ETV Bharat / bharat

মালদ্বীপলৈ বিমানৰ বুকিং বাতিল EaseMyTripৰ - India Maldives Diplomatic

ভাৰত-মালদ্বীপৰ কূটনৈতিক বিবাদ চলি থকাৰ মাজতে ট্ৰেভেল এজেন্সি ইজমাইট্ৰিপে মালদ্বীপলৈ সকলো বিমানৰ বুকিং বাতিল কৰিলে (EaseMyTrip)। কূটনৈতিক বিবাদৰ বাবে প্ৰতিষ্ঠানটোৰ এই সিদ্ধান্ত । সামাজিক মাধ্যমত মালদ্বীপ বৰ্জন ট্ৰেডিঙত আছে ।

India Maldives row
মালদ্বীপলৈ বিমানৰ বুকিং বাতিল EaseMyTripৰ
author img

By ANI

Published : Jan 8, 2024, 2:32 PM IST

নেশ্যনেল ডেস্ক,৮ জানুৱাৰী : ভাৰত আৰু মালদ্বীপৰ মাজত কূটনৈতিক বিবাদ অব্যাহত আছে । যিটোৱে পৰ্যটন ক্ষেত্ৰতো ব্যাপক প্ৰভাৱ পেলাইছে । ইয়াৰ মাজতে ট্ৰেভেল এজেন্সি কোম্পানী ইজমাইট্ৰিপৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত । প্ৰতিষ্ঠানটোৰ সহ-প্ৰতিষ্ঠাপক আৰু মুখ্য কাৰ্যবাহী বিষয়া নিশান্ত পিট্টিয়ে ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে মালদ্বীপৰ ৰাজনৈতিক নেতাই কৰা অপমানজনক মন্তব্যৰ পিচত মালদ্বীপলৈ সকলো বিমান বুকিং স্থগিত ৰখাৰ কথা ঘোষণা কৰিছে ৷ ভাৰতৰ সমৰ্থনত থিয় হৈ নিশান্ত পিট্টিয়ে সামাজিক মাধ্যমত লিখিছে যে দেশৰ সৈতে থিয় দি @EaseMyTripয়ে মালদ্বীপৰ সকলো বিমান বুকিং স্থগিত ৰাখিছে ৷

উল্লেখ্য যে অনলাইন ট্ৰেভেল এজেন্সি ইজমাইট্ৰিপে #ChaloLakshadweep দ্বাৰা লক্ষদ্বীপ ভ্ৰমণৰ এক অভিযান আৰম্ভ কৰিছিল । এক্সৰ এক পোষ্টত তেওঁ লিখিছিল, "লক্ষদ্বীপৰ পানী আৰু সমুদ্ৰতীৰ মালদ্বীপ/চেচেলছৰ দৰেই ভাল, আমি @EaseMyTrip আমাৰ প্ৰধানমন্ত্ৰীয়ে শেহতীয়াকৈ ভ্ৰমণ কৰা এই প্ৰাচীন গন্তব্য স্থানৰ প্ৰচাৰৰ বাবে বিশেষ-প্ৰস্তাৱ আগবঢ়াব !

উল্লেখ্য যে শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লক্ষদ্বীপ ভ্ৰমণ কৰিছিল । সেই ভ্ৰমণৰ পাছতে মালদ্বীপৰ ৰাজনীতিবিদে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সম্পৰ্কত অপমানজনক মন্তব্য কৰিছিল । তেতিয়াৰে পৰা দুয়োখন দেশৰ মাজত কূটনৈতিক অস্থিৰতা আৰম্ভ হৈছে । আনকি সামাজিক মাধ্য়মত বয়কট মালদ্বীপ ট্ৰেণ্ডিঙো আৰম্ভ হৈছে ।

ইফালে ইণ্ডিয়ান এছ'চিয়েশ্যন অফ ট্যুৰ অপাৰেটৰেও কৈছে যে অহা ২০-২৫ দিনৰ ভিতৰত মালদ্বীপ বৰ্জনৰ আহ্বান স্পষ্ট হ'ব । কিয়নো সামাজিক মাধ্যমত ইতিমধ্যে বহু ভাৰতীয়ই দাবী কৰিছে যে তেওঁলোকে দ্বীপৰাষ্ট্ৰখনলৈ তেওঁলোকৰ পৰিকল্পিত বন্ধ বাতিল কৰিছে ।

লগতে পঢ়ক :ভাৰতৰ বিৰুদ্ধে বিদ্বেষপূৰ্ণ মন্তব্য : বেকফুটত মালদ্বীপ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.