ETV Bharat / bharat

কৃষক বিদ্ৰোহঃ আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ কিষাণ কংগ্ৰেছৰ - এন এছ ইউ আই চাইকেল যাত্ৰা

প্ৰচণ্ড শীতৰ মাজতো তিনিখনকৈ কৃষি আইনৰ বিৰুদ্ধে দিল্লী সীমান্তত কৃষকৰ প্ৰতিবাদ অব্যাহত । কৃষি আইন বাতিল নকৰিলে প্ৰতিবাদ তীব্ৰতৰ কৰাৰ হুংকাৰ কিষাণ কংগ্ৰেছৰ । কৃষক বিদ্ৰোহৰ সমৰ্থনত চাইকেল যাত্ৰা এন এছ ইউ আইৰ ।

কৃষি আইন বাতিল নকৰিলে আন্দোলন তীব্ৰতৰ কৰাৰ হুংকাৰ কিষাণ কংগ্ৰেছৰ

author img

By

Published : Jan 5, 2021, 3:06 PM IST

নিউজ ডেস্ক, ৫ জানুৱাৰী: সোমবাৰে কেন্দ্ৰীয় চৰকাৰৰ সৈতে হোৱা কৃষক নেতাৰ সপ্তমখন বৈঠকতো অমীমাংসিত হৈ থাকিল কৃষকৰ সমস্যা । বাৰে বাৰে বৈঠকৰ আয়োজন কৰি প্ৰতিবাদী কৃষকৰ দাবীক উপেক্ষা কৰাত ক্ষুদ্ধ হৈ পৰিছে কিষাণ কংগ্ৰেছ । আগন্তুক দিনবোৰত কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দিছে কিষাণ কংগ্ৰেছৰ নেতৃত্বই । আনহাতে, কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই মঙলবাৰে জয়পুৰৰ পৰা দিল্লীলৈ চাইকেল যাত্ৰা কৰিছে নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অৱ ইণ্ডিয়াই ।

উল্লেখ্য যে, সোমবাৰে বিজ্ঞান ভৱনত কেন্দ্ৰীয় চৰকাৰৰে আলোচনাত মিলিত হয় একাংশ কৃষক নেতা । কিন্তু এই বৈঠকৰ পিছতো দুয়ো পক্ষৰ মাজত বুজাবুজি হোৱা দেখা নগ'ল আৰু অহা ৮ জানুৱাৰীত বৈঠকৰ পৰৱৰ্তী দিন ঘোষণা কৰি দায়িত্ব সামৰিলে চৰকাৰী পক্ষই । সাংবাদিকৰ আগত কিষাণ কংগ্ৰেছৰ উপ-সভাপতি সুৰেন্দ্ৰ সোলাংকিয়ে কয় যে, কৃষক-চৰকাৰৰ সপ্তমখন বৈঠকো ব্যৰ্থ হৈছে । বিগত ৪০ দিনে হাঁড় কপোৱা জাৰতে দিল্লী সীমান্তত অতি কষ্টৰ মাজতো কৃষকসকলে তেওঁলোকৰ অধিকাৰৰ স্বাৰ্থত যুঁজ দি আছে ।

এতিয়ালৈকে ৬৩ গৰাকী কৃষক শ্বহীদ হৈছে । দেশৰ জনতাই বিজেপি নেতৃত্বাধীন চৰকাৰক কোনোপধ্যে ক্ষমা নকৰে বুলি মন্তব্য কৰে কিষাণ কংগ্ৰেছৰ উপ-সভাপতিগৰাকীয়ে । লগতে তেওঁ কয় যে, তেওঁলোকে এই আন্দোলন প্ৰতিখন জিলা আৰু প্ৰতিখন গাঁৱলৈ লৈ যাব । আনহাতে, কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনাই নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অৱ ইণ্ডিয়াৰ সভাপতি নীৰজ কুণ্ডনৰ নেতৃত্বত সংগঠনটোৰ সদস্যই জয়পুৰৰ পৰা দিল্লী চাইকেল যাত্ৰা কৰিছে ।

মঙলবাৰে উত্তৰ প্ৰদেশৰ শ্বাহজাহানপুৰত উপস্থিত হ'ব সমদলকাৰী । এই যাত্ৰাত অংশ লৈ নীৰজ কুণ্ডনে কয় যে, ছাত্ৰ নেতাসকলে কৃষকৰ অধিকাৰৰ স্বাৰ্থত সমদল আৰম্ভ কৰিছে ।

লগতে পঢ়ক:গজিয়াবাদৰ শ্মশানৰ ঘটনাৰ মূল অভিযুক্ত অজয় ত্যাগীক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.