ETV Bharat / bharat

ঘন কুঁৱলীৰ বাবে দিল্লীত বহু বিমানৰ যাত্ৰাত বিলম্ব

author img

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 4:50 PM IST

Dense fog in Delhi: কুঁৱলীয়ে দিল্লীত অভাৱনীয় পৰিৱেশৰ সৃষ্টি কৰিছে । সাধাৰণ জীৱনযাত্ৰা ব্যাহত হৈ পৰিছে । বিমানৰ পথ সলনি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

Dense fog in Delhi
ঘন কুঁৱলীৰ বাবে দিল্লীত বহু বিমানৰ যাত্ৰাত বিলম্ব

নেশ্যনেল ডেস্ক,২৬ ডিচেম্বৰ : একেৰাহে দ্বিতীয় দিনাও দেশৰ ৰাজধানী দিল্লী ঘন কুঁৱলীৰ কৱলত পৰিছে । মঙলবাৰে পুৱাৰে পৰা বহুতো অঞ্চলত ঘন কুঁৱলী দেখা গৈছে । যাৰ ফলত দৃশ্যমানতা অতি কম হৈছে । বিশেষকৈ অধিক খালী অঞ্চলত ঘন কুঁৱলী দেখা গৈছে । ৰাজপথত ৫০ মিটাৰ পৰ্যন্ত একোৱে দেখা নোপোৱাৰ দৰে পৰিৱেশ হৈছে । পালমৰ দৃশ্যমানতা ১০০ মিটাৰ আৰু চফদৰজঙত ২০০ মিটাৰৰো অধিক আছিল । বিমান পৰিচালনাটো ঘন কুঁৱলীৰ প্ৰভাৱ পৰিছে । দিল্লীৰ ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰা মাৰিবলৈ নিৰ্ধাৰিত কেইবাখনো বিমান কম দৃশ্যমানতাৰ বাবে বিলম্ব হৈছে । দৃশ্যমানতা উন্নত নোহোৱালৈকে এনে পৰিস্থিতি অব্যাহত থাকিব ।

  • #WATCH दिल्ली: तापमान में गिरावट के कारण राजधानी में कोहरा छाया रहा। वीडियो गांधीनगर से है। pic.twitter.com/lWo46XIEnf

    — ANI_HindiNews (@AHindinews) December 26, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

একে সময়তে, সোমবাৰে কুঁৱলীৰ ফলত ১২৫ খন বিমান প্ৰভাৱিত হৈছে । তাৰ ভিতৰত আছে ১৫ খন আন্তঃৰাষ্ট্ৰীয় বিমান আৰু বাকীবোৰ দেশৰ অন্যান্য প্ৰান্তলৈ যাবলগীয়া বিমান অন্তৰ্ভুক্ত আছে । কুঁৱলীৰ বাবে বিমান চলাচল ২ ঘণ্টাৰ পৰা ৮ ঘণ্টালৈ বিলম্বিত হৈছে । পাটনালৈ যোৱা বিমানখন ৫ ঘণ্টা, আহমেদাবাদলৈ যাবলগীয়া বিমান ৮ ঘণ্টা, পুনেলৈ ৬ ঘণ্টা, জয়পুৰলৈ ৫ ঘণ্টা আৰু মুম্বাইলৈ যাবলগীয়া বিমান ৪ ঘণ্টা পলম হৈছে । নিশা প্ৰায় ১০:৪৫ বজালৈকে বিমানবন্দৰৰ ৰানৱেৰ দৃশ্যমানতা প্ৰায় ১৭৫ আছিল । দৃশ্যমানতা ক্ৰমান্বয়ে উন্নত হোৱাৰ লগে লগে বিমানৰ যাত্ৰা পুনৰ আৰম্ভ কৰা হয় ।

বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে কুঁৱলীৰ ব্যাপক প্ৰভাৱ ২৮ ডিচেম্বৰলৈকে দিল্লীত থাকিব । বতৰ বিজ্ঞান কেন্দ্ৰই এই সন্দৰ্ভত এক সতৰ্কবাণী জাৰি কৰিছে । কুঁৱলীৰ বাবে লোকসকলে পুৱা ৯ বজালৈ বাহনৰ লাইট জ্বলাইয়ে যাত্ৰা কৰিবলগীয়া হৈছে । বতৰ বিজ্ঞান কেন্দ্ৰই ৩০ ডিচেম্বৰৰ পৰা উত্তৰ-পূৰ্বাঞ্চলৰ বহুতো ৰাজ্য, তামিলনাডু, কেৰালা আৰু পুডুচেৰীত বৰষুণৰ আগজাননি দিছে । প্ৰতিকূল বতৰৰ বাবে দিল্লীকে ধৰি বহুতো ৰাজ্যত কুঁৱলীৰ প্ৰভাৱ দেখা যাব ।

লগতে পঢ়ক :ঘন কুঁৱলীৰ আচ্ছাদনত দিল্লী এনচিআৰ; শীত প্ৰৱাহে কপাঁইছে ৰাজধানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.