ETV Bharat / bharat

দুই কংগ্ৰেছ নেতাৰ বাস গৃহত ই ডিৰ 24 ঘন্টীয়া তালাচী - কংগ্ৰেছ বিধায়ক বি জেড জামিৰ আহমেদ খান

বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, কাৰ্যালয়, ৰাজনৈতিক নেতাৰ ঘৰত এনফ’ৰ্চমেন্ট ডিৰেক্টৰেটে অভিযান চলোৱাৰ বাতৰি আপুনি নিশ্চয় পঢ়িছে ৷ আজি আপোনাক তেনে এটা খবৰেই দিবলৈ ওলাইছোঁ ৷ কিন্তু এই অভিযানৰ আছে এক বিশেষ তাৎপৰ্য ৷ এঘন্টা দুঘন্টা নহয়, দুগৰাকী প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰীৰ ঘৰত চলিল 24 ঘন্টা জুৰি আৰক্ষীৰ অভিযান ৷

ED raid
কৰ্ণাটকৰ দুই কংগ্ৰেছ নেতাৰ বাসগৃহত ED
author img

By

Published : Aug 6, 2021, 8:09 PM IST

নেশ্যনেল ডেস্ক, ৬ আগষ্ট : আই-মনেটেৰী এডভাইজৰ (IMA) কেলেংকাৰীৰ নতুন মোৰ । এইবাৰ কেলেংকাৰীৰ তদন্ত অব্যাহত ৰখা এনফ'ৰ্চমেণ্ট ডিৰেক্টৰেটৰ (Enforcement Directorate) চকু পৰিছে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা আৰ ৰোশন বেইগ (R Roshan Baig) আৰু কংগ্ৰেছ বিধায়ক বি জেড জামিৰ আহমেদ খানৰ (B Z Zameer Ahmed Khan) সম্পত্তিত । IMA কেলেংকাৰীৰ সন্দৰ্ভত শুকুৰবাৰে দুয়োগৰাকী নেতাৰ বাসগৃহত চলিল ইডিৰ (ED) অভিযান ।

প্ৰায় ২৪ ঘণ্টা ধৰি বাংগালুৰুৰ ছটা স্থানত চলিছিল এই অভিযান । জানিব পৰা মতে ইন্দিৰানগৰ আৰু ভূপাচন্দ্ৰাত থকা বেইগৰ কন্যাৰ সম্পত্তিত অভিযান চলাই প্ৰয়োজনীয় নথিপত্ৰ জব্দ কৰিছে অভিযানকাৰী দলটোৱে । সূত্ৰৰ পৰা জানিব পৰা মতে ইডিৰ বিষয়াসকলে বেইগ আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলকো আৰ্থিক লেনদেন সন্দৰ্ভত জেৰা চলাইছিল ।

ইফালে অভিযানৰ বিষয়ে সোধাত বি জেড জামিৰ আহমেদ খানে কয় যে তেওঁৰ সম্পত্তি সম্পৰ্কে সকলো প্ৰয়োজনীয় তথ্য প্ৰদান কৰা হৈছে অভিযানকাৰী দলটোক । কৰ্তৃপক্ষই পূৰ্বে গৃহ নিৰ্মাণৰ ব্যয়ৰ বিষয়ে সুধিছিল তাৰ পাছত তেওঁলোকক সম্পত্তি ক্ৰয়ৰ নথি-পত্ৰও দিয়া হৈছে বুলি কয় নেতাগৰাকীয়ে । তেওঁ লগতে কয় যে বিষয়াসকলে তেওঁৰ বিত্তীয় লেনদেনৰ বিৱৰণ জানিবলৈ বেংকলৈও গৈছিল । একাউণ্টেট বালাজীয়ে ইতিমধ্যে সকলো তথ্য যোগান ধৰিছে বুলি নেতাগৰাকীয়ে উল্লেখ কৰে ।

IMA কেলেংকাৰীটো প্ৰায় ৪,০০০ কোটি টকাৰ বৃহৎ কেলেংকাৰী য'ত হাজাৰ হাজাৰ বিনিয়োগকাৰীক হালাল বিনিয়োগৰ (halal investment) নামত প্ৰতাৰণা কৰা হৈছিল । ২০১৯ চনৰ জুন মাহত এই কেলেংকাৰী পোহৰলৈ আহিছিল । কেন্দ্ৰীয় সংস্থা ED য়ে ২০১৯ চনত ইয়াৰ তদন্ত আৰম্ভ কৰিছিল আৰু এই কেলেংকাৰীত বহু ৰাজনৈতিক নেতা জড়িত থকাৰ সন্দেহত গোচৰটো তদন্তৰ বাবে ২০২০ চনত দিল্লীৰ মুখ্য কাৰ্যালয়লৈ স্থানান্তৰ কৰা হৈছিল ।

লগতে পঢ়ক : উগ্ৰপন্থীক এক ইঞ্চিও মাটি এৰি নিদিয়াৰ হুংকাৰ বিপ্লৱ দেৱৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.