ETV Bharat / bharat

কেৰালাৰ এগজিট প'ল:পুনৰ চৰকাৰ হ'ব এলডিএফৰ

author img

By

Published : May 1, 2021, 4:25 PM IST

এগজিট প'লৰ পিছতে বিশেষ উত্তেজনা বৃ্দ্ধি পাইছে কেৰালাত । কেৰালাত পুনৰ বাওঁপন্থী গণতান্ত্ৰিক ফ্ৰণ্টে চৰকাৰ গঠন কৰাৰ ইংগিত দিছে এগজিট প'লে । বিৰোধীৰ মতে এয়া বিশ্বাসযোগ্য নহয় ।

Exit polls Kerala 2021
কেৰালাৰ এগজিট প'ল

নেশ্যনেল ডেস্ক,১ মে’: কেৰালা বিধানসভা নিৰ্বাচনৰ দেওবাৰে ভোটগণনা অনুষ্ঠিত হ'ব । তাৰ পূৰ্বে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে এগজিট প'ল । এগজিট প'লৰ পিছতে বিশেষ উত্তেজনা বৃ্দ্ধি পাইছে ৰাজ্যখনত । কাৰণ কেৰালাত পুনৰ বাওঁপন্থী গণতান্ত্ৰিক ফ্ৰণ্টে চৰকাৰ গঠন কৰাৰ ইংগিত দিছে এগজিট প'লে । এগজিট পলৰ পিছত বাওঁপন্থী গণতান্ত্ৰিক ফ্ৰণ্টৰ(এলডিএফ) আত্মবিশ্বাস বৃদ্ধি হোৱাৰ বিপৰীতে উদ্বিগ্ন প্ৰকাশ কৰিছে ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টে(ইউডিএফ) ।

দেশৰ আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহে ইতিমধ্যে প্ৰকাশ কৰা এগজিট প'লৰ তথ্য অনুসৰি কেৰালাত বাওঁপন্থী দলে দ্বিতীয় কাৰ্যকালৰ বাবে আগবাঢ়িছে । কেৰালা বিধানসভাত মুঠ ১৪০ খন আসন আছে আৰু ৭১ খন আসন লাভ কৰিলেই কোনো এটা দলে চৰকাৰ গঠন কৰিব পাৰিব ।

ৰিপাব্লিক টিভিৰ চিএনএক্স এগজিট পল অনুসৰি এলডিএফে ৭২ ৰ পৰা ৮০ খন আসন লাভ কৰিব আনহাতে কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে ৫৮ ৰ পৰা ৬৪ খন আসনতে সীমিত থাকিব লাগিব । ইণ্ডিয়া টুডেৰ এক্সিছ মাই ইণ্ডিয়াৰ মতে এলডিএফে লাভ কৰিব ১০৪-১২০ খন আসন আৰু ইউডিএফে পাৱ ২০-৩৬ খন আসন । এবিপি নিউজ চি ভোটাৰে এলডিএফক দিছে ৭১-৭৭ খন আসন আৰু ইউডিএফক দিছে ৬২-৬৮ খন আসন । টাইমছ নাও চি ভোটাৰ জৰীপে ইংগিত দিয়া মতে এলডিএফে ৭৪ খন আসন লাভ কৰিব আৰু ইউডিএফে ৬৫ খন আসন লাভ কৰিব ।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ উপৰিও কেৰালাৰ মুখ্য আঞ্চলিক চেনেলসমূহৰ দ্বাৰা প্ৰকাশিত এগজিট প'লৰ জৰীপৰ ফলাফলেও এলডিএফৰ দ্বিতীয় কাৰ্যকালৰ ইংগিত দিছে ।

ইফালে ইয়াৰ পিছতে ৰাজনৈতিক মহলত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে । শাসকীয় দলৰ নেতাসকলে ইয়াক আদৰণি জনাইছে যদিও বিৰোধীৰ মতে এয়া বিশ্বাসযোগ্য নহয় । বিৰোধী নেতা ৰমেশ চেন্নিথালাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ এগজিট প'ল আৰু জৰীপক বিশ্বাস নকৰে ।

আনহাতে, চিপিএমৰ ৰাজ্যিক সম্পাদক এ বিজয়ৰাঘৱনে কয় যে কেৰালাৰ জনসাধাৰণে চৰকাৰখন অব্যাহত থকাটো বিচাৰে আৰু সেয়া একজিট প'লৰ ফলাফলে প্ৰতিফলিত হয় । মুখ্যমন্ত্ৰী পিনাৰাই বিজয়নেও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে তেওঁ ইতিমধ্যে কৈছিল যে এলডিএফে একেৰাহে দ্বিতীয়বাৰৰ বাবে কেৰালাত চৰকাৰ গঠন কৰিব ।

লগতে পঢ়ক: দেশত এদিনতে কৰ'ণাত আক্ৰান্ত 4 লাখতকৈ অধিক লোক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.