ETV Bharat / bharat

জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ গুলীত শ্বহীদ দুগৰাকী কেপ্টেইনসহ চাৰি সেনা জোৱান - Rajouri encounter

জম্মু-কাশ্মীৰৰ ৰাজৌৰীত সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলী ৷ সন্ত্ৰাসবাদীৰ গুলীত 4 ভাৰতীয় সেনা জোৱান শ্বহীদ ৷

Kalakote belt of Rajouri
Kalakote belt of Rajouri
author img

By ETV Bharat Assamese Team

Published : Nov 22, 2023, 10:43 PM IST

নিউজ ডেস্ক, ২২ নৱেম্বৰ: জম্মু-কাশ্মীৰৰ ৰাজৌৰীৰ বাজী মল বনাঞ্চলত চলি থকা এই এনকাউণ্টাৰত দুজন বিষয়া (কেপ্তেইন)সহ চাৰিজন সেনা জোৱান শ্বহীদ হৈছে । আৰক্ষীয়ে জনোৱা মতে, ৰাজৌৰীৰ কালাকোটে অঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা এক এনকাউণ্টাৰত দুটা সন্ত্ৰাসবাদীক আবদ্ধ কৰা হৈছে ।

প্ৰতিৰক্ষা সূত্ৰই জনোৱা মতে, দুয়োপক্ষৰ মাজত হোৱা গুলীচালনাত দুজন বিষয়া আৰু দুজন জোৱানকে ধৰি এই এনকাউণ্টাৰত চাৰিজন সেনা জোৱানে প্ৰাণ হেৰুৱাইছে ৷

সেনা বিষয়াসকলে টুইট কৰি কয় যে নিৰ্দিষ্ট চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত যোৱা ১৯ নৱেম্বৰত জিলাখনৰ কালাকোটে এলেকাৰ গুলাবগড় বনাঞ্চলত সেনা আৰু আৰক্ষীয়ে যৌথ অভিযান চলাইছিল ৷ ২২ নৱেম্বৰত সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয় অভিযানকাৰীৰ । লগে লগে দুয়োপক্ষৰ মাজত গুলীচালনা আৰম্ভ হয় ৷ এই ঘটনাত চাৰিজন সেনাৰ মৃত্যু হোৱাৰ লগতে দুটা সন্ত্ৰাসবাদী আহত হৈছে ৷ অভিযান অব্যাহত আছে অঞ্চলটোত ৷

জম্মু-কাশ্মীৰৰ পীৰ পাঞ্জল বনাঞ্চলত ধাৰাবাহিকভাৱে হোৱা সংঘৰ্ষৰ পিছত যোৱা কেইবছৰমানৰ পৰা গুলাবগড় বনাঞ্চল নিৰাপত্তাৰক্ষীৰ বাবে প্ৰত্যাহ্বান হিচাপে প্ৰমাণিত হৈছে । ভূ-প্ৰকৃতিৰ সুবিধা লৈ সন্ত্ৰাসবাদীয়ে ঘন অৰণ্যৰ সহায়ত নিজৰ অৱস্থান লুকুৱাই ৰাখে ৷ প্ৰাসংগিকভাৱে জম্মুৰ আৰক্ষী মহাপৰিদৰ্শক আনন্দ জৈনৰ অধ্যক্ষতাত মঙলবাৰে আৰক্ষী, সেনা, চি আই ডি আৰু যান-বাহন বিষয়াসকলৰ এখন বৈঠক অনুষ্ঠিত হয় ।

আৰক্ষীয়ে জনোৱা মতে, ধৰ্মশালৰ বাজিমাল অঞ্চলত সন্ত্ৰাসবাদী আৰু সেনা, জম্মু-কাশ্মীৰ আৰক্ষীৰ যুটীয়া বাহিনীৰ মাজত তালাচী অভিযানৰ অন্তত এই এনকাউণ্টাৰ সংঘটিত হয় । বনাঞ্চলত সন্ত্ৰাসবাদীৰ উপস্থিতি সম্পৰ্কে চোৰাংচোৱা তথ্যৰ ভিত্তিত ভাৰতীয় সেনাৰ বিশেষ বাহিনী আৰু আৰক্ষীয়ে যৌথ অভিযান আৰম্ভ কৰে ৷ তাৰ পিচতেই এই এনকাউণ্টাৰ আৰম্ভ হয় ।

লগতে পঢ়ক: ছত্তীশগড়-ওড়িশা সীমান্তত উদ্ধাৰ ৬টা আই ই ডি; নক্সালবাদীৰ বৃহৎ কূটাঘাতৰ পৰা কথমপি ৰক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.