেৱল আলোচনাইহে শান্তি আনিব পাৰে ৷ তেওঁ ইউক্ৰেইনত ৰাছিয়াৰ আক্ৰমণৰ কথা উল্লেখ কৰি কয় যে যুদ্ধৰ ফলত কেৱল দুৰ্দশা আৰু লুণ্ঠনহে হৈছে ৷ তাতো ৰাছিয়া আৰু ইউক্ৰেইন আলোচনাত বহিব লাগিব ৷ ভাৰত আৰু পাকিস্তানে আলোচনা কৰিব লাগিব বুলিও তেওঁ কয় ৷ তেওঁ কয় যে, "যেতিয়া ভাৰতে স্বাধীনতা লাভ কৰিছিল, তেতিয়া এই সংঘাত ইয়াৰ লগত সংলগ্ন হৈছিল ৷"

ভাৰত চৰকাৰে পূৰ্বৰ ৰাজ্যখনৰ অৰ্ধ স্বায়ত্তশাসিত মৰ্যাদা বাতিল কৰাৰ সিদ্ধান্তৰ কথা উল্লেখ কৰি জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদক উৎসাহিত কৰাৰ বাবে ভাৰতে পাকিস্তানক দোষাৰোপ কৰে বুলি সোধাত তেওঁ কয় যে জম্মু-কাশ্মীৰত ভাৰত চৰকাৰে কৰা পৰিৱৰ্তন পাকিস্তানে মানি নলয় - "তেওঁলোকে (পাকিস্তানে) ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱ আপোনাৰ ওপৰত নিক্ষেপ কৰে ৷ আপুনি যি কৰিছে সেয়া তেওঁলোকে মানি লোৱা নাই ৷ আপুনি কি কৰিব ৷" তেওঁ কয় যে সম্পূৰ্ণ প্ৰশিক্ষিত লোকে কাশ্মীৰত প্ৰৱেশ কৰিছে ৷ তেওঁ কয় যে তেওঁলোক হয়তো আন কোনো দেশৰ পৰা আহিব পাৰে বুলি মোৰ আশংকা আছে ৷ আফগানিস্তানৰ কথা উল্লেখ কৰিছে নেকি বুলি সোধাত তেওঁ কয় যে তেওঁ কোনো দেশৰ ফালে আঙুলিয়াই নিদিয়ে ৷ যিসকল লোকে বুজি পায়, তেওঁলোকে ক’ৰ পৰা আহিব পাৰে সেই বিষয়ে ভালদৰে বুজিব পাৰিব বুলিও নেতাজনে কয় ৷

নেতাজনে কয় "বিপদ আছে ৷ আমি এই বিপদৰ সন্মুখীন হ'ব লাগিব ৷ প্ৰতিদিনে আমাৰ জোৱান আৰু বিষয়াক হত্যা কৰা হৈছে ৷ আমাৰ জনসাধাৰণো ক্ষতিগ্ৰস্ত হৈছে ৷ তেওঁলোকক (নিৰাপত্তা সংস্থাই) এই উগ্ৰপন্থীসকলৰ গতিবিধিৰ সবিশেষ দিবলৈ কোৱা হৈছে ৷" যেতিয়া এজন সাংবাদিকে তেওঁক সোধে যে ভাৰত চৰকাৰে ভাৰতৰ সৈতে PoK সংযুক্ত কৰাৰ বাবে জোৰ দিয়ে নেকি, তেতিয়া তেওঁ কয় যে, সেয়া সমস্যাৰ সমাধান নেকি, আৰু চৰকাৰে ইয়াৰ অন্বেষণ কিয় কৰা নাই ৷" "তেওঁলোকক বাধা দিবলৈ ফাৰুক আব্দুল্লা কোন? যদি তেওঁলোকে ভাবে যে ইয়াৰ দ্বাৰা এই সমস্যা সমাধান হ'ব পাৰে তেন্তে তেওঁলোকক কৰক ৷"

লগতে পঢ়ক : Pawan Announced TDP Janasena Alliance: অন্ধ্ৰপ্ৰদেশৰ আগন্তুক নিৰ্বাচনত ঐক্যবদ্ধভাৱে প্ৰতিদ্বন্দিতা কৰিব জনসেনা আৰু তেলেগু দেশম পাৰ্টিয়ে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.