ETV Bharat / bharat

Karnataka new govt: নিৰ্বাচনৰ ফলাফলক লৈ কিয় সুখী নহয় কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ ?

author img

By

Published : May 21, 2023, 8:41 PM IST

আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কঁকালত টঙালী বান্ধিছে কৰ্ণাটক কংগ্ৰেছে ৷ এইবাৰৰ ফলাফলত সুখী নহয় বুলি মন্তব্য উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰৰ (Karnataka Deputy CM) ৷

Karnataka new govt
Karnataka new govt

নিউজ ডেস্ক, 21 মে’: শনিবাৰে শপত গ্ৰহণ কৰিলে কৰ্ণাটকৰ নতুন চৰকাৰে ৷ কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ সিদ্দৰামায়াৰ আৰু উপ-মুখ্যমন্ত্ৰী হিচাবে শপত গ্ৰহণ ডি কে শিৱকুমাৰৰ ৷ কিন্তু কৰ্ণাটকত কংগ্ৰেছৰ বিশাল জয়ৰ পাচতো সুখী নহয় উপ-মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ ৷ উপ-মুখ্যমন্ত্ৰী হিচাবে দায়িত্ব লোৱাৰ এদিন পাচতেই অৰ্থাৎ দেওবাৰে দলীয় নেতাসকলৰ আগত এই কথা প্ৰকাশ কৰে ডি কে শিৱকুমাৰে (Deputy CM DK Sivakumar)৷

তেওঁ কয়, ‘‘এই ফলাফলক লৈ মই সুখী নহয় ৷ এইবাৰ আমাৰ লক্ষ্য হ’ব আগন্তুক লোকসভা নিৰ্বাচন ৷’’ তেওঁ লগতে কয়, ‘‘আমি 135 খনতকৈ অধিক আসন লাভ কৰিলো ৷ কিন্তু মই সুখী হোৱা নাই ৷ গতিকে মোৰ গৃহলৈ বা সিদ্দাৰামায়াৰ গৃহলৈ অহাৰ কোনো প্ৰয়োজন নাই ৷ আমাৰ পৰৱৰ্তী লক্ষ্য হৈছে লোকসভা নিৰ্বাচন আৰু আমি অতি ভালকৈ যুঁজ দিব লাগিব (DK Sivakumar says not happy) ৷’’

ইফালে, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই (Karnataka CM Siddaramaiah) কয় যে কৰ্ণাটকত কোনো বিজেপিয়েই সন্ত্ৰাসবাদৰ ফলত প্ৰাণ হেৰুওৱা নাই কিন্তু তেওঁলোকে কেৱল অভিযোগ কৰে যে কংগ্ৰেছে সন্ত্ৰাসবাদক সমৰ্থন কৰে ৷

‘‘প্ৰধানমন্ত্ৰী মোডীয়ে সন্ত্ৰাসবাদৰ কথা কয়, সন্ত্ৰাসবাদৰ ফলত বিজেপিৰ কোনেও কেতিয়াও প্ৰাণ হেৰুৱাব লগা হোৱা নাই ৷ বিজেপিয়ে কৈ থাকে যে আমি সন্ত্ৰাসবাদক সমৰ্থন কৰোঁ কিন্তু ইন্দিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ দৰে বহুতো কংগ্ৰেছ নেতা সন্ত্ৰাসবাদীৰ আক্ৰমণত মৃত্যুবৰণ কৰিছিল ৷’’ লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে কয় (Siddaramaiah slams BJP) ৷

উল্লেখ্য যে শনিবাৰে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাবে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে সিদ্দাৰামায়াই ৷ শনিবাৰৰ শপত গ্ৰহণ অনুষ্ঠানত সিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰৰ সৈতে আন 8 গৰাকী বিধায়কেও শপত গ্ৰহণ কৰে ৷ দেওবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰামায়া আৰু ডি কে শিৱকুমাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ 32 তম মৃত্যু বাৰ্ষিকীত বেংগালুৰুৰ কংগ্ৰেছ কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে পঢ়ক: Junmoni Rabha mysterious death: লীনা দলে ব্যৰ্থ হ’ল! নৱনীত মহন্তই অপৰাধমুক্ত কৰিব পাৰিব নে কলঙৰ পাৰ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.