ETV Bharat / bharat

ৰাহুল গান্ধীলৈ কাৰণ দৰ্শোৱাৰ জাননী দেশৰ নিৰ্বাচন আয়োগৰ - ECI notice to Rahul

বিশ্বকাপত ভাৰতৰ পৰাজয়ক লৈ কৰা মন্তব্যৰ বাবে দেশৰ নিৰ্বাচন আয়োগে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ৷

EC issues notice to Rahul Gandhi
Rahul Gandhi panauti remark
author img

By ETV Bharat Assamese Team

Published : Nov 23, 2023, 6:51 PM IST

নিউজ ডেস্ক, ২৩ নৱেম্বৰ: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক লক্ষ্য কৰি “পনৌতি”, “পকপকেট” আৰু ঋণ ৰেহাইৰ সন্দৰ্ভত কৰা মন্তব্যৰ বাবে কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিৰ্বাচন আয়োগে বৃহস্পতিবাৰে কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰে ৷ শনিবাৰে সন্ধিয়াৰ ভিতৰত গান্ধীক উত্তৰ দিবলৈ কয় আয়োগে ।

বিজেপিয়ে ২২ নৱেম্বৰত নিৰ্বাচন আয়োগলৈ প্ৰেৰণ কৰা এজাহাৰত লিখে যে ৰাহুল গান্ধীয়ে নিৰ্বাচনী সভাত প্ৰধানমন্ত্ৰী মোদীৰ সন্দৰ্ভত অপমানজনক মন্তব্য ব্যৱহাৰ কৰিছিল । "বিজেপিৰ পৰা পোৱা এজাহাৰত উল্লেখ কৰা হৈছে যে আপুনি, ২০২৩ চনৰ ২২ নৱেম্বৰত ৰাজস্থানৰ বাৰ্মেৰ জিলাৰ বায়াতুত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত অভিযোগ উত্থাপন কৰিছিল আৰু প্ৰধানমন্ত্ৰীক লৈ উপহাসমূলক আৰু ঘৃণনীয় মন্তব্য কৰিছিল ।" আয়োগে ৰাহুল গান্ধীলৈ লিখা জাননীত উল্লেখ কৰে ৷

অভিযোগ উত্থাপন হৈছে যে এজন প্ৰধানমন্ত্ৰীক "জয়বকাত্ৰ" (পিকপকেট)ৰ লগত তুলনা কৰি "পনৌতি" শব্দটো ব্যৱহাৰ কৰাটো এটা ৰাষ্ট্ৰীয় ৰাজনৈতিক দলৰ এজন অতি জ্যেষ্ঠ নেতাৰ বাবে অনুপযুক্ত । লগতে, যোৱা ৯ বছৰ ধৰি ১৪,০০,০০০ কোটি টকাৰ ঋণ ৰেহাই দিয়াৰ কথা বিজেপিয়ে দৃঢ়তাৰে কয়, যিটো তথ্যৰ ওপৰত নিৰ্ভৰ নকৰে ৷" ৰাহুল গান্ধীলৈ প্ৰেৰণ কৰা নিৰ্বাচন আয়োগৰ পত্ৰত কোৱা হৈছে ।

"তদুপৰি, তেওঁলোকে আৰ.পি. আইনৰ ধাৰা ১২৩ (৪), আইপিচিৰ ধাৰা ১৭১জি, ৫০৪, ৫০৫ (২), আৰু ৪৯৯, আৰু আৰ্হি আচৰণ বিধিৰ বিধান উলংঘা কৰা বুলি অভিযোগ উঠিছে ।’’ পত্ৰখনত লগতে কোৱা হৈছে । ইয়াৰ পূৰ্বে ৰাহুল গান্ধীয়ে বাৰ্মেৰত এখন সভাত ভাষণ দি দাবী কৰিছিল যে নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিয়েই ভাৰতৰ বিশ্বকাপৰ ফাইনেলত পৰাজয়ৰ আঁৰৰ কাৰণ ।

সোমবাৰে ৰাজস্থানৰ বাৰ্মেৰত প্ৰচাৰ চলাই ৰাহুলে কয়, "আমাৰ ল'ৰাবোৰে ভাল খেলিছিল, তেওঁলোকে বিশ্বকাপ জিকিলেহেঁতেন । কিন্তু 'পনৌতি'য়ে আমাক পৰাস্ত কৰিলে । টিভিত ল'ৰাবোৰে আপোনাক এই কথা নক'ব কিন্তু মানুহে জানে ।" নিৰ্বাচন আয়োগে ৰাহুল গান্ধীক ২৫ নৱেম্বৰলৈকে বিষয়টোত তেওঁৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰিব নালাগে সেই বিষয়ে ব্যাখ্যা কৰিবলৈ কয় ।

"সেই অনুসৰি, আপোনাক অনুৰোধ কৰা হৈছে যে আৰোপিত অভিযোগৰ ওপৰত আপুনি আপোনাৰ ব্যাখ্যা আগবঢ়াওক ৷ কিয় এমচিচি আৰু প্ৰাসংগিক দণ্ডবিধিৰ উলংঘাৰ বাবে উপযুক্ত বুলি বিবেচিত ব্যৱস্থা আয়োগে গ্ৰহণ কৰিব নালাগে তাৰ কাৰণ দৰ্শাবলৈ অনুৰোধ কৰা হৈছে । আপোনাৰ উত্তৰ যদি আছে তেন্তে প্ৰেৰণ কৰক ৷ যদিহে তেতিয়ালৈকে কোনো উত্তৰ নাপায় তেন্তে আয়োগে উপযুক্ত বুলি বিবেচিত ব্যৱস্থা গ্ৰহণ কৰিব ।’’ পত্ৰত উল্লেখ ৷

নিৰ্বাচন আয়োগক দিয়া অভিযোগত বিজেপিয়ে কংগ্ৰেছ নেতাগৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান । বিজেপিয়ে কয় যে এই কাৰ্যই নিৰ্বাচনী পৰিৱেশ নষ্ট কৰিব, য’ত সন্মানীয় ব্যক্তিক বদনাম কৰিবলৈ আপত্তিজনক আৰু অপমানজনক ভাষাৰ ব্যৱহাৰ আৰু মিছা বাতৰি প্ৰচাৰ কৰাটো অনিবাৰ্য হৈ পৰাৰ আশংকা আছে ।

লগতে পঢ়ক: পাপীসকল উপস্থিত নথকা প্ৰতিখন খেলতে ভাৰত জিকিছে; ইডেন বা ৱাংখেড়েত খেলিলে ফাইনেলতো জিকিলেহেতেন; মমতা বেনাৰ্জী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.