ETV Bharat / bharat

কেবাটাও খণ্ডত প্ৰতিভাশালী যুৱকৰ বাবে আশাৰ সঞ্চাৰ: মোডী

author img

By

Published : Mar 3, 2021, 1:10 PM IST

দেশক আত্ম নিৰ্ভৰশীল কৰি গঢ়ি তোলাত সহায় কৰাৰ বাবে শিক্ষা, গৱেষণা আৰু দক্ষতা বিকাশ আদি বিভিন্ন বিষয় সামৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক বুধবাৰে সম্বোধন কৰে ।

কেবাটাও খণ্ডত প্ৰতিভাশালী যুৱসকৰ বাবে আশাৰ সঞ্চাৰঃ মোডী

নিউজ ডেস্ক,৩ মাৰ্চ: মহাকাশ, পাৰমাণৱিক শক্তি আৰু কৃষি খণ্ডৰ দৰে কেবাটাও খণ্ডত প্ৰতিভাশালী যুৱসকলৰ বাবে আশাৰ সঞ্চাৰৰ আৱিৰ্ভাৱ হৈছে । সীমিত জ্ঞান আৰু গৱেষণা দেশৰ ভৱিষ্যতৰ বাবে এক বৃহৎ বিপদ । শিক্ষা খণ্ডত কেন্দ্ৰীয় বাজেটৰ বিষয়ে বুধবাৰে দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এইদৰে উল্লেখ কৰে । মোডীয়ে কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে মাতৃভাষাৰ ব্যৱহাৰৰ বাবে যথেষ্ঠখিনি উৎসাহ যোগাইছে ৷ এতিয়া ভাৰতীয় ভাষাৰে প্ৰতিটো ভাষাৰ সমল প্ৰস্তুত কৰি দেশ আৰু বিশ্বত উপলব্ধ কৰাটো সকলো শিক্ষাবিদ আৰু বিশেষজ্ঞৰ দায়িত্ব । একবিংশ শতিকাৰ প্ৰযুক্তিৰ এই যুগত এয়া নিশ্চিতভাৱে সম্ভৱ বুলি মোডীয়ে দৃঢ়তাৰে কয় ।

২০২১-২২ বৰ্ষৰ কেন্দ্ৰীয় বাজেটৰ স্বাস্থ্য আৰু কল্যাণৰ পাচতে দ্বিতীয় স্থানত আটাইতকৈ বিশেষ গুৰুত্ব শিক্ষা, দক্ষতা, গৱেষণা আৰু উদ্ভাৱনক দিয়া হয় বুলি মোডীয়ে কয় । কেন্দ্ৰীয় বাজেটত শিক্ষাক নিয়োগ যোগ্যতা আৰু ঔদ্যোগীক সামৰ্থৰ সৈতে সংযোগ কৰাৰ বাবে কেন্দ্ৰৰ প্ৰচেষ্টা অব্যাহত আছে । এই প্ৰচেষ্টাৰ ফলতে বৈজ্ঞানিক প্ৰকাশনৰ ক্ষেত্ৰত ভাৰত আজি শীৰ্ষ তিনিখন দেশৰ ভিতৰত আছে বুলিও কয় । এই চিন্তাধাৰাৰে দেশৰ প্ৰতিভাশালী যুৱকসকলৰ বাবে মহাকাশ, পাৰমাণৱিক শক্তি, ডিআৰডিঅ', কৃষিৰ দৰে কেবাটাও খণ্ডত সংস্থাপনৰ সুযোগ প্ৰদান কৰা হৈছে । আত্মনিৰ্ভৰশীল ভাৰত গঢ়িবলৈ দেশৰ যুৱসকলৰ ওপৰতে সম্পূৰ্ণ আস্থা । লগতে তেওঁ কয় যে আত্মবিশ্বাস তেতিয়াহে আহে যেতিয়া যুৱসকলৰ শিক্ষা আৰু জ্ঞানৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস থাকে ।

লগতে পঢ়ক:বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ কৰুণ পৰিণতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.