ETV Bharat / bharat

কাৰ পাৰ্কিঙত জ্বলিছে ইখনৰ পিছত সিখন চিতা

author img

By

Published : Apr 26, 2021, 1:26 PM IST

হাৰিয়ানাৰ গুৰুগ্ৰামৰ এক দৃশ্যই অন্তৰ জোকাৰি যাব আপোনাৰ ৷ মহামাৰী ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এক দৃশ্যই জোকাৰি গৈছে সকলোৰে অন্তৰ ৷ দেশৰ আগশাৰীৰ চহৰ সমূহত কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া মৃতকৰ মৃতদেহ সৎকাৰৰ বাবে ঠাই নোহোৱা হৈছে গুৰুগ্ৰামত ৷

কাৰ পাৰ্কিঙতে সৎকাৰ কৰিলে ক'ভিড ৰোগীৰ মৃতদেহ

নেশ্যনেল ডেস্ক,26 এপ্ৰিল: দেশৰ প্ৰায়বোৰ ৰাজ্যৰ শ্মশানতে বৰ্তমান পৰিলক্ষিত হৈছে মৰ্মান্তিক ছবি । সমগ্ৰ দেশতে অক্সিজেনৰ অভাৱৰ ফলতে শ্মশান ভৰিছে ক'ভিডাক্ৰন্তৰ মৃতদেহেৰে । যাৰ ফলত বিভিন্ন ঠাইত প্ৰতি দিনে, প্ৰতি মিনিটতে জ্বলি আছে চিতা ৷ মহামাৰী ক'ৰণাৰ দ্বিতীয়টো ঢৌৱে সমগ্ৰ বিশ্বতে ত্ৰাসৰ সৃষ্টি কৰাৰ সময়তে হাৰিয়ানাৰ গুৰুগ্ৰামৰ এক দৃশ্যই জোকাৰি গৈছে সকলোৰে অন্তৰ ৷ দেশৰ আগশাৰীৰ চহৰসমূহত কৰ'ণাই কালৰূপ ধাৰণ কৰাৰ সময়তে এতিয়া মৃতকৰ মৃতদেহ সৎকাৰৰ বাবে ঠাই নোহোৱা হৈছে গুৰুগ্ৰামত ৷

ৰাজহুৱা শ্মশানত মৃতদেহ সৎকাৰৰ ঠাই নোহোৱা হোৱাত কাৰ পাৰ্কিঙতে সৎকাৰ কৰিলে মৃতদেহ সমূহ ৷ নিশা দুপৰলৈকে সৎকাৰৰ বাবে ঠাই নোপোৱাত এখন কাৰ পাৰ্কিঙতে মৃতদেহ সৎকাৰ কৰিলে স্বাস্থ্য বিভাগে ৷ সূত্ৰই প্ৰকাশ কৰা মতে,বৰ্তমানলৈকে বহু এম্বুলেঞ্চে মৃতদেহ লৈ শ্মশানৰ বাবে ৰৈ আছে যদিও সৎকাৰৰ বাবে পোৱা নাই ঠাই ৷ ইতিমধ্যে দেওবাৰৰ দিনটোত পাৰ্কিঙত 52 টা মৃতদেহ সৎকাৰ কৰাৰ লগতে 11 জনকৈ লোকৰ মৃত্যু হৈছে ৷

লগতে পঢ়ক: কৰ'ণাতংক: শ্মশানত জ্বলিয়েই আছে চিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.