ETV Bharat / bharat

ত্ৰিপুৰাৰ মহাগুৰু আশ্ৰমক ধন দাবীঃ ৩ জন এনএলএফটি সদস্য গ্ৰেপ্তাৰ - ৩ জন এনএলএফটি সদস্য

অৱশেষত আৰক্ষীৰ জালত পৰিল ত্ৰিপুৰাৰ অৰ্জুন থাকুৰপাৰাস্থিত মহাগুৰু আশ্ৰম কৰ্তৃপক্ষক ধন দাবী কৰা ৩ জন এনএলএফটি সদস্য । সোমবাৰে তাকাৰজালা অঞ্চলৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এনএলএফটিৰ সক্ৰিয় সদস্যকেইজনক । সম্প্ৰতি তিনিওজনকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে আদালতে ।

ত্ৰিপুৰাৰ মহাগুৰু আশ্ৰমক ধন দাবীঃ ৩ জন এনএলএফটি সদস্য গ্ৰেপ্তাৰ

author img

By

Published : Feb 9, 2021, 2:24 PM IST

নেশ্যনেল ডেস্ক, ৯ ফেব্ৰুৱাৰী: ত্ৰিপুৰাৰ অৰ্জুন থাকুৰপাৰাস্থিত মহাগুৰু আশ্ৰম কৰ্তৃপক্ষক ধন দাবী কৰি গ্ৰেপ্তাৰ হ'ল ৩ জন এনএলএফটি সদস্য । ধৃত সদস্যকেইজনে মহাগুৰু আশ্ৰম কৰ্তৃপক্ষক ১২ লাখ টকা পৰিশোধ কৰিবলৈ দাবী জনাইছিল । অৱশেষত সোমবাৰে তাকাৰজালা অঞ্চলৰ পৰা আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰে । ইয়াৰ পিছতে ধৃত সদস্যকেইজনক আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতে তিনিওজনকে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে । অহা ১০ ফেব্ৰুৱাৰীত তিনিওকে পুনৰ আদালতত হাজিৰ কৰোৱা হ'ব বুলি জানিবলৈ দিছে আৰক্ষীয়ে ।

অভিযুক্ত লোককেইজন হৈছে ৰাণা কুমাৰ দেৱবাৰ্মা, ৰথীন্দ্ৰ দেৱবাৰ্মা আৰু প্ৰসেনজিৎ দেৱবাৰ্মা । ঘটনা সন্দৰ্ভত চৰকাৰী অধিবক্তাই প্ৰকাশ কৰে যে, অৰ্জুন থাকুৰপাৰাস্থিত মহাগুৰু আশ্ৰম কৰ্তৃপক্ষক এনএলএফটি সদস্যৰ এটা গোটে বাৰে বাৰে অশান্তি দি আছিল । আশ্ৰম পৰিচালনা কমিটী আৰু সাধুসকলক আশ্ৰমৰ কাম-কাজত বাধা প্ৰদান কৰাৰ ভাবুকি দি ধন পৰিশোধ কৰিবলৈ দাবী জনাইছিল । যোৱা ৫ জানুৱাৰীত প্ৰায় ১০ জন এনএলএফটি সদস্যই আশ্ৰমৰ ভিতৰত প্ৰৱেশ কৰি ১২ লাখ টকা পৰিশোধ কৰিবলৈ দাবী কৰে ।

পিছত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে আৰু আশ্ৰম পৰিচালনা কমিটীয়ে ১২ লাখ টকা পৰিশোধ কৰাৰ পৰা ৰক্ষা পৰে । সোমবাৰে পুনৰ আন এটা গোটে আশ্ৰমত বলপূৰ্বকভাৱে প্ৰৱেশ কৰি সাধুসকলৰ ওপৰত নিৰ্যাতন চলায় । লগতে আশ্ৰম পৰিচালনা কমিটীৰ সাধাৰণ সম্পাদককো ভাবুকি দিয়ে । এই ঘটনাৰ পিছতে সাধাৰণ সম্পাদক নাৰায়ণ ৰূপিণীয়ে তাকাৰজালা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিতে আৰক্ষীয়ে এনএলএফটিৰ ৩ জন সদস্যক গ্ৰেপ্তাৰ কৰে । অধিক তথ্য লাভৰ বাবে সম্প্ৰতি তিনিওজনৰে জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

লগতে পঢ়ক:কৃষক বিদ্ৰোহ: অচলাৱস্থাৰ অৱসানে অকলেই চৰকাৰৰ ভাৱমূৰ্ত্তি সলনি কৰিব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.