ETV Bharat / bharat

Tripura assembly election 2023: নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'লে নিৰ্বাচন আয়োগৰ দলে - ECI team meeting in Tripura

সমাগত ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচন । নিৰ্বাচনৰ প্ৰাকক্ষণত ৰাজ্যখনত উপস্থিত নিৰ্বাচন আয়োগৰ বিশেষ দল (ECI team visits Tripura)। জিলা নিৰ্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি বিভিন্ন বিভাগৰ বিষয়াৰ সৈতে বৈঠকত মিলিত হয় দলটো ।

Tripura assembly election 2023
নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল'লে নিৰ্বাচন আয়োগৰ দলে
author img

By

Published : Nov 25, 2022, 5:13 PM IST

আগৰতলা,২৫ নৱেম্বৰ : কেইটামান মাহৰ পাছতে অৰ্থাৎ ২০২৩ চনত অনুষ্ঠিত হ'ব ত্ৰিপুৰাৰ বিধানসভাৰ নিৰ্বাচন (Tripura assembly election 2023) । ইতিমধ্যে নিৰ্বাচনক লৈ ৰাজ্যখনত বিশেষ তৎপৰতা আৰম্ভ হৈছে । নিৰ্বাচনৰ প্ৰস্তুতিও আৰম্ভ হৈছে । ইয়াৰ মাজতে ভাৰতৰ নিৰ্বাচন আয়োগৰ এটা বিশেষ দল উপস্থিত হয় ত্ৰিপুৰাত (ECI team visits Tripura) ।

নিৰ্বাচন আয়োগে গঠন কৰা জ্যেষ্ঠ বিষয়াৰ দলটোৱে ত্ৰিপুৰাত উপস্থিত হৈ আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে । দলটোত আছে জ্যেষ্ঠ উপ নিৰ্বাচনী আয়ুক্ত ক্ৰমে ধৰ্মেন্দ্ৰ শৰ্মা আৰু নীতেশ ব্যাস, আইটি সঞ্চালক অশোক কুমাৰ, ব্যয় সঞ্চালক যশবেন্দ্ৰ সিং, পৰিকল্পনা সচিব সঞ্জীৱ কুমাৰ প্ৰসাদ, এনইএছৰ সচিব সন্তোষ কুমাৰ দুবে আৰু এনইএছৰ শাখা বিষয়া বিজয় গুপ্তা । ত্ৰিপুৰাৰ মুখ্য নিৰ্বাচনী বিষয়া (CEO) কিৰণ গিটেৰ সৈতে দলটোৱে ৰাজ্যখনৰ ৮ গৰাকী জিলা নিৰ্বাচনী বিষয়া আৰু জিলা আৰক্ষী অধীক্ষকসকলৰ সৈতে নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা বৈঠকত মিলিত হয় (ECI team meeting in Tripura)।

ভোটাৰ ৰোল, বিশেষ সাৰাংশ সংশোধন, ইভিএম/ভিভিপিএটি, ভোটকেন্দ্ৰ, ভোটকেন্দ্ৰসমূহৰ সুবিধা, মানৱ সম্পদ ব্যৱস্থাপনা, পৰিবহণ, আইন-শৃংখলা, নিৰাপত্তা, এছভিইইপি, অভিযোগ ব্যৱস্থাপনা, প্ৰশিক্ষণ আৰু ক্ষমতাকে ধৰি সকলো গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত বিতংভাৱে আলোচনা কৰে দলটোৱে আৰু জিলাসমূহৰ প্ৰতিনিধিৰ পৰা মতামত গ্ৰহণ কৰে (ECI reviews poll preparedness in Tripura)।

নিৰ্বাচনৰ প্ৰস্তুতি যাতে সুন্দৰভাৱে পৰিচালনা হয় তাৰ বাবে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক নিৰ্বাচন আয়োগৰ দলটোৱে নিৰ্দেশ দিয়ে । আনহাতে সন্ধিয়া আয়কৰ, আবকাৰী, ৰিজাৰ্ভ বেংক, ভাৰতীয় ৰাজহ বিভাগ (শুল্ক বিভাগ), বিএছএফ, চিআৰপিএফ, অসম ৰাইফলছ, নাৰ্কোটিক কণ্ট্ৰ'ল ব্যুৰ', চিএএছও/চিআইএছএফ, ৰে'ল সুৰক্ষা বাহিনী, ডাক বিভাগ, কেন্দ্ৰীয় জিএছটি, ৰাজ্যিক জিএছটি, ৰাজ্যিক পৰ্যায়ৰ বেংক সমিতি (এছএলবিচি), ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণ আৰু এনফৰ্চমেণ্ট ডিৰেক্টৰেটকে ধৰি বিভিন্ন প্ৰৱৰ্তনকাৰী সংস্থাৰ সৈতে বৈঠকত মিলিত হয় ।

ইফালে দলটোৱে বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ প্ৰস্তুতিত সহায় কৰিবলৈ ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ ক্ৰমে ৰাজহ, গৃহ, শিক্ষা, শক্তি, পিডব্লিউডি/ডিডব্লিউএছ, সমাজ কল্যাণ, নগৰ উন্নয়ন, স্বাস্থ্য, পৰিবহণ, গ্ৰামোন্নয়ন আদিৰ প্ৰচেষ্টাৰ ওপৰতো পৰ্যালোচনা কৰে । এই পৰ্যালোচনা বৈঠকত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান উপস্থিত থাকে ।

লগতে পঢ়ক :Amit Shah praises Lachit bravery : "বিকৃত ইতিহাসক শুদ্ধ ৰূপত লিখাত কোনেও বাধা দিব নোৱাৰে"

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.