নেশ্যনেল ডেস্ক, 25 জুলাই: উত্তৰ প্ৰদেশৰ বাৰাবাংকী পূৰ্বাঞ্চল এক্সপ্ৰেছৱে’ত সোমবাৰে সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা (Road Accident In UP)৷ ৰৈ থকা এখন দুমহলীয়া যাত্ৰীবাহী বাছক আন এখন দুমহলীয়া যাত্ৰীবাহী বাছে মহতিয়াই নিয়াৰ ফলতে সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো (Double-decker buses collapsed) ৷ দুৰ্ঘটনাটোত ৮ গৰাকী লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় ১৬ গৰাকীকৈ লোক ।
বাৰাবাংকীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মনোজ পাণ্ডেয়ে জনোৱা মতে, বিহাৰৰ সীতামাৰীৰ পৰা অহা দিল্লী অভিমুখী এখন দুমহলীয়া যাত্ৰীবাহী বাছে নৰেন্দ্ৰপুৰ মাদ্ৰাহা গাঁৱৰ সমীপত ৰখাই থোৱা অৱস্থাত আন এখন যাত্ৰীবাহী দুমহলীয়া বাছক মহতিয়াই নিয়ে ৷ ফলত সংঘটিত হয় এই শোকাৱহ পথ দুৰ্ঘটনাটো ।
অতিৰিক্ত আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা তথ্য অনুসৰি, মৃত লোকসকলৰ পৰিচয় উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ আনহাতে, গুৰুতৰভাৱে আহতসকলক প্ৰথম অৱস্থাত স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে লক্ষ্ণৌৰ ট্ৰমা চেণ্টাৰলৈ প্ৰেৰণ কৰা হয় ।
উল্লেখ্য যে, মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে এই শোকাৱহ পথ দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱা প্ৰতিগৰাকী লোকৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰাৰ লগতে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাবলৈ শীৰ্ষ বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰিছে ।
লগতে পঢ়ক: Accident in Jharkhand: দ খাৱৈত বাগৰি পৰিল চি আৰ পি এফৰ বাহন, আহত ১১ জন জোৱান